শেহতীয়াকৈ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা ভিডিঅ' ফ'ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ'টোত কেপশ্বন দিয়া আছিল এইদৰে - "বাংগালুৰুত আৰ এছ এছৰ (RSS)কাৰ্যালয়ত ইছৰোৰ (ISRO)মুৰব্বী সোমনাথ জী।বামপন্থী,চেকুলাৰ,সমাজবাদী সকলক কঠিন হৃদস্পন্দন দিব এই ভিদিঅ টোৱে 😂

#জয়মাভাৰতী 🚩🚩"।

ভিডিঅ'টোত ইছৰোৰ মুৰব্বী এচ সোমনাথক এজন ব্যক্তিয়ে সম্বৰ্ধনা জনোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ'টো বাংগালুৰুৰ আৰ এছ এছ কাৰ্যালয়ৰ।

Archived Link

একেটা ভিডিঅ' আমি ফেচবুকতো ভাইৰেল হোৱা দেখিলোঁ।

Facebook Link | Archived Link

কিন্তু ইছৰোৰ মুৰব্বী এচ সোমনাথ আৰ এছ এছৰ কাৰ্যালয়লৈ যোৱা নাছিল বৰং ৰাষ্ট্ৰোত্থান পৰিষদৰ কাৰ্যালয়লৈহে গৈছিল।

আমি এই একেটা ভিডিঅ' VSK Karnataka নামৰ এটা ফেচবুক পেজত পালোঁ। ভিডিঅ'টো ২০২৩ চনৰ জুলাই মাহৰ ১৯ তাৰিখে আপলোড কৰা হৈছিল। কানাড়া ভাষাত লিখা কেপশ্বনৰ অসমীয়া অৰ্থটো হ'ল - "ভাৰতৰ অভিলাষী ‘চন্দ্ৰযান-৩’ৰ সফলতা, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ. সোমনাথক সম্বৰ্ধনা জনায় আৰ এছ এছৰ চৰকাৰী বিষয়া দত্তত্ৰেয় হোছাবালেই।

ৰাষ্ট্ৰীয় পৰিষদৰ সভাপতি এম.পি. কুমাৰ আৰু সাধাৰণ সম্পাদক নং. ৰাষ্ট্ৰীয় পৰিষদৰ হৈ ইছৰোৰ অধ্যক্ষক সম্বৰ্ধনা জনায় দীনেশ হেগডেয়ে"।

ভি এছ কেৰ সম্পূৰ্ণ নাম হৈছে বিশ্ব সংবাদ কেন্দ্ৰ যিটো আৰ এছ এছৰ অফিচিয়েল হেড মিডিয়া অফিচ। ফেচবুক পোষ্টৰ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত ভিএছকেৰ তৰফৰ পৰা মিছা বুলি স্পষ্টীকৰণ জাৰি কৰা হয়। স্পষ্টীকৰণত কোৱা হৈছে, ‘ইছৰোৰ মুৰব্বী শ্ৰী সোমনাথে আৰ এছ এছৰ কাৰ্যালয় ভ্ৰমণ কৰা বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বাতৰি (ভিডিঅ’) সঁচা নহয়। আৰ এছ এছৰ কাৰ্যালয়লৈ তেওঁ যোৱা নাছিল। এইটো এটা পুৰণি ভিডিঅ’ ক্লিপ যেতিয়া তেওঁ TAPAS প্ৰকল্পৰ নেতৃত্ব দিয়া লোকসকলক লগ পাইছিল। TAPAS হৈছে এনে এক পদক্ষেপ য’ত অভাৱগ্ৰস্ত গ্ৰাম্য অঞ্চলৰ বিপিএলৰ ছাত্ৰ-ছাত্ৰীক আইআইটিৰ প্ৰৱেশ পৰীক্ষাৰ বাবে দুবছৰ বিনামূলীয়া আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

আমি এন জি অ’ ৰাষ্ট্ৰোত্থান পৰিষদৰ ৱেবছাইট চালোঁ, তেওঁলোকৰ ৱেবছাইটত এটা ব্লগ উপলব্ধ। সেই ব্লগ অনুসৰি ইছৰোৰ মুৰব্বীগৰাকীক বেংগালুৰুৰ চামৰাজপেতস্থিত বেচৰকাৰী সংস্থা ‘ ৰাষ্ট্ৰোত্থান পৰিষদ’ৰ মুখ্য কাৰ্যালয়লৈ নিমন্ত্ৰণ কৰি আৰ এছ এছৰ নেতা দত্তত্ৰেয় হোছাবলে চাদৰেৰে সম্বৰ্ধনা জনায়। তাত এন জি অ’ৰ সদস্যসকলো উপস্থিত আছিল।

উল্লেখযোগ্য যে ৰাষ্ট্ৰোত্থান পৰিষদ হ'ল ১৯৬৫ চনত বাংগালুৰুত স্থাপিত এটা এন জি অ' ।

ৰাষ্ট্ৰোত্থান পৰিষদৰ বিষয়ে দ্য হিন্দু, ৰিপাব্লিক ৱৰ্ল্ড আৰু বাংগালোৰ মিৰ'ৰত পূৰ্বে প্ৰকাশিত কিছু বাতৰিত ৰাষ্ট্ৰোত্থান পৰিষদক আৰ এছ এছৰ সৈতে সম্পৰ্কিত এক প্ৰতিষ্ঠান বুলি উল্লেখ কৰা হৈছিল।

গতিকে আমি ক'ব পাৰোঁ যে ইছৰোৰ মুৰব্বী এচ সোমনাথ আৰ এছ এছৰ কাৰ্যালয়লৈ যোৱা নাছিল বৰং ৰাষ্ট্ৰোত্থান পৰিষদৰ কাৰ্যালয়লৈহে গৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ইছৰোৰ মুৰব্বী এচ সোমনাথ আৰ এছ এছৰ কাৰ্যালয়লৈ যোৱা নাছিল।

Written By: Debanjana Baishya

Result: Insight