এটা অট্টালিকাৰ ভিতৰৰ অংশ, পৰম্পৰাগতভাৱে সজাই তোলা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত সোণালী সজ্জা আৰু দেৱালত চিত্ৰ অংকন কৰা এটা বৃহৎ হল দেখুওৱা হৈছে। দাবী কৰা হৈছে যে এয়া অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ দৃশ্য।

একে দাবীৰে এই ভিডিঅ'টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ'ৰৱাৰ্ড কৰা হৈছিল।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভিডিঅ'টোৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি নাগপুৰ এক্সপেৰিয়েঞ্চ নামৰ ইউটিউব চেনেল এটাত ২০২৩ চনৰ জুলাই মাহৰ ৮ তাৰিখে আপলোড হোৱা এটা ভিডিঅ' পালোঁ। ভিডিঅ'টোত কেপশ্বন লিখা আছিল এইদৰে-" Koradi Mandir || Nagpur Ram Mandir"

আমি গুগলত অধিক সন্ধান কৰিলোঁ আৰু নাগপুৰৰ কোৰাডীত ভাৰতীয় বিদ্যা ভৱনে স্থাপন কৰা ৰামায়ণ সাংস্কৃতিক কেন্দ্ৰৰ বহু ফটো আৰু ভিডিঅ' পালোঁ। ৰামায়ণ সাংস্কৃতিক কেন্দ্ৰক বিভিন্ন চিত্ৰাংকনেৰে আকৰ্ষণীয় ৰূপত উপস্থাপন কৰা হৈছে। তিনি একৰ এলেকাত দক্ষিণ ভাৰতীয় শৈলীত নিৰ্মাণ কৰা এই কেন্দ্ৰটো এটা দুমহলীয়া অট্টালিকা। প্ৰথম মহলাত মহাকাব্য ৰামায়ণৰ দৃশ্যসমূহ বিভিন্ন ছবিৰে দৰ্শোৱা হৈছে। মহৰ্ষীৰ পৰা আৰম্ভ কৰি তুলসীদাসৰ ৰামায়ণৰ মূল কাহিনীলৈকে মুঠ ১০৮খন চিত্ৰ এই গেলেৰীত দেখুওৱা হৈছে।

লগতে আমি জানিব পাৰিলো যে নাগপুৰৰ এই কেন্দ্ৰটো ২০২৩ চনৰ জুলাই মাহত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উদ্বোধন কৰিছিল। এক্স(টুইটাৰ)ত ৰাষ্ট্ৰপতিগৰাকীৰ অফিচিয়েল একাউণ্টত ৫ জুলাইত সাংস্কৃতিক কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানৰ ফটো শ্বেয়াৰ কৰা হৈছিল।

আনহাতে আমি অযোধ্যাৰ ৰাম মন্দিৰৰ স্থিতি পৰীক্ষা কৰিলোঁ আৰু আমি দেখিলোঁ যে এতিয়াও নিৰ্মাণৰ কাম চলি আছে আৰু ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। ১৪ ছেপ্টেম্বৰত ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি দেখুৱাইছিল যে মন্দিৰটো নিৰ্মাণৰ কাম এতিয়াও চলি আছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত নাগপুৰৰ কোৰাডীত ভাৰতীয় বিদ্যা ভৱনৰ সাংস্কৃতিক কেন্দ্ৰই স্থাপন কৰা ৰামায়ণ সাংস্কৃতিক কেন্দ্ৰৰ ভিতৰৰ অংশ দেখুওৱা হৈছে। অযোধ্যাৰ ৰাম মন্দিৰৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই দৃশ্য অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ হয়নে?

Written By: Debanjana Baishya

Result: False