
শেহতীয়াকৈ মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী মোহন যাদৱে তৰোৱাল যুঁজ কৰা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছত এইকেইদিন চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আন এটা তৰোৱালচালনাৰ ভিডিঅ’। দাবী কৰা হৈছে যে এই ভিডিঅ’টোত তৰোৱালচালনা কৰা ব্যক্তিজন হৈছে ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা। এই ভিডিঅ’টো আমাৰ হোৱাটচএপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল য’ত কেপশ্বন লিখা আছিল এইদৰে – “ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ অস্ত্ৰচালনা”।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ইউটিউবত কীৱৰ্ড চাৰ্চ কৰি আমি একেটা ভিডিঅ’ ২০২২ চনৰ ২৯ আগষ্টত এনডিটিভি চেনেলত প্ৰচাৰিত হোৱা দেখিলোঁ। ইয়াৰ লগত দিয়া তথ্যত কোৱা হৈছে যে এই ভিডিঅ’টো মধ্যপ্ৰদেশৰ বিত্তমন্ত্ৰী জগদীশ দেওৰাৰ। হাতত তৰোৱাল আৰু ঢাল লৈ তেওঁ অনুষ্ঠান পৰিবেশন কৰিছে। তেওঁৰ জন্মস্থান মন্দসৌৰ জিলাৰ মালহাৰগড় চহৰৰ বিখ্যাত বাবা ৰামদেৱ মেলাত তেওঁ তৰোৱাল লৈ অনুষ্ঠান পৰিৱেশন কৰিছিল।
অনুসন্ধানত আগবাঢ়ি গৈ আমি ৩০ আগষ্ট ২০২২ তাৰিখে অমৰ উজালাৰ ৱেবছাইটত এই ভিডিঅ’টোৰ বিষয়ে প্ৰকাশিত বাতৰিটো পঢ়িলোঁ। তাতো লিখা আছে যে ইয়াত দেখা পোৱা ব্যক্তিজন হৈছে মধ্যপ্ৰদেশৰ তেতিয়াৰ বিত্তমন্ত্ৰী জগদীশ দেওৰা।

এই ভিডিঅ’টো তেওঁ ২০২২ চনৰ ২৯ আগষ্টত নিজৰ টুইটাৰ হেণ্ডলতো আপলোড কৰিছিল।
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা। ভিডিঅ’টোত তৰোৱালচালনা কৰা ব্যক্তিগৰাকী ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা নহয় বৰং মধ্যপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী জগদীশ দেওৰাহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:তৰোৱালচালনা কৰি থকা এই ব্যক্তিগৰাকী ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা নহয়।
Written By: Debanjana BaishyaResult: False
