ভিডিঅ’টোত বাংলাদেশৰ হিন্দু মন্দিৰত জুই লগা দেখা গৈছে নেকি?

Communal False

শেহতীয়াকৈ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত এটা ভৱনত জুই লগা দেখা গৈছে। দাবী কৰা হৈছে যে এইটো বাংলাদেশৰ এটা হিন্দু মন্দিৰ আৰু মুছলমানে সেই মন্দিৰটো জ্বলাই দিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”বাংলাদেশত মন্দিৰ জ্বলাই দিয়া হল । হিন্দুৰ অস্তিত্ব বিপন্ন । সমগ্ৰ বিশ্বত৫৮খন ইছলামিক ৰাষ্ট্ৰ থকা পিছত শ্বেখ হাচিনা শেষ আশ্ৰয় ভাৰত”।

Facebook Link | Archived Link 

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া ঢাকা মেইল নামৰ এটা ৱেবছাইটত যোৱা ৫ আগষ্টত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি শ্বেখ হাচিনাই দেশ এৰি যোৱাৰ পাছতে প্ৰতিবাদকাৰীসকলে আনন্দ শোভাযাত্ৰা উলিয়ায়। সাতক্ষীৰা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আচামীসকলক প্ৰতিবাদকাৰীয়ে উলিয়ায় আনে। তদুপৰি বিভিন্ন ঠাইত অগ্নিসংযোগ কৰে। কিন্তু ফটোখন সম্পৰ্কে তাত কোনো তথ্য উল্লেখ কৰা হোৱা নাছিল। কোনো হিন্দু মন্দিৰত অগ্নিসংযোগ কৰা বুলিও কোনো তথ্য উল্লেখ কৰা হোৱা নাছিল।

Archived Link

এইবাৰ আমি বাংলা ভাষাত কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া এটা ফেচবুক পোষ্টত ভাইৰেল ভিডিঅ’টো পালোঁ য’ত উল্লেখ কৰা হৈছিল যে সেইটো কোনো মন্দিৰ নহয় বৰং সাতক্ষীৰাৰ এখন ৰেষ্টুৰেণ্টহে।

Facebook Link | Archived Link 

আমি পুনৰ কী-ৱ’ৰ্ড ছাৰ্চ কৰি ইউটিউবত ৭ মাহ আগেয়ে আপলোড কৰা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোত ভাইৰেল ভিডিঅ’টোত থকা ভৱনটো দেখুওৱা হৈছিল। ভিডিঅ’টোত উল্লেখ কৰা হৈছিল যে সেইখন সাতক্ষীৰা জিলাৰ কালাৰোৱা মূল পথৰ কাষৰ ৰাজ প্ৰাসাদ নামৰ এখন নতুনকৈ আৰম্ভ হোৱা ৰেষ্টুৰেণ্ট। 

Archived Link

এই ভিডিঅ’টোত ৰেষ্টুৰেণ্টখনৰ চৌহদৰ ভিতৰ অংশ‌ও দেখুওৱা হৈছিল। 

একেধৰণৰ ভিডিঅ’ এটা আমি আন এটা ইউটিউব চেনেলত পালোঁ। 

Archived Link

আমি গুগল মেপত ৰাজ প্ৰাসাদ ৰেষ্টুৰেণ্টখনৰ অৱস্থিতি বিচাৰিলোঁ আৰু তেতিয়া বাংলাদেশৰ কালাৰোৱাত এইখন আছিল বুলি নিশ্চিত হ’লোঁ।

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোত জ্বলি থকা ভৱনটো বাংলাদেশৰ হিন্দু মন্দিৰ নহয় বৰং এখন ৰেষ্টুৰেণ্টহে।

ফলাফল 

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ’টোত জুইত লগা ভৱনটো বাংলাদেশৰ হিন্দু মন্দিৰ নহয় বৰং সাতক্ষীৰা জিলাৰ কালাৰোৱাৰ ‘ৰাজ প্ৰাসাদ’ নামৰ এখন ৰেষ্টুৰেণ্টহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভিডিঅ’টোত বাংলাদেশৰ হিন্দু মন্দিৰত জুই লগা দেখা গৈছে নেকি?

Fact Check By: Debanjana Baishya 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *