অতি শেহতীয়াভাৱে আমাৰ অসমৰ হোৱাটছএপত এটা লিংক বাৰুকৈয়ে ভাইৰেল হোৱা দেখা গৈছে। লিংকটোত কোৱা হৈছে যে অগ্ৰনী বিমান সেৱা এয়াৰ ইণ্ডিয়াই এই গ্ৰীষ্মকালত দুজনৰ বাবে বিনামূলীয়া সেৱা প্ৰদান কৰিছে। লিংকটোত লিখা হৈছে যে ব্যৱহাৰকাৰী গৰাকীয়ে দুজনৰ বাবে বিমান সেৱা জয়ী হৈছে অৰ্থাত লাভ কৰিছে। বিভিন্নজনৰ হোৱাটছএপত এই লিংকটো ফৰৱাৰ্ড কৰা দেখা গৈছে। আনকি আমালৈয়ো অনুৰূপ মেছেজ আহিছে সেই লিংকটোৰে সৈতে।

Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি লিংকটোত ক্লিক কৰি চালোঁ। একাধিকবাৰ ক্লিক কৰাৰ পাছতো আমি তাত বিশেষ একো তথ্য লাভ নকৰিলোঁ। বাবে ‘এৰৰ মেছেজ’ হে আহিল।

ইয়াৰ পাছত আমি এয়াৰ ইণ্ডিয়াৰ আনুষ্ঠানিক ৱেবচাইটটো পৰীক্ষা কৰিলোঁ। কিন্তু তাত এইধৰণৰ কোনো বিশেষ অফাৰ দিয়া দেখা নাপালোঁ।

তাৰ পাছত আমি এয়াৰ ইণ্ডিয়াৰ চ’ছিয়েল মিডিয়া একাউণ্ট আৰু হেণ্ডেলসমুহ পৰীক্ষা কৰিলোঁ। এয়াৰ ইণ্ডিয়াৰ ফেচবুক পেজটোত আমি তেনেকুৱা একো সুবিধা অথবা প্ৰতিযোগীতাৰ তথ্য লাভ নকৰিলোঁ

এয়াৰ ইণ্ডিয়াৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলটোতো তেনেকুৱা একো নাপালোঁ।

কেৱল ইমানেই নহয়। এয়াৰ ইণ্ডিয়াৰ ইনষ্টাগ্ৰাম একাউণ্টটোতো তেনেকুৱা কোনো ধৰণৰ অফাৰৰ কথা উল্লেখ নাই।

এইখিনিতে প্ৰনিধানযোগ্য যে ইতিপূৰ্বেও এইধৰণৰ বিভিন্ন কোম্পানীৰ অফাৰ দিয়া বুলি প্ৰচাৰ হোৱা বিভিন্ন লিংকৰ সত্যতা নিৰূপণ আমি ফেক্ট ক্ৰেছেণ্ডোৱে কৰি থৈছোঁ।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে এয়াৰ ইণ্ডিয়া দুজনৰ বাবে বিনামূলীয়া সেৱা প্ৰদান কৰা বুলি ভাইৰেল কৰা লিংকটো ভুৱা। এয়া সত্য নহয়। প্ৰকৃততে এয়াৰ ইণ্ডিয়াই সম্প্ৰতি তেনেকুৱা কোনোধৰণৰ সেৱা গ্ৰাহকক প্ৰদান কৰা নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এয়াৰ ইণ্ডিয়াই দুজন যাত্ৰীৰ বাবে গ্ৰীষ্মকালীন বিনামূলীয়া বিমান সেৱা দিছে নেকি সঁচাকৈ?

Written By: Pranjal Sharma

Result: False