শেহতীয়াভাৱে এটা ভিডিঅ অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে তিনিগৰাকী মহিলা জিমনাষ্টে একেলগে খেল প্ৰদৰ্শন কৰিছে। দাবী কৰা হৈছে যে তেওঁলোক তিনিও একেটা পৰিয়ালৰে। তিনিটা প্ৰজন্মৰ তিনিগৰাকী জিমনাষ্ট। আইতাক, মাক আৰু জীয়ৰী।

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে? তেওঁলোক একেটা পৰিয়ালৰে হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টোৰ পৰা কী-ফ্ৰেমসমূহ ব্যৱহাৰ কৰি গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু ২০১৩ চনৰ ১৫ নৱেম্বৰত ইউটিউবত আপলোড কৰা অনুৰূপ ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণটো পালোঁ যাৰ শিৰোনাম আছিল “এক্ৰ’বেটিক জিমনাষ্টিকছ ৱৰ্ল্ড চেম্পিয়নশ্বিপ ২০১০ – ৰাছিয়া মহিলা গ্ৰুপ ১ম স্থান”।

এই কথাটো মনত ৰাখি আমি ভিডিঅ’টো ভালদৰে বিশ্লেষণ কৰিলোঁ আৰু ভিডিঅ’টোৰ আৰম্ভণিতে দেখিলোঁ যে ৰাছিয়াৰ জিমনাষ্টসকলৰ নাম আইগুল শ্বইখুটডিনোভা, একাটেৰিনা ষ্ট্ৰয়নোভা, আৰু একাটেৰিনা লজিনোভ বুলি উল্লেখ কৰা হৈছে।

অধিক সন্ধানত আমি এটা প্ৰতিবেদন পালোঁ য’ত একেটা ভিডিঅ’ও আছিল। প্ৰতিবেদন অনুসৰি ২০১০ চনৰ এক্ৰ’বেটিক জিমনাষ্টিকছ বিশ্ব চেম্পিয়নশ্বিপৰ সময়ত এই প্ৰদৰ্শন কৰা হৈছিল।

২০১০ চনৰ চেম্পিয়নশ্বিপত মহিলাৰ গ্ৰুপ শাখাত শীৰ্ষস্থান দখল কৰি প্ৰথম পুৰস্কাৰ লাভ কৰে তিনিওগৰাকীৰ দলটোৱে। প্ৰতিবেদনত তিনিওগৰাকী জিমনাষ্টৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰা হোৱা নাই। ইয়াৰ উপৰিও আমাৰ অনুসন্ধানত এই জিমনাষ্টসকল সঁচাকৈয়ে একেটা পৰিয়ালৰ বুলি নিশ্চিত কৰা কোনো তথ্য পোৱা নগ’ল।

ৰাছিয়ান ফেডাৰেচন ফৰ এৰ’বেটিকছৰ তথ্য অনুসৰি তিনিওগাৰকী জিমনাষ্ট ক্ৰমে আইগল শ্বাইখুটডিনোভা, ষ্ট্ৰয়নোভা আৰু লজিনোভৰ জন্ম হৈছিল ক্ৰমে ১৯৯৪, ১৯৮৭ আৰু ১৯৮৫ চনত।

এই তথ্যই নিশ্চিত কৰে যে পোষ্টটোত দাবী কৰা ধৰণে এই তিনিওগৰাকী জিমনাষ্টৰ কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টোত ৰাছিয়াৰ জিমনাষ্টৰ এটা দল দেখা গৈছে যিসকলৰ ইজনৰ লগত আনজনৰ পাৰিবাৰিক সম্পৰ্ক নাই। এই ভিডিঅ’টো ২০১০ চনৰ এক্ৰ’বেটিক জিমনাষ্টিকছ বিশ্ব চেম্পিয়নশ্বিপত শ্বুট কৰা হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:তিনি প্ৰজন্মৰ জিমনাষ্ট একেলগে। ৰাছিয়াত আইতা আৰু মাৰ লগত জিমনাষ্টিক কৰিলে নেকি কিশোৰীয়ে? সত্যটো কি জানক।

Written By: Pranjal Sharma

Result: False