হিন্দু ঈশ্বৰ হনুমানৰ ছবিৰে সজ্জিত কেশৰ পতাকা লৈ পানীৰ তলত সাঁতুৰি থকা স্কুবা ডাইভাৰৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ৰাম মন্দিৰ অভিষেক উপলক্ষে ভাৰতীয় নৌসেনাৰ এয়া এক প্ৰচেষ্টা।

ভিডিঅ'টোৰ কেপশ্বনত লিখা আছে এইদৰে,"By Indian Navy…. Under water..Jay shree Ram”।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি পৰীক্ষা কৰিলোঁ যে ভাৰতীয় নৌসেনাই ৰাম মন্দিৰৰ অভিষেক সম্পৰ্কীয় কোনো অনুষ্ঠান আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে নেকি। তেওঁলোকৰ অফিচিয়েল চ’চিয়েল মেডিয়া হেণ্ডল বা সংবাদ মাধ্যমত এনে কোনো ঘোষণা আমি নাপালোঁ।

গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া (পিটিআই)ৰ এটা টুইট পালোঁ। টুইটটোত আছিল একেধৰণৰ ভাইৰেল ভিডিঅ’। টুইটটো কৰা হৈছিল ১৯ জানুৱাৰী, ২০২৪ তাৰিখে এই কেপশ্বনেৰে ,"VIDEO | A scuba diver raises saffron flag with Lord Hanuman's image under seawater at the Shivrajpur Beach in Gujarat"(ভিডিঅ' | গুজৰাটৰ শিৱৰাজপুৰ বিচ্ছত সাগৰৰ পানীৰ তলত ভগৱান হনুমানৰ ছবি থকা কেশৰ পতাকা উত্তোলন কৰিছে এজন স্কুবা ডাইভাৰে।)

এই কথা মনত ৰাখি আমি এটা প্ৰাসংগিক কীৱৰ্ড অনুসন্ধান কৰিলোঁ, যাৰ ফলত গুজৰাটী জাগৰণে শ্বেয়াৰ কৰা গুজৰাটী বাতৰিৰ প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত স্কুবা ডাইভাৰজনৰ নাম কৰমনভা চামদিয়া বুলি উল্লেখ কৰা হৈছে কিন্তু তেওঁ ভাৰতীয় নৌসেনাৰ সদস্য বুলি ক'তো উল্লেখ কৰা হোৱা নাই।

অধিক অনুসন্ধানত আমি কৰণ চামাদিয়া নামৰ ইনষ্টাগ্ৰাম প্ৰফাইল এটা আৱিষ্কাৰ কৰিলোঁ যিয়ে শিৱৰাজপুৰ বিচ্ছৰপৰা স্কুবা ডাইভিং ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰিছিল। তাৰ পিছত আমি ইনষ্টাগ্ৰাম পোষ্ট এটাত দিয়া ফোন নম্বৰৰ জৰিয়তে সেই ব্যক্তিজনৰ সৈতে যোগাযোগ কৰিলোঁ।

তেওঁ নিশ্চিত কৰে যে ভাইৰেল ভিডিঅ’টোত তেওঁক দেখুওৱা হৈছে আৰু তেওঁ ভাৰতীয় নৌসেনাৰ সৈতে কোনো সম্পৰ্ক নাই। “এয়া আমাৰ নিজৰ ব্যৱসায়; মই গুজৰাটৰ, বহুদিন ধৰি স্কুবা ডাইভিং কৰি আহিছো। এই ভিডিঅ'টো অভিষেক অনুষ্ঠানৰ দুই তিনিদিন আগতে কৰা হৈছে। অযোধ্যা ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানটোক অনন্য কৰি তুলিবলৈ মই ভক্তিৰ বাবেই কৰিলোঁ” তেওঁ লগতে কয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। পানীৰ তলত হনুমানৰ ছবি থকা কেশৰ পতাকা উৰুৱাই থকা ব্যক্তিজনৰ নৌসেনাৰ লগত কোনো সম্পৰ্ক নাই, তেওঁ গুজৰাটৰ এজন স্কুবা ডাইভাৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পানীৰ তলত হনুমানৰ ছবি থকা কেশৰ পতাকা উৰুৱাই থকা ব্যক্তিজন ভাৰতীয় নৌসেনাৰ হয়নে?

Written By: Debanjana Baishya

Result: False