শেহতীয়াভাবে অসমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত দেখা গৈছে যে ৰাহুল গান্ধীৰ সমুখত হাতজোৰ কৰি নতশীৰ হৈ থিয় হৈ আছে উদ্ধৱ থাকৰে। দাবী কৰা হৈছে যে উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ ওচৰত শৰণাপন্ন হৈছে।

আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈও এগৰাকী ব্যৱহাৰকাৰীয়ে সেই চিঠিখন প্ৰেৰণ কৰি একেই দাবী উত্থাপন কৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfvuUINwjK2BDKCngFLYJ1yRf3998s233zjXPPWqP7UEBjlVJJ7-6XwGGM_qivYCUJXsvj8lFAnw2IxAms39VguCLt5sJ94FWGx9ETAT4goyA3p17b3U9BeZ6u6vN7H3Gf8D91A_g9bCG_ow-PbgzGM4wBQ?key=p4LVf7vqQ_vnNKD5Gn50vA

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ ফলত ২০২৪ চনৰ ৭ আগষ্টত সংবাদ প্ৰতিস্থান ‘আইএএনএছ’ৰ টুইটত আমি মূল ফটোখন পালোঁ। এই ফটোখনত উদ্ধৱ থাকৰে ৰাহুল গান্ধীৰ সমান্তৰালভাৱে থিয় হৈ তেওঁক এটি ফুলৰ থোপা উপহাৰ দিয়া দেখা গৈছে।

তথ্য অনুসৰি যোৱা ৭ আগষ্টত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ ঘৰত ৰাহুল গান্ধীৰ সৈতে উদ্ধৱ থাকৰেৰ এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত উদ্ধৱৰ পুত্ৰ আদিত্য থাকৰে, কংগ্ৰেছ নেতা তথা সাংসদ কে চি ভেনুগোপাল আৰু শিৱসেনাৰ নেতা সঞ্জয় ৰাউতো উপস্থিত আছিল।

এই ফটোখনৰ লগতে টুইটটোত দেখা গৈছে সেই বৈঠকৰ আৰু বহু কেইখন ফটো।

কংগ্ৰেছৰ অফিচিয়েল ৱেবছাইটতো ফটোসমূহ পোৱা গৈছে। সেই ফটোখনো আন ফটোৰ সৈতে ৭ আগষ্টত শ্বেয়াৰ কৰা হৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcG5m2fLLwx-VAYk_mwhADGPKUfXVtVrqQBq69JVQpyNCXl2mHY2lN6Od09FXQpXvrKhQ--cpokbyyRpf45VR2406smJHtSVdrk0qJSfKVeW4wnmnAG6MD_jbhsQqAWxHnIjLWSHNgeVkXrZ6_O7t7sZkk?key=p4LVf7vqQ_vnNKD5Gn50vA
https://lh7-rt.googleusercontent.com/docsz/AD_4nXegB-QJ_t10WAZZXcHNjen9iYdaVKgSURyG0pCBgQjmC1wXqkLZXMQJ0qXUJgTSH82g3F1K84fLnAZJtmDZ7-xTAOaa7reVoRuFbNqcbVQHG1AQcO9kv_cVFh_hNivwDZ6F7P90GI5MD4afeLQJRlc3Quc?key=p4LVf7vqQ_vnNKD5Gn50vA

ইয়াৰ পাছত আমি ভাইৰেল হোৱা ফটোখন আৰু আমি পোৱা ফটোখন বিশ্লেষণ কৰিলোঁ। য’ত আমি দেখিলোঁ যে ফটোখনৰ সলনি কৰা হৈছে যাতে ৰাহুল গান্ধীৰ সন্মুখত উদ্ধৱ থাকৰে প্ৰণাম কৰি থিয় হৈ থকা যেন লাগে। তদুপৰি দেখা গৈছে যে উদ্ধৱ থাকৰে মূল ফটোখনত ভিন্ন ৰঙৰ কাপোৰ পিন্ধিছে আৰু ভাইৰেল ফটোখনত ভিন্ন ৰঙৰ কাপোৰ পিন্ধি থকা দেখা গৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdTO6PnKTDIV_Nn3C5u0Z5Q0emay5QeP-UgnmCWD0QYSs_vxYf5B8aeU6DtEyhTsqxspKNpiUEDK1xaLOWEA-1w5Oa7SWbC5wuiZQUfPO9Sq_3P8W1infsuHwWLW13-51RtuScAnC0hFSRZnvCxScM9wYDs?key=p4LVf7vqQ_vnNKD5Gn50vA

ইয়াৰ পাছত উদ্ধৱ থাকৰে প্ৰণাম কৰি থকা ফটোখন আমি বিচাৰিলোঁ। সেই সন্ধান অনুসৰি আমি আম আদমী পাৰ্টিৰ এটা টুইট পালোঁ। য’ত তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পিতৃ-মাতৃক প্ৰণাম কৰি থকা দেখা গৈছে। সেই ফটোখন ৮ আগষ্টৰ আৰু সেই বৈঠক কেজৰিৱালৰ ঘৰত হৈছিল।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeAJ75nuof6ChG7wV0dfplI6JFbRfQcC6YwYgE4sDqQ8orw4XkQkCVjtKy_z5AX7qQmfN_v9wxbt6BcnNBeQDG2KRPfsctnMdoH_LQxK9lB-xLtoRMpWi2VmRBys6cJQWZ8j1TeBnVP4Dr-tAgoSZe2s9oW?key=p4LVf7vqQ_vnNKD5Gn50vA

তাৰ পাছত আমি লাভ কৰা ফটোখন আৰু ভাইৰেল হোৱা ফটোখন বিশ্লেষণ কৰি চালোঁ। ইয়াত স্পষ্টকৈ দেখা যায় যে এই ফটোখনৰ পৰা উদ্ধৱ থাকৰেৰ অংশটো তুলি লৈ আনখন ফটোত সংলগ্ন কৰি এখন ভুৱা ফটো সৃষ্টি কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdAZdQdI0bb7BR1lxbdQOJp6wxhDBFWR7GXASr4X9XCi6eguqhceuk_JOHjuj5gKgVsqxyAcq3kWf5NuzjJPwJ83TD0oeXNICXcQB1Hpmszk3M6N9VXvJvHVuWiU6NyTH-krXQr2Nv3dPgLQF60bHUwKSvV?key=p4LVf7vqQ_vnNKD5Gn50vA

এইখিনি তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিখন ফটো ভাইৰেল কৰা হৈছে সেইখন সম্পাদনা কৰি সৃষ্টি কৰা এখন ভুৱা ফটো । প্ৰকৃততে দুখন বেলেগ বেলেগ ফটোৰ অংশ সংলগ্ন কৰি সেই ফটোখন সৃষ্টি কৰি দাবী কৰা হৈছে যে উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ ওচৰত শৰণাপন্ন হৈছে। দাবীটো মিছা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো অসত্য। ফটোখন সম্পাদিত । দুখন বেলেগ বেলেগ ফটোৰ অংশ সংলগ্ন কৰি ভাইৰেল হোৱা ফটোখন সৃষ্টি কৰা হৈছে। উদ্ধৱ থাকৰেই এইদৰে ৰাহুল গান্ধীৰ ওচৰত নতশীৰ হৈ প্ৰণাম কৰা নাছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:উদ্ধৱ থাকৰেই ৰাহুল গান্ধীৰ ওচৰত মুৰ দোৱাই হাতজোৰ কৰি শৰণাপন্ন হৈছিল নেকি।

Fact Check By: Pranjal Sharma

Result: Altered