মহেন্দ্ৰ সিং ধোনীয়ে কংগ্ৰেছক ভোট দিবলৈ আহ্বান কৰা নাছিল। কথাত বেলেগ।  

False Social

শেহতীয়াকৈ অসমৰ হোৱাটছএপ ব্যৱহাৰকাৰীসকৰ মাজত এখন বিশেষ ফটো ভাইৰেল হৈ পৰা দেখা গৈছে। ভাৰতৰ মহান ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ দুয়োখন হাত ওপৰলৈ উঠাই হাতৰ আঙুলিৰে কিবা এটা বিশেষ ভংগিমা প্ৰদৰ্শন কৰা দেখা গৈছে ফটোখনত। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ফটোখন প্ৰেৰণ কৰি মহেন্দ্ৰ সিং ধোনীয়ে কংগ্ৰেছ দলক ভোট দিবলৈ ইংগিত কৰিছে নেকি, সেই কথা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। লিখিছিল- ধোনীয়ে এইদৰে কংগ্ৰেছক ভোট দিবলৈ হাতেৰে ইংগিত দিছে নেকি বাৰু?

Archived Link  

কিন্তু এই দাবী সত্য হয়নে?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি NEWS18 এ ২০২০ চনৰ ৬ অক্টোবৰত প্ৰকাশ কৰা এটা বাতৰি পালোঁ, য’ত ভাইৰেল হোৱা ধোনীৰ সেই ফটোখন আছিল। বাতৰিটোৰ শিৰোনাম আছিল-IPL 2020: Chennai Super Kings completes 6M followers on Twitterআইপিএলৰ খ্যাতিমান দল চেন্নাই চুপাৰ কিংছে টুইটাৰত ৬মিলিয়ন ফলোৱাৰ্ছ লাভ কৰাৰ কথা বাতৰিটোত লিখা হৈছিল। চেন্নাই চুপাৰ কিংছৰ সেই সময়ৰ অধিনায়ক আছিল মহেন্দ্ৰ সিং ধোনী। ৬ মিলিয়ন ফলোৱাৰ্ছ লাভ কৰাৰ আনন্দত এইদৰে তেওঁ দুই হাতৰ ৬টা আঙুলি দেখুৱাই প’জ দিয়া বুলি লিখা হৈছে।

সেই সূত্ৰৰ আঁত ধৰি আমি এক্স(একালৰ টুইটাৰ)ত চেন্নাই চুপাৰ কিংছৰ ৬ মিলিয়ন ফলোৱাৰ্ছ পোৱাৰ সময়ৰ টুইট বিচাৰি চালোঁ। তেতিয়া আমি ২০২০ চনৰ অক্টোবাৰৰ ৫তাৰিখে দলটোৰ আনুষ্ঠানিক টুইটাৰ হেণ্ডেলৰ পৰা কৰা এটা টুইট লাভ কৰিলোঁ। সেই টুইটটোত এই ফটোখন আপলোড কৰি ৬ মিলিয়ন টুইটাৰ ফলোৱাৰ্ছৰ আনন্দৰ কথা প্ৰকাশ কৰা দেখা পালোঁ। টুইটোত লিখিছিল- Nandri filled Thala Dharisanam as our Twitter fam becomes 6 Million Strong! #SixerOnTwitter #WhistlePodu #Yellove 

Archived Link

কেৱল এয়াই নহয়, আমি একেটা দিনতে চেন্নাই চুপাৰ কিংছৰ টুইটাৰ হেণ্ডেলত এটা ভিডিঅ’ও পালোঁ, য’ত দলটোৱে ৬মিলিয়নৰ লোকৰ ভালপোৱা লাভ কৰাৰ বাবে প্ৰতিগৰাকী অনুৰাগীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে আৰু দলটোৰ তদানিন্তন সদস্যসকলে হাতৰ আঙুলিৰে একেধৰণৰ ভংগিমা প্ৰদৰ্শন কৰি কৃতজ্ঞতা আৰু আনন্দ প্ৰকাশ কৰিছে। 

Archived Link

এইখিনি তথ্য লাভ কৰাৰ পাছত আমি নিশ্চিত হ’লোঁ যে সেই ফটোখন আজিৰ পৰা প্ৰায় ৪বছৰ পুৰণি, ২০২০চনৰে। ধোনীয়ে হাতৰ আঙুলিৰে প্ৰকৃততে ৬মিলিয়ন ফলোৱাৰ্ছৰ কথাহে বুজাইছিল। কংগ্ৰেছক ভোট দিয়াৰ কথা বা ইংগিত দিয়া নাছিল। ফটোখনৰ লগত নিৰ্বাচনৰ কোনোধৰণৰ সম্পৰ্কয়ে নাই। দাবীটো ভুৱা। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো  মিছা। ২০২০ চনৰ অক্টোবৰত চেন্নাই চুপাৰ কিংছে টুইটাৰত ৬মিলিয়ন ফলোৱাৰ্ছ লাভ কৰাৰ বাবে তদানিন্তন অধিনায়ক ধোনীয়ে হাতেৰে তেনেকৈ ভংগিমা দেখুৱাই আনন্দ প্ৰকাশ কৰিছিল। তেওঁ কংগ্ৰেছক ভোট দিয়াৰ কথা বা ইংগিত দিয়া নাছিল। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মহেন্দ্ৰ সিং ধোনীয়ে কংগ্ৰেছক ভোট দিবলৈ আহ্বান কৰা নাছিল। কথাত বেলেগ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *