
শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ বাৰ্তা প্ৰচাৰ কৰা দেখা গৈছে। হিন্দী দৈনিক কাকত ‘দৈনিক ভাস্কৰ’ৰ এটা সংস্কৰণৰ এটা পৃষ্ঠাৰ ফটো আপলোড কৰি তাত নিয়েলছন আৰু দৈনিক ভাস্কৰৰ আগন্তুক লোকসভা নিৰ্বাচনৰ সমীক্ষা প্ৰকাশ পোৱা বুলি দাবী কৰি পোষ্ট কৰা হৈছে। পোষ্টটোত লিখিছে- INDIA আগবাঢ়ি আছে
দৈনিক ভাস্কৰ, উত্তৰ ভাৰতত বহুল বাবে প্ৰকাশিত হিন্দী দৈনিক বাতৰি কাকক।
নেলছন আৰু দৈনিক ভাস্কৰৰে আজি ছাৰ্ভে ৰিপোৰ্ট প্ৰকাশ কৰিছে, ১০ খন ৰাজ্যত ইণ্ডিয়া আগবাঢ়ি আছে …. মোদীৰ প্ৰভাৱ নোহোৱা হৈছে ।
দক্ষিন ভাৰতত বিজেপি চাফা।।
বিহাৰ আৰু মহাৰাষ্ট্ৰত অৱস্থা শোচনীয়।।

কিন্তু এই দাবী সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভনীতে আমি দৈনিক ভাস্কৰ কাকতৰ পৃষ্ঠা বুলি দাবী কৰা ফটোখন ভালকৈ পৰীক্ষা কৰি চালোঁ। আমি দেখিলোঁ যে কাকতখনৰ ওপৰৰ বাওঁফালে লিখা আছে ‘ভূপাল ১৩-০৪-২০২৪’। অৰ্থাত সেয়া কাকতখনৰ ভূপাল সংস্কৰণৰ প্ৰথম পৃষ্ঠা বুলি দেখুওৱা হৈছে।

এই তথ্যৰ আঁত ধৰি আমি দৈনিক ভাস্কৰৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। তাৰ পৰাই আমি সেই নিৰ্দিষ্ট দিনটোৰ ই-পেপাৰখন চালোঁ। কিন্তু আমি তাত সেই দিনটোৰ প্ৰকৃত ই-পেপাৰখনৰ আন এটা ৰূপ হে দেখা পালোঁ।

একেটা দিনৰ বুলি ভাইৰেল হোৱা কাকতখনৰ ফটোখন আৰু আমি সন্ধান কৰি পোৱা প্ৰকৃত ই-পেপাৰখনৰ মাজত কোনো মিল নাই। ভাইৰেল হোৱা ফটোখনত নিৰ্বাচনী সমীক্ষা আছিল আৰু প্ৰকৃত ফটোখনত ভাৰতীয় জনতা পাৰ্টীৰ এটা বিজ্ঞাপনৰ লগতে অন্য কিছুমান ভিন্ন বাতৰি আছিল। কিন্তু তাত কোনোধৰণৰ সমীক্ষাৰ বাতৰি নাছিল।
ইয়াৰ পাছত আমি দৈনিক ভাস্কৰৰ চ’ছিয়েল মিডিয়া হেণ্ডেলৰ সন্ধান কৰোতে এক্সত এটা টুইট পালোঁ। তাত কাকত প্ৰতিস্থানটোৱে উল্লেখ কৰিছে যে ভাইৰেল হোৱা ফটোখন সঁচা নহয়। লিখিছে- #FakeNews : यह सर्वे फेक है, जिसे कुछ असामाजिक तत्वों ने तैयार किया है… दैनिक भास्कर ऐसे किसी भी कंटेंट का दावा नहीं करता है… ऐसे लोगों पर सख्त कार्रवाई होनी चाहिए (এই সমীক্ষাটো ভুৱা, যিটো একাংশ অসামাজিক চক্ৰই প্ৰস্তুত কৰিছে… দৈনিক ভাস্কৰে এনে কোনো দাবী নকৰে… এনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা উচিত।)
ইয়াৰ পাছত আমি দৈনিক ভাস্কৰ কাকতগোষ্ঠীয়ে শেহতীয়াভাৱে কোনো বিষয়ত সমীক্ষা চলাইছিল নেকি সেয়া সন্ধান কৰিলোঁ । তেতিয়া আমি পালোঁ যে কাকতগোষ্ঠীয়ে ৭দিনৰ ভিতৰত ৮লক্ষাধিক লোকৰ মাজত ভোটাৰৰ মানসিকতা সন্দৰ্ভত ‘মেৰা ভোট মেৰি মৰ্জি’ শীৰ্ষক এটা সমীক্ষা চলাইছিল। সেই সমীক্ষাত দেশৰ ৯৫শতাংশ লোকে ভোট প্ৰদান কৰাৰ কথা কৈছিল, ৪৮শতাংশ লোকে পুনৰ নৰেন্দ্ৰ মোডীকে প্ৰধানমন্ত্ৰী হিচাপে বিচৰা বুলি প্ৰকাশ পাইছে আৰু ৩৭ শতাংশ লোকে নিবনুৱা সমস্যাৰ কথা উল্লেখ কৰিছিল।

এই সকলোখিনি তথ্যৰ পৰা আমি জানিব পাৰিলোঁ যে ভাইৰেল হোৱা ফটোখন মিছা। প্ৰকৃততে হিন্দী দৈনিক কাকত দৈনিক ভাস্কৰৰ ভূপাল সংস্কৰণৰ ১৩ এপ্ৰিল ২০২৪ৰ সংখ্যাত তেনেকুৱা কোনো সমীক্ষা প্ৰকাশ কৰা হোৱা নাছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। হিন্দী দৈনিক কাকত দৈনিক ভাস্কৰৰ ভূপাল সংস্কৰণৰ ১৩ এপ্ৰিল ২০২৪ৰ সংখ্যাত তেনেকুৱা কোনো সমীক্ষা প্ৰকাশ কৰা হোৱা নাছিল। ভাইৰেল ফটোখন মিছা।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:দৈনিক ভাস্কৰৰ ১৩ এপ্ৰিলৰ সংখ্যাত নিয়েলছনৰ সৈতে কৰা কোনো সমীক্ষা প্ৰকাশ পোৱা নাছিল।
Fact Check By: Pranjal SharmaResult: False
