
হিংসাজৰ্জৰ বাংলাদেশৰ এটা খুব আমনিদায়ক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী মৃতপ্ৰায় ব্যক্তিক এটা মূৰ্তিত ওলোমাই নিৰ্মমভাৱে প্ৰহাৰ কৰিছে কিছুমান লোকে। দাবী কৰা হৈছে এই ব্যক্তিজন হিন্দু আৰু তেওঁক মুছলমান লোকে বাংলাদেশত এইদৰে অত্যাচাৰ কৰিছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বাংলাদেশত অশান্তিৰ ধৰ্মৰ মুছলমানে হিন্দু পুৰুষ এজনক মজিবৰ ৰহমানৰ মূৰ্তিত ওলোমাই লৈ #আল্লাহু_আকবৰ কৈ কৈ আল্লাৰ নামত অকথ্য নিৰ্য্যাতন কৰি হত্যা কৰিছে।
অসমত 15 বছৰ পিছত #মুছলমান_সংখ্যাগৰিষ্ঠ হ’লে কি হব ?”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউব লিংক পালোঁ য’ত বাংলা কেপশ্বনত লিখা আছিল যে ঝিনাইদহত আৱামী লীগৰ নেতা হিৰণ চেয়াৰমেনক জনতাই হত্যা কৰি ওলমাই ৰাখিছে। লিংকটোৰ লগত থকা থাম্বনেইল ফটোখন ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে একেই আছিল।
কিন্তু লিংকটোত ক্লিক কৰি আমি দেখিলোঁ যে ভিডিঅ’টো ইউটিউবত উপলব্ধ নহয়।
আমি এই কেপশ্বনক সমল হিচাপে লৈ ইউটিউবত বাংলা ভাষাত কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া যোৱা ৫ আগষ্টত আপলোড কৰা এটা ভিডিঅ’ পালোঁ য’ত বাংলা ভাষাত কেপশ্বনত লিখা আছিল। কেপশ্বন অনুসৰি ঝিনাইদহত আৱামী লীগৰ নেতা হিৰণ চেয়াৰমেনক হত্যা কৰি জনতাই ওলোমাই ৰাখিছে।
ভিডিঅ’টো বহু দূৰৰ পৰা কৰা হৈছিল আৰু তাত বাংলা ভাষাত ভইচ অ’ভাৰ কৰি কোৱা হৈছিল যে ‘সকলোৰে পৰিচিত হিৰণ চেয়াৰমেনক হত্যা কৰা হৈছে আৰু ওলোমাই ৰখা হৈছে। হাজাৰ হাজাৰ লোক তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ ওলাই আহিছে’। ভিডিঅ’টোৰ ০.৪৪ টাইমষ্টেম্পত ভিডিঅ’টো জুম-ইন কৰি দেখুওৱা হৈছিল আৰু তেতিয়া ভাইৰেল ভিডিঅ’টোৰ ব্যক্তিজনৰ মূৰ অংশ দেখিবলৈ পোৱা গৈছিল। তদুপৰি এই ইউটিউব ভিডিঅ’টোৰ স্ক্ৰীণৰ তলৰ অংশত এজন ব্যক্তিৰ ফটো সংলগ্ন কৰা হৈছিল।
আমি সেই ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা এক্স হেণ্ডলত যোৱা ৬ আগষ্টত কৰা এটা টুইট পালোঁ য’ত এই ফটোখনৰ লগতে ভাইৰেল ভিডিঅ’টোও আছিল। টুইটটোৰ কেপশ্বনত দিয়া তথ্য অনুসৰি এই ব্যক্তিগৰাকী আৱামী লীগৰ সদস্য শ্বাহিদুল ইছলাম হিৰণ। শ্বেখ হাচিনা ক্ষমতাচ্যুত হোৱাৰ পাছতে শ্বাহিদুল ইছলাম হিৰণৰ ঘৰ জ্বলাই দিয়া হয় আৰু তেওঁৰ মৃতদেহ চহৰৰ মাজমজিয়াত ওলমাই ৰখা হয়। তেওঁৰ বয়স আছিল ৭৫। শ্বাহিদুল ইছলাম হিৰণৰ গাড়ীচালককো হত্যা কৰা হয়।
এইবাৰ আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া কৰ্পোৰেট সংবাদ নামৰ এটা ৱেবছাইটত ২০২৪ চনৰ ৬ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। এই প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বট এটা ব্লাৰ কৰি সংলগ্ন কৰা হৈছিল আৰু লগতে আছিল শ্বাহিদুল ইছলাম হিৰণৰ ফটো।
প্ৰতিবেদন অনুসৰি “ঝিনাইদহ সদৰ উপজিলা আৱামী লীগৰ সাধাৰণ সম্পাদক তথা স্থানীয় পোৰাহাটী সংঘৰ অধ্যক্ষ শ্বাহিদুল ইছলাম হিৰণ(৭৫) হত্যা কৰা হয়। সোমবাৰে সন্ধিয়া ক্ষুব্ধ ৰাইজে ঝিনাইদহ চহৰৰ ষ্টেডিয়ামপাৰাত তেওঁৰ ঘৰত আক্ৰমণ কৰি জুই লগাই দিয়ে। ক্ষুব্ধ ৰাইজে তেওঁৰ ঘৰত প্ৰৱেশ কৰি মৃতদেহটো পাইৰা চাত্তাৰলৈ লৈ যায়। তেওঁৰ জ্বলি যোৱা আৰু উলংগ মৃতদেহটো তাতেই ওলোমাই থোৱা আছিল।
ইয়াৰ পূৰ্বে ৰাইজে শ্বাহিদুল ইছলাম হিৰণৰ ঘৰ ঘেৰাও কৰাৰ সময়ত তেওঁ অনুজ্ঞাপত্ৰ থকা বন্দুক আৰু পিষ্টল লৈ গুলীচালনা কৰে। প্ৰায় ২৫ জন লোক আহত হয়। আহতসকলক ঝিনাইদহ সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰাইজৰ প্ৰহাৰত দুপৰীয়া নিহত হয় হিৰণৰ গাড়ী চালক আখতাৰ হোছেইন”।
এই সম্পৰ্কে আন প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।
ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোত থকা ব্যক্তিজন ঝিনাইদহ সদৰ উপজিলা আৱামী লীগৰ সাধাৰণ সম্পাদক তথা স্থানীয় পোৰাহাটী সংঘৰ অধ্যক্ষ শ্বাহিদুল ইছলাম হিৰণ আছিল। তেওঁ হিন্দু ব্যক্তি নাছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টোত বাংলাদেশৰ মুছলমানে হিন্দু ব্যক্তিক অত্যাচাৰ কৰা নাই। বৰং ভিডিঅ’টোত থকা ব্যক্তিজন ঝিনাইদহ সদৰ উপজিলা আৱামী লীগৰ সাধাৰণ সম্পাদক তথা স্থানীয় পোৰাহাটী সংঘৰ অধ্যক্ষ শ্বাহিদুল ইছলাম হিৰণ আছিল যাৰ মৃতদেহ পাইৰা চাত্তাৰত ওলোমাই থোৱা হৈছিল। এই ঘটনাটোৰ কোনো সাম্প্ৰদায়িক দিশ নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:বাংলাদেশৰ এই ভিডিঅ’টোৰ কোনো সাম্প্ৰদায়িক দিশ নাই। ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ।
Fact Check By: Debanjana BaishyaResult: Misleading
