শেহতীয়াকৈ আমি AssamPrime24 নামৰ এটা ফেচবুক পেজত এটা পোষ্ট লাভ কৰিলোঁ, য’ত সুস্থ থাকিব মন যদি এই ৫ প্ৰকাৰৰ ব্যক্তিয়ে ভুলটো নাখাব বিলাহী।দুগুণে বাঢ়িব বেমাৰ!। বুলি কেপছন দি তেওঁলোকৰ Assam Prime24 নামৰ ৱেবচাইটটোৰ এক প্ৰতিবেদন সংলগ্ন কৰিছে।

Facebook LinkArchived Link

ৱেবচাইটৰ লেখাটোত লিখা হৈছে- সুস্থ থাকিব মন যদি এই ৫ প্ৰকাৰৰ ব্যক্তিয়ে ভুলটো নাখাব বিলাহী।দুগুণে বাঢ়িব বেমাৰ!।

Archived Link

লেখাটোৰ মতে -১ বৃক্কত পাথৰৰ সমস্যা হ’লে বিলাহী নাখাব , ২) গাঁঠিৰ বিষৰ বাবে বিলাহী ক্ষতিকাৰক, ৩) ডায়েৰিয়াত বিলাহী খাব নালাগে, ৪) পাচনতন্ত্ৰৰ বাবে ক্ষতিকাৰক, ৫) এলাৰ্জীৰ সমস্যাত টমেটো সেৱন কৰিব নালাগে, ৬) মাহেকীয়াৰ সময়ত অধিক ৰক্তক্ষৰণ হৈ থাকিলে বিলাহী খাব নালাগে।

কিন্তু সঁচাকৈয়ে এইবোৰ দাবী সত্যনে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ইণ্টাৰনেটত বিলাহী ভক্ষণৰ গুণাগুণ জানিবলৈ বিচাৰ খোচাৰ কৰিলোঁ। কাৰণ লেখাটোত উল্লেখ কৰা হৈছিল যে তেওঁলোকৰ লেখাটো ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভিত্তিত প্ৰস্তত কৰা হৈছে। সেই অনুসৰি আমি বিভিন্ন ৱেবচাইটত এই সম্পৰ্কত কি লিখিছে পৰীক্ষা কৰিলোঁ।

কিন্তু আমি তেনেকুৱা কোনো নিশ্চিত তথ্য লাভ নকৰিলোঁ। কোনো কোনো ৱেবচাইটত বিলাহীক খাদ্য হিচাপে নিয়মীয়াকৈ গ্ৰহণ কৰিলে শৰীৰত কি ধৰণৰ প্ৰভাৱ পৰে, সেই সম্পৰ্কে কিছুমান তথ্য দিয়া হৈছে। কিন্তু সেই তথ্যসমুহ এই লেখাত উল্লেখ কৰা অসমীয়া বেৱটাইটটোৰ সৈতে সম্পূৰ্ণ একে নহয়।

এই সকলোখিনি চালিজাৰি চোৱাৰ অন্তত আমি চিকিৎসক ডাঃ ৰূপম বড়োৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেখেতে আমাক জানিবলৈ দিয়া অনুসৰি ৱেবচাইটটোত উল্লেখ কৰা সকলো কথা শুদ্ধ নহয়। বিভিন্ন কাৰকৰ বাবে শৰীৰত বিভিন্ন সমস্যা দেখা দিয়ে আৰু ভিন্ন লোকৰ শাৰীৰিক অৱস্থাভেদে একোটি খাদ্যই ভিন্ন ধৰণে ক্ৰিয়া কৰিব পাৰে। সেয়া প্ৰকৃত উপচাৰৰ অন্তত হে নিশ্চিত কৰিব পৰা যায়। এইধৰণৰ লেখাই সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰিব পাৰে।

চিকিৎসকগৰাকীয়ে পৰামৰ্শ দিয়ে যে যদিহে যদি দেহত কোনো ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে,তেনেহ’লে চিকিৎসকৰ কাষলৈ যোৱা উচিত আৰু প্ৰয়োজনীয় অথবা চিকিৎসকৰ দ্বাৰা নিৰ্দেশিত সকলো পৰীক্ষা নিৰীক্ষা কৰা উচিত। তাৰ অন্তত চিকিৎসকৰ পৰামৰ্শ মতে নিজৰ খাদ্য তালিকা প্ৰস্তুত কৰিব লাগে। এনেকুৱা লেখা পঢ়ি নিজৰ শৰীৰ সৈতে হেতালি নেখেলিবলৈ সাধাৰণ জনতাক আহ্বান জনায় চিকিৎসকগৰাকীয়ে।

গতিকে ওপৰোক্ত প্ৰতিস্থানসমুহৰ লেখাবোৰ আৰু বিশিষ্ট চিকিৎসকৰ মন্তব্যৰ পৰা এই কথা নিশ্চিত হ’ব পৰা গ’ল যে AssamPrime24 নামৰ ৱেবচাইটটো আৰু ফেচবুক পেজটোৱে যিখিনি কথা উল্লেখ কৰিছে সেইখিনিয়ে সাধাৰণ লোকক বিভ্ৰান্ত কৰিব পাৰে। ৱেবচাইটোৱে নিজেই উল্লেখ কৰিছে যে “*এই প্ৰতিবেদন কেৱল ইন্টাৰনেটত উপলব্ধ তথ্যৰ উপৰত ভিত্তি কৰি সাধাৰণ জ্ঞান প্ৰদানৰ বাবেহে দিয়া হৈছে, AssamPrime24 এ এই তথ্যৰ নিশ্চয়তা আৰু সত্যতা প্ৰদান নকৰে আৰু দায়িত্ব গ্ৰহণ নকৰে। লেখাবোৰ পঢ়ি ভাল পালে যদি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষাত নিশ্চিত হৈ পৰিল যে Assam Prime24 নামৰ ৱেবচাইটটোৱে দাবী কৰা কথাটো সম্পূৰ্ণ সত্য নহয়। বৰং ই বিভ্ৰান্তিকৰ হে। তেওঁলোকে উল্লেখ কৰা ধৰণে বিলাহীয়ে উল্লিখিত শাৰীৰিক অৱস্থাত সকলোৰে ক্ষেত্ৰত একেই প্ৰভাৱ পেলাব বুলি কোনো নিশ্চিতি নাই। সেই তথ্যসমুহ সম্পূৰ্ণ শুদ্ধ নহয়। গতিকে সামগ্ৰিকভাৱে লেখাটো বিভ্ৰান্তিকৰ। ই সাধাৰণ ৰাইজক বিভ্ৰান্ত কৰিব।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:৫ প্ৰকাৰৰ ব্যক্তিৰ ক্ষেত্ৰত বিলাহীয়ে এইবোৰ স্থিতিত বেমাৰ দুগুণ বৃদ্ধি কৰে নেকি? সত্যটো কি?

Written By: Pranjal Sharma

Result: Misleading