শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন গাড়ীৰ ফটো ভাইৰেল হৈ পৰিছে, য’ত গাড়ীখনৰ নাম ৰাম(RAM) বুলি লিখা আছে। এটা আমেৰিকান কোম্পানীয়ে এখন গাড়ী নিৰ্মাণ কৰি ভগবান শ্ৰী ৰামৰ নামেৰে ৰাম নাম দিয়া বুলি ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে।

ছবিখন শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে, “ঈশ্বৰৰ মহিমা চাওক। আমেৰিকাই এখন নতুন গাড়ী মুকলি কৰি নাম ৰাখিছে ৰাম। জয় শ্ৰী ৰাম”

Facebook LinkArchived Link

কিন্তু সঁচাকৈয়ে দাবী কৰা ধৰণে গাড়ীখনৰ নাম ৰাম হয়নে? এয়া সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমাৰ অনুসন্ধানৰ আৰম্ভনীতে আমি প্ৰাসংগিক কিছু কী-ৱৰ্ড লৈ গুগল ছাৰ্চ কৰি চালোঁ আৰু জানিব পৰিলোঁ যে একেখন গাড়ীৰ বিষয়ে কিছু তথ্য মিৰাকল নামৰ এটা ৱেবছাইটতো প্ৰকাশ পাইছিল। সেই তথ্য অনুসৰি এইধৰণ গাড়ীসমূহ নিৰ্মাণ কৰা কোম্পানীটোৰ নাম হৈছে ৰেম(RAM)। এইটো এটা পুৰণি কোম্পানী যিয়ে ১৯৮১-১৯৯৩ চনলৈকে ডজ(Dodge) নামৰ কোম্পানীটোৰ সহযোগত গাড়ী নিৰ্মাণ কৰিছিল। প্ৰথম অৱস্থাত ইয়াক ডজ ৰেম(Dodge Ram) নামেৰে জনা গৈছিল। ১৯১৭ চনৰ পৰা এই ডজ(Dodge ) নামৰ কোম্পানীটোৱে ট্ৰাক নিৰ্মান কৰি আহিছে।

১৯৮১ চনত কোম্পানীটোৱে সিদ্ধান্ত লয় যে তেওঁলোকৰ গাড়ীৰ ল’গ’ হ’ব এটা ৰেম(RAM)ৰ অৰ্থাৎ মতা ভেড়াৰ মূৰ। ইয়াৰ পিছত তেওঁলোকে ভেড়াৰ মূৰটো বাহনবোৰত লগাবলৈ ধৰিলে। ইয়াৰ উদাহৰণ তলত চাব পাৰিব।

তলত আপুনি ৰেম(RAM) অৰ্থাৎ মতা ভেড়াৰ মূৰ আৰু গাড়ীৰ ল’গ’ৰ মাজত থকা সাদৃশ্য চাব পাৰিব।

আন এটা ৱেবছাইট AUTOINFLUENCEৰ মতে, ডজ(DODGE) নামৰ কোম্পানীটোৱে ১৯৩৩ চনৰ পৰাই নিজৰ গাড়ীত ৰেমৰ মূৰৰ ল’গ’ ব্যৱহাৰ কৰি আহিছে। এই বাহনসমূহ বেছিভাগেই পাম বা তৈলখাদত কাম কৰা কঠোৰ পৰিশ্ৰমীসকলৰ বাবে নিৰ্মান কৰা হৈছিল। সেইবাবেই এটা ৰেমৰ মূৰৰ ডিজাইন ল’গ’ হিচাপে ব্যৱহাৰ কৰা হৈছিল, যিয়ে বাহনসমূহ নিৰ্মাণৰ ক্ষেত্ৰত অধিক শক্তিশালী বুলি প্ৰতীকী অৰ্থত প্ৰকাশ কৰিছিল।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে ৰেম(RAM) নামৰ গাড়ীবোৰ নতুনকৈ মুকলি কৰা হোৱা নাই। এই কোম্পানীটোৱে ১৯৮১ চনৰ পৰাই বাহন নিৰ্মাণ কৰি আহিছে।গাড়ীখনৰ শক্তি আৰু শক্তিৰ প্ৰতীক হিচাপে ৰেম (মতা ভেড়া) নামেৰে গাড়ীখনৰ নামকৰণ কৰা হৈছিল। এই গাড়ীখনৰ নামৰ লগত ভগৱান শ্ৰীৰামৰ নামৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আমেৰিকাৰ এটা কোম্পানীয়ে ভগবান শ্ৰীৰামৰ নামত গাড়ী নিৰ্মান কৰিছেনে? সত্যটো কি?

Written By: Pranjal Sharma

Result: Misleading