শেহতীয়াভাৱে মণিপুৰৰ মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হোৱা জনগোষ্ঠীয় সংঘাতৰ পাছত ব্যাপক হিংসাই ৰাজ্যখনক জোকাৰি গৈছে। মণিপুৰৰ দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰোৱাই যৌন নিৰ্যাতন চলোৱা এটা আমনিদায়ক ভিডিঅ’ই সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সৃষ্টি কৰিছে। এই পটভূমিতে মণিপুৰৰ সৈতে জড়িত বুলি বহুতো ফটো আৰু ভিডিঅ’ৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে। গেৰুৱা ৰঙৰ স্কাৰ্ফ পিন্ধা পুৰুষৰ দল এটাক খেদি খেদি আক্ৰমণ চলোৱা ভিডিঅ’ এটা মণিপুৰৰ বুলি দাবী কৰি ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে তেওঁলোক বিজেপি, আৰএছএছৰ লোক। তেওঁলোকক স্থানীয় ৰাইজে এইদৰে শাৰীৰিকভাৱে অপদস্থ কৰি খেদিছে। এজন ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল।

Archived Link

কিন্তু সঁচাকৈয়ে সেই ঘটনাটো মণিপুৰৰ হয়নে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল হোৱা ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চালোঁ। তাৰ ফলত আমি ৬ অক্টোবৰ, ২০১৭ তাৰিখে এনএমএফ নিউজে আপলোড কৰা ইউটিউব ভিডিঅ’ এটা পালোঁ। ভিডিঅ’টোৰ বৰ্ণনাত কোৱা হৈছে যে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ প্ৰাক্তন সভাপতি দিলীপ ঘোষক দাৰ্জিলিঙত শাৰীৰিকভাৱে অপমান কৰা বুলি অভিযোগ উঠিছে। দুয়োটা ভিডিঅ’ৰ তুলনা কৰি আমি দেখিলোঁ যে ইয়াৰ দ্বাৰা একেটা কাণ্ড দেখুওৱা হৈছে। ২০১৭ চনতে দাৰ্জিলিঙত এই ভিডিঅ’টো ৰেকৰ্ড কৰা হৈছিল।

অধিক অনুসন্ধানত আমি ৰিফাট জাৱাইদে নামৰ হেণ্ডেলটোৱে ৬, অক্টোবৰ ২০১৭ তাৰিখত কৰা এটা টুইট পালোঁ, য’ত ভাইৰেল ভিডিঅ’ৰ সৈতে মিল থকা ভিজুৱেল আছে। ভিডিঅ’টোৰ কেপচন দিয়া হৈছে “বিজেপিৰ বংগৰ মুৰব্বী দিলীপ ঘোষক দাৰ্জিলিঙত আক্ৰমণ কৰা হৈছিল। এই নেতাসকলক গোৰ্খাসকলৰ দ্বাৰা এনেদৰে নিৰ্দয়ভাৱে ঠেলি পেলাই দিয়া হৈছিল”

তদুপৰি ২০১৭ চনৰ ৬ অক্টোবৰৰ ABP Newsৰ বাতৰি অনুসৰি দিলীপ ঘোষক প্ৰতিবাদকাৰীয়ে দাৰ্জিলিঙত পিছে পিছে খেদি গৈছিল। প্ৰতিবাদকাৰীসকল আছিল বহিষ্কাৰ কৰা গোৰ্খা জনমুক্তি মৰ্চাৰ (জিজেএম) নেতা বিনয় তামাঙৰ সমৰ্থক ।

ইয়াৰ লগতে আমি ২০১৭ চনৰ ৬ অক্টোবৰত প্ৰকাশিত ইণ্ডিয়ান এক্সপ্ৰেছ(Indian Express)ৰ এক প্ৰতিবেদনো দেখা পালোঁ য’ত নিশ্চিত কৰা হৈছে যে তামাঙৰ সমৰ্থকসকলে দাৰ্জিলিঙত দিলীপ ঘোষক অপদস্থ কৰি পিছে পিছে খেদিছিল বুলি অভিযোগ উঠিছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত এইদৰেই নিশ্চিত হৈ পৰিল যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টোত মণিপুৰৰ লোকসকলে বিজেপিৰ নেতাসকলক আক্ৰমণ কৰা দেখা যোৱা নাই। এয়া ২০১৭ চনত দাৰ্জিলিঙত বিজেপি নেতা দিলীপ ঘোষৰ ওপৰত চলা আক্ৰমণৰ ভিডিঅ’হে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মণিপুৰত বিজেপি,আৰএছএছ নেতাক খেদি খেদি প্ৰহাৰ কৰা হৈছেনে? সত্যটো কি?

Written By: Pranjal Sharma

Result: Misleading