
অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰিস্থিতি বৰ্তমানো উত্তপ্ত আৰু অশান্ত। মূলতঃ জনজাতিকৰণক কেন্দ্ৰ কৰি প্ৰায় ডেৰ মাহ আগতেই আৰম্ভ হোৱা গোষ্ঠীসংঘৰ্ষৰ অৱসান এতিয়াও ঘটা নাই। নিতৌ নতুন হিংসাত্মক ঘটনাৰ খবৰ লাভ কৰি থকা হৈছে। কুকী আৰু মেইটেই জনগোষ্ঠীৰ মাজৰ এই সংঘৰ্ষই কেতিয়া এক সমাধানৰ পথ দেখিব, সেই কথা এই মুহুৰ্ততে ক’ব পৰা হোৱা নাই। তেনে এক অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে মণিপুৰৰ পৰিবেশক কেন্দ্ৰ কৰি বহুতো ভুৱা খবৰ, বিভ্ৰান্তিকৰ খবৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈ আছে। তেনেকুৱা বহুত মিছা খবৰৰ সত্যতা নিৰূপণ কৰি আমি ফেক্ট ক্ৰেছেণ্ডোৱে প্ৰকৃত সত্য পোহৰলৈ আনিছোঁ ।
১৯ জুন ২০২৩ সোমবাৰে ৰাতিপুৱাৰে পৰা অসমৰ হোৱাটছএপত এখন ফটো ভাইৰলে হৈ পৰিছে।

অসমৰ আগশাৰীৰ বাতৰি কাকত ‘আমাৰ অসম’ৰ ১৯ জুনৰ সংস্কৰণৰ প্ৰথম পৃষ্ঠাৰ এটা বাতৰিৰ কিয়দংশৰ ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। ‘আমাৰ অসম’ৰ সেই বাতৰিটোত হেডলাইন লিখা হৈছে এইদৰে, “মণিপুৰ চাৰখাৰ! ৰাজপথত কিশোৰীক গুলীয়াই হত্যা”। বাতৰিটোৰ লগত এখন ফটো সংলগ্ন কৰা হৈছে। য’ত সামৰিক পোচাক পৰিহিত এগৰাকী পুৰুষ আৰু আঘাতপ্ৰাপ্ত এগৰাকী কিশোৰীক দেখা গৈছে। ফটোখনত কেপছন লিখা হৈছে, “নৃশংস, ৰাজপথতে শূন্য দূৰত্বত কিশোৰীক গুলীয়াই হত্যা।”

বাতৰিটোৰ আঁত ধৰি আমি বিভিন্ন চ’ছিয়েল মিডিয়া প্লেটফৰ্মত অনুসন্ধান আৰম্ভ কৰোঁতে টুইটাৰত এটা পোষ্ট পালোঁ। ১৯ জুন ২০২৩ সোমাবাৰেই ৰাতিপুৱা ১০ বাজি ১২ মিনিটত ছাবা খান নামৰ হেণ্ডেলটোৰ পৰা পোষ্ট কৰা টুইটটোত সেই ফটোখনৰ মূল ভিডিঅ’টো আপলোড কৰি দাবী কৰা হৈছে যে বিগত ৪৬দিনতকৈয়ো অধিক সময় উত্তপ্ত হৈ থকা মণিপুৰত অস্ত্ৰধাৰী মেইটেই লোকে এগৰাকী কুকী যুৱতীক ৰাজপথত অত্যাচাৰ কৰি অৱশেষত গুলীয়াই হত্যা কৰে।
কিন্তু বাতৰিটো সত্যনে? আৰু প্ৰচাৰ কৰা ফটোখন মণিপুৰৰ শেহতীয়া ঘটনাৰ ফটো হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমাৰ অনুসন্ধান আৰম্ভ হৈছিল সেই নিৰ্দিষ্ট ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চেৰে। সেই অনুসন্ধানত আমি কেইটামান বাতৰিৰ লিংক লাভ কৰিলোঁ। সেই বাতৰিৰ প্ৰতিবেদনসমুহত সেই নিৰ্দিষ্ট ফটোখন সংলগ্ন কৰা আমি দেখিলোঁ। ‘বাৰ্মা নিউজ ইণ্টাৰনেছনেলে’(Burma News International) ২০২২ চনৰ ৯ ডিচেম্বৰত প্ৰকাশ কৰা NLD investigating execution of alleged junta informer in Sagaing’s Tamu Township শীৰ্ষক বাতৰিটোৰ মতে “The National Unity Government (NUG) অৰ্থাত ৰাষ্ট্ৰীয় ঐক্য চৰকাৰে ঘোষণা কৰিছে যে যদিহে জন প্ৰতিৰক্ষা বাহিনী (পিডিএফ)ৰ সদস্যসকল ছাগাইং অঞ্চলৰ টামু টাউনশ্বিপত এগৰাকী মহিলাক হত্যা কৰাৰ অপৰাধত দোষী বুলি প্ৰমানিত হয়, তেনেহ’লে আইন অনুসৰি কঠোৰ শাস্তি প্ৰদান কৰা হ’ব। ৰাজপথত এগৰাকী যুৱতীক মাৰপিট কৰি গুলীয়াই হত্যা কৰাৰ পূৰ্বে সামৰিক তথ্যদাতা বুলি স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱা এটা ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ পৰিছে। ৩ মিনিট ৩২ ছেকেণ্ডৰ এই ভিডিঅ’টো ৩ ডিচেম্বৰত পোহৰলৈ আহিছিল।” অৰ্থাত সেই ঘটনাটো ২০২২ চনৰ ডিচেম্বৰ মাহৰে।

‘বাৰ্মা নিউজ ইণ্টাৰনেছনেল’ৰ সেই বাতৰিটো আপোনালোকে ইয়াত পঢ়িব পাৰিব।
তদুপৰি ‘মিজিমা’(Mizzima) নামৰ সংবাদ প্ৰতিস্থানটোৱেও সেই একেখন ফটোকে অনুৰূপ এটা বাতৰিৰ প্ৰতিবেদনৰ সৈতে প্ৰচাৰ কৰিছিল ২০২২ চনৰে ৮ ডিচেম্বৰত। টামুৰ স্থানীয় বাসিন্দাসকলে জনোৱা মতে, ভিডিঅ’টোত দেখা মহিলাগৰাকী হৈছে আয়ে মাৰ টুন নামৰ এগৰাকী ২৪ বছৰীয়া শিক্ষয়িত্ৰী, যিয়ে সেই অসামৰিক প্ৰতিৰক্ষা আন্দোলনত অংশগ্ৰহণ কৰা নাছিল। তেওঁলোকে কয় যে জুন মাহত জুন্টাক তথ্য দিয়াৰ অভিযোগত তেওঁক হত্যা কৰা হৈছিল যাৰ ফলত স্থানীয় পিডিএফৰ সদস্যক গ্ৰেপ্তাৰ কৰাও হৈছিল।

মিজিমাৰ সেই বাতৰিটো আপোনালোকে ইয়াত পঢ়িব পাৰিব।
তদুপৰি একেখিনি কথাকে উল্লেখ কৰি বাৰ্মা নিউজ ইণ্টাৰনেছনেলে ফটোখন আপলোড কৰি পোষ্ট কৰা এটা ফেচবুক পোষ্টো আমি লাভ কৰিলোঁ।
এই সমস্ত তথ্যৰ পৰা আমি এটা সিদ্ধান্তত উপনীত হ’লোঁ যে হোৱাটছএপত ‘আমাৰ অসম’ কাকতখনৰ বাতৰিটোৰে সৈতে প্ৰচাৰ হোৱা ফটোখন তথা টুইটাৰত ভাইৰেল হৈ পৰা ফটোখনৰ মূল ভিডিঅ’টোও মণিপুৰৰ শেহতীয়া সংঘৰ্ষৰ নহয়। দাবী কৰা অনুসৰি এয়া মেইটেই লোকে কুকী যুৱতীক ৰাজপথত শূন্য দূৰত্বৰ পৰা গুলীওৱা ফটো বা ভিডিঅ’ নহয়। বৰঞ্চ এয়া ২০২২ চনৰ ডিচেম্বৰ মাহত ম্যানমাৰত সংঘটিত হোৱা এট ঘটনাৰ ফটো আৰু ভিডিঅ’হে। ম্যানমাৰত টামু নগৰত এগৰাকী শিক্ষয়িত্ৰীক জুন্টাক খবৰ দিয়াৰ অপৰাধত পিডিএফৰ সদস্যই হত্যা কৰিছিল। সেই ঘটনাটোৰ ফটো আৰু ভিডিঅ’কে মণিপুৰৰ শেহতীয়া ফটো বুলি ভাইৰেল কৰা হৈছে।
১৯ জুন ২০২৩ত আমাৰ অসম কাকতৰ প্ৰথম পৃষ্ঠাতে প্ৰকাশিত সেই ‘ম্যানমাৰ চাৰখাৰ…’ শীৰ্ষক বাতৰিটোত ফটোখন ভুলকৈ সংলগ্ন হোৱা বুলি স্বীকাৰ কৰি নিজৰ ফেচবুক একাউণ্টযোগে পাঠকৰ ওচৰত ক্ষমা বিচাৰি ১৯ জুন তাৰিখে এটা পোষ্ট দিয়ে কাকতখনৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে। তেওঁ উল্লেখ কৰে যে এক স্পষ্টীকৰণ কাকতখনৰ পৰৱৰ্তী সংস্কৰণত প্ৰকাশ কৰা হ’ব।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ‘আমাৰ অসম’ কাকতত প্ৰকাশিত ফটোখন মণিপুৰৰ ফটো নহয়। তদুপৰি টুইটাৰত পোষ্ট কৰা ভিডিঅ’টোও মনিপুৰৰ নহয়। সেই ভিডিঅ আৰু ফটো ম্যানমাৰৰ। ২০২২ চনত ম্যানমাৰত সংঘটিত এটা ঘটনাৰ ফটো আৰু ভিডিঅ’কে মণিপুৰৰ শেহতীয়া ফটো বা ভিডিঅ’ বুলি ভাইৰেল কৰা হৈছে। প্ৰকৃততে সেই ফটোৰ মণিপুৰৰ সৈতে কোনো সম্পৰ্কয়ে নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ম্যানমাৰৰ পুৰণি ফটো মণিপুৰৰ বুলি ‘আমাৰ অসম’ কাকতত প্ৰকাশ। চ’ছিয়েল মিডিয়াত ভাইৰেল বাতৰি।
Written By: Pranjal SharmaResult: False
