শেহতীয়াকৈ চেপ্তেম্বৰৰ ১৮ তাৰিখে কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ এটা শিখ মন্দিৰৰ পাৰ্কিং এলেকাত শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জৰক গুলীয়াই হত্যা কৰা হৈছিল। এই বিষয়ত ভাৰতক দোষাৰোপ কৰিছিল কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে। যাৰ বাবে দুয়োখন দেশৰ মাজত কুটনৈতিক সম্পৰ্কৰ অৱনতি ঘটিছে। অৱশ্যে ভাৰতে এই হত্যাকাণ্ডৰ লগত কোনো ধৰণে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। কিন্তু কানাডাৰ খালিস্তানীসকলে ভাৰতীয় ৰাজনৈতিক মিছনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে।

তেনে প্ৰেক্ষাপটত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ দাবীৰে বিভিন্ন ফটো, ভিডিঅ’, তথ্য আদি শ্বেয়াৰ কৰা হৈছে। অসমকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ লোকসকলে বিভিন্ন দাবীৰে বিভিন্ন ধৰণৰ ফটো, ভিডিঅ’ প্ৰচাৰ কৰি আছে। শেহতীয়াকৈ তেনেকুৱা এটা ভিডিঅ’ই আমাৰ দৃষ্টি আকৰ্ষন কৰিছে।

ফেচবুকত Robby Sharma নামৰ একাউণ্ট এটাৰ পৰা এগৰাকী ব্যৱহাৰকাৰীয়ে এই দাবীৰে ভিডিঅ’টো শ্বেয়াৰ কৰিছে যে কানাডাৰ ৰাজপথত গুজৰাটী লোকক মুকলিকৈ ভাবুকি প্ৰদান কৰা হৈছে। দাবী কৰি লিখিছে এইদৰে- Open threat to gujratis on streets of Canada(কানাডাৰ ৰাজপথত গুজৰাটী লোকক মুকলি ভাবুকি)

Facebook LinkArchived Link

তদুপৰি এক্স(পূৰ্বৰ টুইটাৰ)তো এগৰাকী ব্যৱহাৰকাৰীয়ে টুইট এটা কৰি দাবী কৰিছে যে কানাডাত এইদৰে এগৰাকী গুজৰাটী লোকক তথাকথিত খালিস্তানী সমৰ্থকে মুকলিকৈ ভাবুকি প্ৰদান কৰিছে। টুইটটোত এইদৰে লিখিছে- Open threat to Gujarati's by Khalistanis, they say they will teach all Gujratis a lesson in India & Canada. Is this not open threat to Indians @JustinTrudeau @cafreeland are they really safe in Canada @narendramodi

Archived Link

কিন্তু এই দাবীটো সত্য হয়নে? এয়া কানাডাৰ ৰাজপথৰ দৃশ্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি ইউটিউবত কী-ৱৰ্ড ছাৰ্চ কৰি এই ভিডিঅ'টো বিচাৰি চালোঁ। তেতিয়া আমি ২৩ মাৰ্চত One India নামৰ চেনেলটোত প্ৰচাৰিত হোৱা একেটা ভিডিঅ’ পালোঁ। সংলগ্ন তথ্যত উল্লেখ কৰা আছে যে খালিস্তানী সমৰ্থকে ব্ৰিটেইনৰ চাউথহলত এজন গুজৰাটী লোকক ভাবুকি দিছিল।

ইয়াৰ উপৰিও এক্স(পূৰ্বৰ টুইটাৰ)ত বিচাৰি চাওতে আমি DeshGujarat নামৰ হেণ্ডেলটোত যোৱা ২৩ মাৰ্চত কৰা এটা টুইট পালোঁ। তাত উল্লেখ কৰা আছিল- Watch: In a viral video today, a radical Khalistan extremist can be seen threatening a Gujarati passerby in foreign country (চাওক: আজি এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে এজন উগ্ৰ খালিস্তান উগ্ৰপন্থীয়ে বিদেশত গুজৰাটী পথচাৰীক ভাবুকি দিছে)

Desh Gujarat ৰ ৱেবছাইটত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে এই ভিডিঅ'টো লণ্ডনৰ চাউথহলৰ। ইয়াত দেখা পোৱা শিখ ব্যক্তিজন হৈছে খালিস্তানী সমৰ্থক গুৰুচৰণ সিং। গুজৰাটী মানুহজনক তেওঁ ভাবুকি দিছিল।

The Free Press Journalএ প্ৰকাশ কৰা অনুসৰি চলিত বৰ্ষৰ মাৰ্চ মাহত পঞ্জাৱ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিং আৰু তেওঁৰ সমৰ্থকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সূচনা কৰিছিল। ভাৰতীয় চোৰাংচোৱা সূত্ৰৰ মতে অমৃতপাল সিঙৰ আন্তঃসেৱা চোৰাংচোৱাৰ সৈতে সম্পৰ্ক আছে। তেওঁলোকে আনন্দপুৰ খালছা ফৌজ নামৰ ব্যক্তিগত উগ্ৰবাদী সংগঠন সৃষ্টি কৰি বহু অস্ত্ৰ-শস্ত্ৰ জমা কৰি ৰাখিছে। ইয়াৰ উপৰিও চলিত বৰ্ষৰ ২৩ এপ্ৰিলত তেওঁক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰো কৰা হৈছিল। ইয়াৰ বাবেই ইংলেণ্ডত অমৃতপাল সিঙৰ সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। ভাইৰেল ভিডিঅ'টো সেই সময়ৰ।

যিহেতু এই ভিডিঅ'টো যোৱা মাৰ্চ মাহৰ অৰ্থাত পুৰণি আৰু হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ড হৈছে ছেপ্টেম্বৰত । গতিকে ইয়াৰ পৰা আমি ক’ব পাৰোঁ যে এই ভিডিঅ’টো শেহতীয়া ঘটনাৰ সৈতে সম্পৰ্কিত নহয়। ফেচবুক আৰু এক্সত উত্থাপন কৰা দাবীটো মিছা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। প্ৰচাৰ কৰা ভিডিঅ’টো যোৱা মাৰ্চ মাহৰ আৰু দৃশ্যটো ব্ৰিটেইনৰ চাউথহলৰ। এই ভিডিঅ’টোৰ সৈতে কানাডাৰ শেহতীয়া ঘটনাৰাজিৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কানাডাৰ ৰাজপথত খালিস্তানী সমৰ্থকে গুজৰাটী লোকক মুকলিকৈ ভাবুকি প্ৰদান কৰিছে নেকি? সত্যটো কি জানক।

Written By: Pranjal Sharma

Result: False