অতি শেহতীয়াভাৱে ফেচবুক এটা পোষ্টত ড্ৰাগছ সৰবৰাহৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুগৰাকী মহিলাৰ ফটো শ্বেয়াৰ কৰা হৈছে। পোষ্টটোত এই মহিলাদুগৰাকীক মণিপুৰৰ কুকি জনগোষ্ঠীৰ বুলি দাবী কৰা হৈছিল। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি থকা উত্তেজনাৰ পৰিবেশৰ মাজতে প্ৰচাৰিত এই পোষ্টটোত মেইটেই ভাষাত এটা কেপচন দিয়া হৈছিল।

Facebook LinkArchived Link

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আমি তদন্ত কৰি দেখিলো যে ফটোত দেখা মহিলা দুগৰাকী কুকি নহয়। এই ঘটনাৰ সম্পূৰ্ণ সবিশেষ জানি লওঁ আহক।

সত্যতা নিৰূপণ পদ্ধতি

আমি ফটোখন ওপৰত গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু ইণ্ডিয়া টুডে এন ইৰ এটা লেখা লাভ কৰিলোঁ। লেখাটোত উল্লেখ কৰা মতে, ফটোত থকা মহিলা দুগৰাকী মিজোৰামৰ আইজলৰ বাসিন্দা আছিল। যোৱা ফেব্ৰুৱাৰী মাহত চাবোনৰ বাকচত লুকুৱাই অনা হেৰ’ইনখিনি অইন ৰাজ্যলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যেৰে অসমলৈ আনিবলৈ চেষ্টা কৰি থকা অৱস্থাত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুয়োকে। জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য ৩ কোটি ৫০ লাখ টকা বুলি অনুমান কৰা হৈছে।

India Today NEৰ সেই বাতৰিটো সম্পূৰ্ণকৈ ইয়াত পঢ়িব পাৰিব। Archived Link

লেখাটোত উল্লেখ কৰা হৈছে যে আৰক্ষীয়ে লাভ কৰা ইনপুটৰ ভিত্তিত কাছাৰ সদৰৰ অ’ চি অমৃত কুমাৰ সিঙে ৰঙাৰখাৰি টিওপি দলৰ সৈতে আৰম্ভ কৰা এক অনুসন্ধান অভিযানত মহিলাকেইগৰাকী ধৰা পৰে। সেয়েহে অধিক স্পষ্টতাৰ বাবে আমি অ’চি অমৃত কুমাৰ সিঙৰ সৈতে কথা পাতিলোঁ৷ তেওঁ আমাক ক’লে যে, “এই ঘটনাটো শেহতীয়া নহয়। ফেব্ৰুৱাৰী মাহত এই ঘটনা ঘটিছিল ঘটনাটো। হেৰ’ইনৰ সৈতে ধৰা পৰা মহিলা দুগৰাকী কুকি কমিউনিটিৰ নহয়। অসমলৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা কৰা মহিলাদুগৰাকী মিজো মহিলাহে আছিল।”

মেইটেই-কুকি সংঘাত

মণিপুৰ এখন বৈচিত্ৰময় ৰাজ্য, ইয়াত মেইটেই, কুকি/জো, আৰু নগা আদি বিভিন্ন জনগোষ্ঠীক সামৰি এখন সমাজ আছে। ভৌগোলিকভাৱে মণিপুৰ পাহাৰ আৰু উপত্যকাত বিভক্ত। সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায় প্ৰধানকৈ উপত্যকাত বাস কৰে, আনহাতে কুকিৰ দৰে আন জনগোষ্ঠীয়ে মূলতঃ পাহাৰত বাস কৰে। ম্যানমাৰৰ পৰা ইংৰাজে মণিপুৰৰ পাহাৰলৈ কুকি জনগোষ্ঠীক আনি কাংগলেইপাক ৰাজ্য (মেইইটেই সম্প্ৰদায়ৰ এখন ৰাজ্য যি ব্ৰিটিছৰ ৰক্ষিত ৰাজ্য আছিল) আৰু আক্ৰমণকাৰী নগাসকলৰ মাজত বাফাৰ ৰাজ্য সৃষ্টি কৰিছিল। কংগলেইপাক ৰাজ্যৰ মহাৰাজে তলৰ ইম্ফল উপত্যকা ৰক্ষাৰ বাবে হিংস্ৰ যোদ্ধা কুকি জনগোষ্ঠীক শিখৰৰ কাষেৰে মাটি দিছিল।

কিন্তু স্বাধীনতাৰ পাছত হোৱা নগা বিদ্ৰোহৰ পাছত জাতিগত সংঘৰ্ষৰ সূচনা হয়। ১৯৯০ চনত নগা আন্দোলনৰ প্ৰতিক্ৰিয়া স্বৰূপে কুকিসকলে মিলিচীয়া গঠন কৰি ভাৰতৰ ভিতৰত ‘কুকিলেণ্ড’ নামৰ নিজা ৰাজ্যৰ দাবী কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত বিভাজনৰ সৃষ্টি হয়।

শেহতীয়াভাৱে চুৰাচান্দপুৰৰ টৰবুং অঞ্চলত আমি প্ৰত্যক্ষ কৰা হিংসাত্মক পৰিস্থিতিৰ পাছত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ এটা দলে মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতি (এছটি) শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ এক দাবীৰ প্ৰতিবাদত সমদল উলিয়াইছিল। এই দুটা সম্প্ৰদায়ৰ মাজৰ সংঘাতৰ বিষয়ে অধিক সবিস্তাৰ তথ্যৰ বাবে আপুনি ইকনমিক টাইমছে প্ৰকাশ কৰা এই লেখাটো চাব পাৰে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে অসমত ড্ৰাগছ সৰবৰাহৰ অপৰাধত দুগৰাকী কুকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰা ফেচবুক পোষ্টটো মিছা। আমাৰ তদন্তত প্ৰকাশ পাইছে যে অসমলৈ ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত আটক কৰা মহিলা দুগৰাকী কুকি নহয়, মিজো হে আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈ ড্ৰাগছ কঢ়িয়াই গ্ৰেপ্তাৰ হোৱা এই দুগৰাকী মহিলা কুকী সম্প্ৰদায়ৰ নেকি? সত্যটো জানক।

Written By: Pranjal Sharma

Result: False