চুডানৰ একালৰ প্ৰতিৰক্ষামন্ত্ৰীৰ আজিৰ অৱস্থা এনেকুৱা অন্ন-বস্ত্ৰহীন হৈছেনে? সত্যটো কি?

False Social

শেহতীয়াভাৱে  অসমৰ ফেচবুকত দুখনমান ফটোৰে সৈতে এটা বাৰ্তা অতি বেছিকৈ ভাইৰেল হৈ পৰিছে। বিভিন্ন ফেচবুক ব্যৱহাৰকাৰীয়ে সেই ফটোদুখন চুডানৰ একালৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বুলি দাবী কৰি পোষ্ট কৰিছে। তেওঁলোকৰ মতে একালৰ চুডানৰ মহা প্ৰতাপী প্ৰতিৰক্ষা মন্ত্ৰী কৰ্ণেল ইব্ৰাহিম শ্বামশ্বাডাইনৰ বৰ্তমানৰ অৱস্থা অতিকৈ শোচনীয় তথা অন্ন-বস্ত্ৰহীন। ১৯৫৫চনত চুডানৰ প্ৰতিৰক্ষামন্ত্ৰী হৈ থকা ইব্ৰাহিম শ্বামশ্বাডাইনে একালত ক্ষমতাৰ অপব্যৱহাৰ কৰি অত্যাচাৰী হৈ পৰা বুলি প্ৰকাৰন্তৰে দাবী কৰি বৰ্তমান তেওঁৰ অৱস্থা অতি দুখলগা বুলি দেখুৱাই আন এখন ফটো সংলগ্ন কৰা হৈছে। পোষ্টবোৰত ইব্ৰাহিম শ্বামশ্বাডাইনৰ মন্ত্ৰী হৈ থকা সময়ৰ ফটো এখন আৰু আন এগৰাকী শীৰ্ণকায়,ভগ্নস্বাস্থ্যৰ, অন্ন-বস্ত্ৰহীন লোকৰ এখন বা দুখন ফটো সংলগ্ন কৰা হৈছে। দাবী কৰা হৈছে যে ইব্ৰাহিম শ্বামশ্বাডাইনৰ বৰ্তমানৰ অৱস্থা এনেকুৱা।

 Sekh Abdul Hamid নামৰ ফেচবুক ব্যৱহাৰকাৰী এজনে নিজৰ পোষ্টত তেনেকুৱা দাবী কৰা আমি দেখা পাইছোঁ। 

 Facebook LinkArchived Link

 তদুপৰি Moinul Hoque নামৰ ফেচবুক ব্যৱহাকাৰীজনেও তেওঁৰ ফেচবুকত এই একেধৰণৰ পোষ্টেই কৰি দাবী কৰিছে যে পোষ্টটোত দেখা শীৰ্ণকায়, অশীতিপৰ বৃদ্ধজন একালৰ চুডানৰ প্ৰতিৰক্ষা মন্ত্ৰী ইব্ৰাহিম শ্বামশ্বাডাইন। 

Facebook LinkArchived Link

আনফালে Pranab Bora আন এজন ফেচবুক ব্যৱহাৰকাৰীয়েও এইধৰণৰ পোষ্ট এটা দিয়া আমি দেখিলোঁ। তেওঁৰো দাবী যে একালৰ চুডানৰ প্ৰতিৰক্ষা মন্ত্ৰী ইব্ৰাহিম শ্বামশ্বাডাইনৰ বৰ্তমানৰ অৱস্থা শোচনীয়। সেই দাবীৰে তেওঁৱো সেই ফটোখন পোষ্ট কৰিছে।  

Facebook LinkArchived Link

 কিন্তু সঁচাকৈয়ে অস্থিচৰ্মসাৰ,শীৰ্ণকায় সেই মানুহজন চুডানৰ একালৰ প্ৰতিৰক্ষা মন্ত্ৰী হয়নে? এয়া সত্যনে? 

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  

সত্যতা নিৰূপণ পদ্ধতি

আমি আমাৰ অনুসন্ধানৰ আৰম্ভনীতে ওপৰোক্ত ফেচবুক পোষ্টত শ্বেয়াৰ কৰা ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি প্ৰথমে এটা টুইট লিংক পালোঁ। ২০১৯চনৰ ১৯ মাৰ্চত ৰাতিপুৱা ৪বাজি ৫৮ মিনিটত Roncliffe Odit নামৰ টুইটাৰ হেণ্ডেলটোৰ পৰা কৰা এটা টুইটত সেই ব্যক্তিজনৰ কেইখনমান ফটো সংলগ্ন কৰা দেখা পালোঁ। টুইটটোৰ মতে সেয়া সেই সময়ত কেনিয়াত হোৱা দুৰ্ভিক্ষৰ সময়ৰ ফটো। অন্নৰ অভাৱত কেনিয়াত কিছুসংখ্যক লোকৰ তেনেকুৱা অৱস্থা হৈছিল। সেই কথাকে প্ৰতিপন্ন কৰি টুইটটোত সেই ফটোকেইখন সংলগ্ন কৰা হৈছিল।  

তদুপৰি আমি চুডানৰ একালৰ প্ৰতিৰক্ষামন্ত্ৰী সমন্বিতে আন কেইবাজনো সামৰিক বিষয়াৰ বিমান দুৰ্ঘটনাত মৃত্যু ঘটাৰ বাতৰি এটা লাভ কৰিলোঁ। UPI নামৰ এক সংবাদ সংস্থাই ২০০১ চনৰ ৪ এপ্ৰিলত প্ৰকাশ কৰা বাতৰি অনুসৰি সেই দুৰ্ঘটনাত ইব্ৰাহিম শ্বামশ্বাডাইনৰো মৃত্যু ঘটিছে। 

সেই বাতৰিটো আপোনালোকে ইয়াত পঢ়িবলৈ পাব। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত এইদৰেই নিশ্চিত হৈ পৰিল যে ফেচবুক পোষ্টকেইটাত কৰা দাবীটো মিছা। ফটোদুখন একেজন মানুহৰ নহয়। অস্থিচৰ্মসাৰ যিজন লোকৰ ফটো দেখুওৱা হৈছে সেইজন লোক চুডানৰ একালৰ প্ৰতিৰক্ষা মন্ত্ৰী কৰ্ণেল ইব্ৰাহিম নহয়। সেই লোকজন ২০২৯চনত কেনিয়াত হোৱা প্ৰচণ্ড দুৰ্ভিক্ষত পীড়িত কোনো লোক। আনফালে কৰ্ণেল ইব্ৰাহিমৰ মৃত্যু ২০২১চনতেই এক বিমান দুৰ্ঘটনাত ঘটিছে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:চুডানৰ একালৰ প্ৰতিৰক্ষামন্ত্ৰীৰ আজিৰ অৱস্থা এনেকুৱা অন্ন-বস্ত্ৰহীন হৈছেনে? সত্যটো কি?

Written By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *