
শেহতীয়াকৈ দেশত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষ আৰু হিংসাত্মক ঘটনা সন্দৰ্ভত ইণ্টাৰনেটত বহু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ইফালে আমেৰিকাৰ পৰা এটা ভিডিঅ’ পোহৰলৈ আহিছে। তাত ৰাস্তাত বহু মানুহ গোট খোৱা দেখা গৈছে। পুলিচৰ ওপৰত বটল আৰু আন বহুতো বস্তু দলিয়াই দিয়াও দেখা গৈছে। এই লোকসকল আমেৰিকাৰ নিউয়ৰ্কত সংঘৰ্ষ কৰা মুছলমান শৰণাৰ্থী বুলি দাবী কৰা হৈছে।
ভাইৰেল পোষ্টটোত ব্যৱহাৰকাৰীয়ে লিখিছে, “এতিয়া নিউয়ৰ্কতো শৰণাৰ্থী মুছলমানৰ আতংক আৰম্ভ হ’ল।”

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
এই ভিডিঅ’টো ভেৰিফাই কৰিবলৈ আমি ইউটিউবত এটা কীৱৰ্ড চাৰ্চ কৰিলোঁ। এইটোৰ সৈতে মিল থকা কেইবাটাও ভিডিঅ’ আমি পালোঁ। এই সকলোবোৰ ভিডিঅ’ ৫ আগষ্টত প্ৰচাৰ কৰা হৈছিল। শুকুৰবাৰে বিয়লি টুইচ ষ্টাৰৰদ্বাৰা আয়োজন কৰা উপহাৰৰ অনুষ্ঠান বিশৃংখলতালৈ পৰিণত হোৱাৰ পিছত হাজাৰ হাজাৰ লোকে ইউনিয়ন স্কোৱাৰ পাৰ্কক দখল কৰে টুইচ নামৰ আমেৰিকাৰ লাইভ ষ্ট্ৰীমিং ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ প্ৰভাৱশালী কাই চেনেটে নিউয়ৰ্কৰ ইউনিয়ন স্কোৱাৰত প্লে-ষ্টেচন গিভএৱে ইভেণ্টৰ আয়োজন কৰিছিল। ইয়াৰ বাবেই তাত হাজাৰ হাজাৰ মানুহ গোট খাইছিল। ইয়াৰ পিছতে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰিবলগীয়া হৈছিল। তাত গোট খোৱা মানুহবোৰক নিয়ন্ত্ৰণলৈ আনিব পৰা হোৱা নাছিল। তলত দিয়া ভিডিঅ’ত চাব পাৰিব।
এই ভিডিঅ’টোবৰত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা বহু দৃশ্য দেখিবলৈ পোৱা যায়। তলত তাৰ তুলনা দাঙি ধৰা হ’ল।



ইয়াৰ পৰা আমি ক’ব পাৰো যে এই ভিডিঅ’টো নিউয়ৰ্কৰ মানহাটানত অনুষ্ঠিত হোৱা এটা গিভএৱে ইভেণ্টৰ।
৪ আগষ্টত এনবিচিনিউয়ৰ্কে প্ৰকাশ কৰা অনুসৰি মানহাটানৰ ইউনিয়ন স্কোৱাৰত এই গিভএৱে ইভেণ্টৰ ফলত সৃষ্টি হোৱা বিশৃংখলতাৰ বাবেই আৰক্ষীয়ে টুইচ এপত ষ্ট্ৰীমিং কৰাৰ বাবে বিখ্যাত কাই চেনেটক গ্ৰেপ্তাৰ কৰে। তেওঁৰ লগতে সমবেত হোৱা বহু লোককো গ্ৰেপ্তাৰ কৰা হয়। এই অনুষ্ঠানৰ কথা ঘোষণা কৰিছিল কাই চেনেটে নিজৰ ইনষ্টাগ্ৰাম পেজত। ৪ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটোত মানুহে ৩:৩০ বজাৰ পৰা হুলস্থুল কৰিবলৈ ধৰিছিল। আৰক্ষীয়ে জনোৱা মতে, প্ৰায় দুহেজাৰ লোক সমবেত হৈছিল। এই অনুষ্ঠানত চেনেটে বিনামূলীয়াকৈ প্লেষ্টেচন কনছ’ল আৰু গিফ্ট কাৰ্ড বিতৰণ কৰাৰ কথা আছিল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবী মিছা। নিউয়ৰ্কৰ মানহাটানত চ’চিয়েল মেডিয়া ইনফ্লুৱেনছাৰ এজনৰ গিভএৱে ইভেণ্টৰ বাবে মানুহ সমবেত হৈছিল, এয়া শৰণাৰ্থী মুছলমানে কৰা সংঘৰ্ষৰ ভিডিঅ’ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এয়া নিউয়ৰ্কৰ শৰণাৰ্থী মুছলমানে কৰা সংঘৰ্ষৰ ভিডিঅ’ নহয়।
Written By: Debanjana BaishyaResult: False
