
গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ যোৱা কেইদিনমানৰ পৰা ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে কৃত্ৰিম বানপানীত বুৰ গৈছে । এনে সময়তে কৃত্ৰিম বানপানীৰ সৈতে জড়িত বিভিন্ন পোষ্টেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে । শেহতীয়াকৈ ফেক্ট ক্ৰেচেণ্ড অসমীয়াই গুৱাহাটীৰ বুলি দাবী সহ ভাইৰেল হৈ পৰা এটা ‘ৰাস্তাৰ ওপৰত মাছ সাঁতুৰি থকা’ ভিডিঅ’ৰ সত্যতা নিৰূপণ কৰি ভিডিঅ’টো প্ৰকৃততে চীনৰ বুলি নিশ্চিত কৰিলে ।

লাহে লাহে গতি লাভ কৰি ভাইৰেল হৈ পৰা আন এটা ভিডিঅ’ত দেখা গৈছে যে এক জলমগ্ন পথত কেইজনমান পুলিচ কঢ়িয়াই অনা এখন ৰিক্সা বোকাময় পানীত বাগৰি পৰিছে । গুৱাহাটীত চলি থকা বানপানীৰ সময়ত এই ঘটনা সংঘটিত হোৱা বুলি দাবী কৰা হৈছে ।
বহু অনুসন্ধানৰ পাছত আমি গম পালোঁ যে এই ভিডিঅ’টো গুৱাহাটীৰ নহয়। কেনেকৈ ইয়াত উল্লেখ কৰা হৈছে:
সত্যতা নিৰূপণ পদ্ধতি
গুগলত এটা কীৱৰ্ড অনুসন্ধানে আমাক আঠ মাহ পূৰ্বে ‘দৈনিক ভাস্কৰে’ প্ৰকাশ কৰা এটা প্ৰতিবেদনলৈ লৈ গ’ল। প্ৰতিবেদনৰ মতে, ভাইৰেল ভিডিঅ’টোত দেখা ঘটনাটো ৰাজস্থানৰ দৌছা জিলাৰ বান্দকুই চহৰত সংঘটিত হৈছিল। প্ৰতিবেদনটোত লিখা আছে যে বৰষুণৰ ফলত ভিডিঅ’টোত দেখা পথটো প্লাৱিত হৈ পৰে। ই-ৰিক্সা চালকে পথৰ গাঁতটো দেখা নোপোৱাত বাহনখন ওলোটা হৈ পৰে। এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই।
News18 ৰাজস্থানেও তেওঁলোকৰ ইউটিউবত এই ভিডিঅ’টো ৰাজস্থানৰ বুলি স্পষ্টকৈ শ্বেয়াৰ কৰিছে।
একেটা ভিডিঅ’ ইয়াৰ পূৰ্বেও ভাইৰেল হৈছিল আৰু কেপচনত উত্তৰ প্ৰদেশৰ বুলি দাবী কৰা হৈছিল। সেই সময়ত ফেক্ট ক্ৰেচেণ্ডোৱে দাউছাৰ এছ পি অনিল কুমাৰৰ সৈতে যোগাযোগ কৰিছিল যিয়ে নিশ্চিত কৰিছিল যে ভাইৰেল ভিডিঅ’টো সঁচাকৈয়ে দৌছা জিলাৰ।
‘ভাইৰেল ভিডিঅ’টোৰ লগত ‘ইউপি’ৰ কোনো সম্পৰ্ক নাই। এইটো ৰাজস্থানৰ হয়। আমি ক’ব পাৰো যে ভাইৰেল দাবীবোৰ মিছা।’-তেওঁ আমাক কয়।
উক্ত ভিডিঅ’টো ভুল দাবীৰে ভাইৰেল হোৱাৰ পাছত ইউ পি আৰক্ষীৰ Fact-Checking শাখাই এই ভিডিঅ’ সন্দৰ্ভত এটা স্পষ্টীকৰণ টুইট প্ৰকাশ কৰে।
ফলাফল
ই-ৰিক্সাত যাত্ৰা কৰি ৰাস্তাত লেতেৰা পানীত ৰিক্সা সহ বাগৰি পৰা আৰক্ষীৰ ভাইৰেল ভিডিঅ’টো গুৱাহাটীৰ নহয়, ৰাজস্থানৰহে। গুৱাহাটীত চলি থকা বানপানীৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ফেক্ট ক্ৰেচেণ্ডোৱে এই দাবীটো মিছা বুলি নিশ্চিত কৰিছে ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:জলমগ্ন পথত আৰক্ষী সহ এখন ই-ৰিক্সা বাগৰি পৰা এই ভিডিঅ’টো গুৱাহাটীৰ নহয়!
Fact Check By: Manjori BorkotokyResult: False