অষ্ট্ৰেলীয়াৰ সাগৰ তীৰত চন্দ্ৰযান-৩ৰ খহি পৰা অংশ উদ্ধাৰ হৈছে নেকি? সত্যটো কি?    

Partly-False Social

শেহতীয়াভাৱে চন্দ্ৰযান-৩এ উৎক্ষেপনৰ পৰায়ে বাতৰিৰ শিৰোনাম দখল কৰিছে। এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। ফটোখনত এটা ডাঙৰ তামৰঙী চিলিণ্ডাৰৰ দেখা গৈছে, যিটো অষ্ট্ৰেলিয়াৰ সাগৰ তীৰত উদ্ধাৰ হৈছে। এই ফটোখন শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে, “এইখন জুলাই মাহত ভাৰতে উৎক্ষেপণ কৰা চন্দ্ৰযান-৩ অভিযানৰ মহাকাশযানৰ এটা খণ্ড।” অসমৰ একাধিক ফেচবুক পেজৰ পৰা এই সম্পৰ্কে প্ৰতিবেদন প্ৰকাশ কৰি দাবী কৰা হৈছে যে এয়া চন্দ্ৰযান ৩ৰ অংশ। Current Trend Assam নামৰ সংবাদ প্ৰতিস্থানটোৰ ফেচবুক পেজৰ এটা বাতৰিত এই সম্পৰ্কে কোৱা হৈছে যে এয়া চন্দ্ৰযান-৩ৰ অংশ। 

Facebook LinkArchived Link

 তদুপৰি MH Live নামৰ ফেচবুক পেজটোৰ পৰাও দাবী কৰা হৈছে যে অষ্ট্ৰেলীয়াত চন্দ্ৰযান-৩ৰ অংশ উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ প্ৰতিবেদনত ৩মিনিটৰ পৰা প্ৰকাশ কৰা হৈছে যে অষ্ট্ৰেলীয়াত উদ্ধাৰ হোৱা অংশটো চন্দ্ৰযান-৩ৰ চিলিণ্ডাৰৰ অংশ বুলি সন্দেহ কৰা হৈছে। 

Facebook Link।  Archived Link

কিন্তু সঁচাকৈয়ে অষ্ট্ৰেলীয়াৰ সাগৰ তীৰত উদ্ধাৰ হোৱা সেই অংশ চন্দ্ৰযান-৩ৰ হয়নে? এয়া সত্যনে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধানত প্ৰথমে আমি গুগলত কী-ৱৰ্ড লৈ ছাৰ্চ কৰিলোঁ আৰু আমি ইণ্ডিয়া টুডেৰ দ্বাৰা ১৭ জুলাই ২০২৩ তাৰিখে প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদন মতে ই চন্দ্ৰযান-৩ কঢ়িয়াই নিয়া এল ভি এম-৩ৰ অন্যতম অংশ হ’ব পাৰে। অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাই ইয়াক নিশ্চিত কৰা নাই আৰু ভাৰতীয় মহাকাশ সংস্থাও এতিয়ালৈকে কোনো মন্তব্য কৰা নাই। তদুপৰি ই  ভাৰতৰ পৰা কৰা পুৰণি পিএছএলভি লঞ্চৰ অংশও হ’ব পাৰে। এইক্ষেত্ৰত কৰ্তৃপক্ষই কোনো সম্ভাৱনাকে নুই কৰা নাই আৰু লগতে ইয়াকো বিশ্বাস কৰে যে এই বস্তুটো সামৰিক বা অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাৰো হ’ব পাৰে।

তাৰোপৰি আমি অধিক বিচাৰোতে ২০২৩ চনৰ ১৭ জুলাইত প্ৰকাশিত মিণ্টৰ এক প্ৰতিবেদন পাইছিলোঁ, য’ত তেওঁলোকে লগতে কৈছিল যে বিমান বিশেষজ্ঞসকলে দাবী কৰিছে যে এই বস্তুটো সম্ভৱতঃ যোৱা ১২ মাহত ভাৰত মহাসাগৰত পৰি যোৱা মহাকাশ ৰকেটৰ ইন্ধনৰ টেংক।

লগতে অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাৰ পৰা ২০২৩ চনৰ ১৭ জুলাইত কৰা এটা টুইটো লাভ কৰিলোঁ। ইয়াত কোৱা হৈছে যে পশ্চিম অষ্ট্ৰেলিয়াৰ জুৰিয়ান বে’ৰ ওচৰৰ সাগৰ তীৰত উদ্ধাৰ হোৱা এটা বস্তুৰ সন্দৰ্ভত তেওঁলোকে অনুসন্ধান কৰি আছে।

তদুপৰি যোৱা ১৯ জুলাইত অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাই কৰা আন এটা টুইটত কোৱা হৈছে যে, “ আমি নিৰ্ণয় কৰিছো যে বস্তুটো সম্ভৱতঃ কঠিন ৰকেট মটৰৰ আৱৰণ। আমি আমাৰ বিশ্বব্যাপী থকা সমকক্ষ সংস্থাসমুহৰ সৈতে চলি থকা যোগাযোগৰ জৰিয়তে ৰকেটৰ প্ৰকাৰ আৰু ইয়াৰ উৎপত্তি চিনাক্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছো।”

ইয়াৰ উপৰিও ইছৰ’ৰ মুৰব্বী এছ.সোমনাথে বিবিচিক জনাইছে যে অষ্ট্ৰেলিয়াৰ সাগৰ তীৰত উদ্ধাৰ হোৱা বিশাল ধাতুৰ গম্বুজটো নিশ্চিতভাৱে ৰকেটৰ অংশ হ’ব পাৰে। কিন্তু সেয়া ভাৰতীয় হ’বও পাৰে অথবা নহ’বও পাৰে। এছ.সোমনাথে কয় যে “যেতিয়ালৈকে আমি ইয়াক বিশ্লেষণ নকৰোঁ তেতিয়ালৈকে আমি নিশ্চিত কৰিব নোৱাৰোঁ যে ই আমাৰ।”

লগতে বিবিচিৰ প্ৰতিবেদনত অধিক তথ্য দি কোৱা হৈছে, “কিছুমানে আনকি কৈছে যে যোৱা শুকুৰবাৰে হোৱা ভাৰতৰ শেহতীয়া চন্দ্ৰ অভিযানৰ অংশ ই হ’ব পাৰে, কিন্তু বিশেষজ্ঞসকলে ইয়াৰ বিস্তৃত নাভিৰ আৱৰণৰ প্ৰতি লক্ষ্য কৰি এই বস্তুটো কমেও কেইমাহমানৰ পৰা পানীত আছিল বুলি ধাৰণা কৰিছে।

চাইন্স এলাৰ্টৰ দ্বাৰা প্ৰচাৰিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে নতুন বিচ্ছুৰিত ধাতুৰ বস্তুটোৰ ওপৰত থকা বাৰ্নাকলবোৰ বিচাৰ কৰিলে দেখা যায় যে ই সাগৰত কেইবামাহতকৈও অধিক সময় ধৰি থকাৰ সম্ভাৱনা আছে ।

লগতে ইউৰোপীয় মহাকাশ সংস্থাৰ অভিযন্তা আন্দ্ৰেয়া বয়ডেও সেই কথা কোৱা বুলি জানিব পৰা গৈছে। তেওঁৰ সহযোগীসকলৰ মতে ভাৰত মহাসাগৰৰ পৰা পাৰলৈ উঠা বস্তুটো উপগ্ৰহ উৎক্ষেপণৰ সময়ত ভাৰতীয় ৰকেটৰ পৰা বাগৰি পৰিব পাৰে। আকৃতি আৰু আকাৰৰ ওপৰত ভিত্তি কৰি ই ভাৰতীয় ৰকেটৰ উচ্চ পৰ্যায়ৰ ইঞ্জিন যিটো বহু ভিন্ন অভিযানৰ বাবে ব্যৱহাৰ কৰা হয় বুলি আমি নিশ্চিত।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত Current Trend Assam আৰু MH Live নামৰ ফেচবুক পেজ দুটাই কৰা দাবীটো আংশিকভাৱে হে সত্য। মূল দাবীটো ভুল বুলি প্ৰমাণিত হৈছে। যিহেতু কৰ্তৃপক্ষই এতিয়াও অষ্ট্ৰেলিয়াৰ দূৰৱৰ্তী সাগৰ তীৰত উদ্ধাৰ হোৱা ৰহস্যজনক বস্তুটোৰ তদন্ত কৰি আছে, সেয়েহে বিশেষজ্ঞসকলৰ মতে ই চন্দ্ৰযান-৩ অভিযানৰ নহয়, পূৰ্বৰ পিএছএলভি উৎক্ষেপণৰ অংশও হ’ব পাৰে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অষ্ট্ৰেলীয়াৰ সাগৰ তীৰত চন্দ্ৰযান-৩ৰ খহি পৰা অংশ উদ্ধাৰ হৈছে নেকি? সত্যটো কি?

Written By: Pranjal Sharma 

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *