২০২৩ৰ চেপ্তেম্বৰৰে দৃশ্য GMCHৰ পাহাৰত শেহতীয়াকৈ নাহৰফুটুকী ওলোৱা বুলি মিছাকৈ প্ৰচাৰ।  

False Social

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা সংবাদ মাধ্যমে ৯ মে’ ২০২৪ত এটা ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো গুৱাহাটী মেডিকেল কলেজৰ সমীপৰ পাহাৰৰ। ভিডিঅ’টোত দেখা গৈছে যে নিশাৰ ভাগত এটা নাহৰফুটুকীয়ে ৰাষ্টা পাৰ হৈছে। এখন গাড়ীৰ ভিতৰৰ পৰা সেই ভিডিঅ’টো কেমেৰাত বন্দী কৰা হৈছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- গুৱাহাটীৰ GMCHৰ পাহাৰত নাহৰফুটুকীৰ মুক্ত বিচৰণ। ইয়াৰ অৰ্থ হৈছে যে সেই নাহৰফুটুকীটো শেহতীয়াভাৱে গুৱাহাটী মেডিকেল কলেজ পাহাৰত দেখা গৈছে বুলি দাবী কৰা হৈছে। 

Facebook LinkArchived Link

কিন্তু এই দাবী সত্য হয়নে?  

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ভিডিঅ’টো কাৰিকৰিভাৱে বিভিন্ন কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো সংলগ্ন বিভিন্ন লিংক লাভ কৰিলোঁ। 

যোৱা ৩১ জানুৱাৰী ২০২৪ত এজন ইউটিউৱ ভ্লগাৰে নিজৰ Sangwan Family Vlog নামৰ চেনেলটোৰ ভিডিঅ’ত সেই ভিডিঅ’টো সংলগ্ন কৰি দাবী কৰিছে যে তেওঁ নিশাৰ ভাগত তেওঁৰ ঘৰৰ কাষত সেই নাহৰফুটুকীটোৰ মুখামুখি হৈছিল। সেই ভিডিঅ’টোৰ একেবাৰে আৰম্ভনীতে আৰু ৪মিনিট ২৯ চেকেণ্ডৰ পৰা নাহৰফুটুকীটোৰ সেই দৃশ্য দেখুওৱা হৈছে। এই লিংকটো চোৱাৰ পাছত আমি প্ৰাথমিকভাৱে নিশ্চিত হ’লোঁ যে গুৱাহাটীত শেহতীয়াভাৱে দেখা বুলি ৯ মে ২০২৪ত কৰা দাবীটো সত্য নহয়। ভিডিঅ’টো অতি শেহতীয়া নহয় আৰু গুৱাহাটীৰ নহয়। 

Archived Link

ইয়াৰ পাছত আমি ৩০ এপ্ৰিল ২০২৪ত আন এটা ইউটিউৱ চেনেলত একেটা ভিডিঅ’ আপলোড কৰি থোৱা ৰূপত পালোঁ।

Archived Link

আমাৰ অনুসন্ধান আগুৱাই লৈ গৈ আমি এক বাতৰিৰ প্ৰতিবেদন লাভ কৰিলোঁ। দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ ইংৰাজী সংবাদ প্ৰতিস্থানৰ ২০২৩ চনৰ ১৬ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদনত আমি অন্ধ্ৰ প্ৰদেশৰ শ্ৰীচাইলাম মন্দিৰৰ কাষত নাহৰফুটুকীৰ আবিৰ্ভাৱৰ তথ্য লাভ কৰিলোঁ। 

এই বাতৰিৰ আঁত ধৰি আমি শ্ৰীচাইলাম মন্দিৰৰ আশে পাশে বাঘ ওলোৱা আন খবৰৰ সন্ধান কৰিলোঁ আৰু জানিব পাৰিলোঁ যে সেই অঞ্চলটোত নাহৰফুটুকীৰ আবিৰ্ভাৱ সময়ে সময়ে ঘটি থাকে। তাকে লৈ স্থানীয় ৰাইজৰ মাজত আতংকৰ পৰিবেশো বিৰাজ কৰে। 

তেনেকুৱা এক বাতৰিত আমি অসমৰ সংবাদ প্ৰতিস্থানটোৱে গুৱাহাটীৰ জিএমচিএইছ পাহাৰত নাহৰফুটুকী ওলোৱা বুলি দাবী কৰি প্ৰচাৰ কৰা ভিডিঅ’টো সংলগ্ন কৰা ৰূপত পালোঁ।

আমি TV9 তেলেগুৰ ৱেবছাইটত ২০২৩ চনৰ ৩১ ডিচেম্বৰত দিনৰ ১ বাজি ১৩ মিনিটত প্ৰকাশিত বাতৰিটো পালোঁ য’ত ভাইৰেল ভিডিঅ’টোৰ এটা স্ক্ৰীণশ্বট মূল ফটো হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু বাতৰিটোৰ শেষৰ ফালে সেই নিৰ্দিষ্ট ভিডিঅ’টো সংলগ্ন কৰি দিয়া হৈছে।

Archived Link

তদুপৰি আমি Zee Telugu News ৰ ভেৰিফাইড ইউটিউৱ চেনেলটোত শ্ৰীচাইলামৰ ৰত্নানন্দা আশ্ৰমৰ কাষত নিশাৰ ভাগত সেই নাহৰফুটুকীটো ওলোৱা বাতৰিটো পালোঁ। তাতো সেই ভিডিঅ’টো দেখুওৱা হৈছে। ২০২৩ চনৰ ৩১ ডিচেম্বৰতে সেই বাতৰিটো সম্প্ৰচাৰ কৰা হৈছিল। 

Archived Link

আৰু অধিক অনুসন্ধানৰ পাছত আমি যিটো ইউটিউৱ লিংক পালোঁ, তাত ২০২৩ চনৰ ৯ চেপ্তেম্বৰতে সেই একেটা ভিডিঅ’ আপলোড কৰাৰ ৰূপত পালোঁ। তেতিয়া আমি নিশ্চিত হ’লোঁ যে ভিডিঅ’টো শেহতীয়া তো নহয়েই বৰং ২০২৪ চনৰেই নহয়। ২০২৩ চনৰ পৰায়ে ইণ্টাৰনেটত সেই ভিডিঅ’টো উপলব্ধ। সেই একেটা ভিডিঅ’কে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ স্থানত নাহৰফুটুকী ওলোৱা বুলি দাবী কৰি প্ৰচাৰ কৰি অহা হৈছে।

Archived Link

এই সমস্ত তথ্য লাভৰ অন্তত আমি এই সিদ্ধান্তত উপনিত হৈছোঁ যে গুৱাহাটীৰ জিএমচিএইছ পাহাৰত নাহৰফুটুকী ওলোৱা বুলি ৯ মে’ ২০২৪ত যিটো ভিডিঅ’ প্ৰচাৰ কৰা হৈছে সেইটো ২০২৩ চনৰ চেপ্তেম্বৰ মানৰে পৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে। ইয়াৰ অৰ্থ হৈছে দৃশ্যটো বৰ্তমানৰ বুলি কৰা দাবীটো সত্য নহয় আৰু সেই দৃশ্য গুৱাহাটীৰ বুলি কৰা দাবীটোও মিছা।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভিডিঅ’টো ২০২৩চনৰ চেপ্তেম্বৰৰ পৰায়ে ইণ্টাৰনেটত উপলব্ধ। সেইটো গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পাহাৰত নাহৰফুটুকী ওলোৱাৰ শেহতীয়া দৃশ্য নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৩ৰ চেপ্তেম্বৰৰে দৃশ্য GMCHৰ পাহাৰত শেহতীয়াকৈ নাহৰফুটুকী ওলোৱা বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *