শেহতীয়াকৈ হাৰিয়ানাৰ নুহ জিলাত সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি হয় য’ত ভিএইচপি আৰু বজৰংগ দলৰ উদ্যোগত আয়োজিত এক শোভাযাত্ৰাত আন এটা সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলে অস্ত্ৰ-শস্ত্ৰ লৈ অহা বুলিও খবৰ পোৱা গৈছে।

ইয়াৰ পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এজন মুছলমান লোকক ৰাইজে খেদি খেদি মাৰপিট কৰা ভিডিঅ’। এই ভিডিঅ'টো হাৰিয়ানাৰ বুলি দাবী কৰা হৈছিল। এই ধৰণৰ পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰক সমালোচনা কৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে।

কি দাবী কৰা হৈছে?

ভিডিঅ’টো শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে কৈছে যে, “হাৰিয়ানাত ৰাজ্যৰ পৃষ্ঠপোষকতাত চলি আছে সন্ত্ৰাসবাদ। নিৰ্লজ্জ বিজেপি চৰকাৰ”।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ভাইৰেল ভিডিঅ'টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰোঁতে আমি একেটা ভিডিঅ' নজৰ ইণ্ডিয়া নিউজ নামৰ ইউটিউব চেনেলত আপলোড হোৱা দেখিলোঁ। ঘটনাটো ইন্দ্ৰেশ হস্পিতালত ঘটা বুলি উল্লেখ কৰা হৈছিল।

ইয়াৰ পিছত আমি গুগল মেপৰ সহায়ত ইন্দ্ৰেশ হস্পিতাল বিচাৰিলোঁ। আমি গম পালোঁ যে এই চিকিৎসালয়খন উত্তৰাখণ্ডৰ ডেৰাডুনৰ পেটেল নগৰত অৱস্থিত।

আমি গুগল মেপত মহন্ত ইন্দ্ৰেশ হস্পিতালৰ কিছুমান ফটো পাইছিলোঁ যিবোৰৰ ভাইৰেল ভিডিঅ’টোৰ কাণ্ডৰ স্থানৰ সৈতে মিল আছিল। আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ’ আৰু গুগল মেপছ ইমেজত থকা কাষৰীয়া বিল্ডিংবোৰ একে। চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰলৈ যোৱা ৰেম্পটোৰ মাজতো আমি সাদৃশ্য দেখিলোঁ। তলত দুয়োটাৰে তুলনা চাব পাৰিব।

ওপৰৰ কথাখিনিৰ ভিত্তিত আমি ডেৰাডুনৰ পেটেল নগৰ থানাৰ সৈতে যোগাযোগ কৰি এছ এইচ অ’ৰ সৈতে কথা পাতিলোঁ৷ তেওঁ আমাক জনাইছে,“ভাইৰেল ভিডিঅ’টো ডেৰাডুনৰ মহন্ত ইন্দ্ৰেশ হস্পিতালৰ। তাত দুই সম্প্ৰদায়ৰ মানুহৰ মাজত কাজিয়া সংঘটিত হৈছিল। এফআইআৰ ৰুজু কৰা হৈছিল আৰু এই সংঘৰ্ষৰ সৈতে জড়িত কিছুসংখ্যক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। উত্তৰাখণ্ড আৰক্ষীয়ে নিজৰ টুইটাৰ হেণ্ডেলত এটা প্ৰেছ বিবৃতি প্ৰকাশ কৰিছিল আৰু তাৰ পৰাই আমি সবিশেষ লাভ কৰিব পাৰো।”

ডেৰাডুন আৰক্ষীৰ মতে, এই কাণ্ড সংঘটিত হৈছিল ২০২৩ চনৰ ২৭ জুলাইত য'ত অমিত ভাণ্ডাৰী নামৰ এজন লোকৰ সম্পৰ্কে কাজিয়া সংঘটিত হৈছিল। পেটেল নগৰ থানাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে কিছুসংখ্যক লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু ইয়াৰে দুই এজন পলাতক হৈ আছে। সম্প্ৰতি আৰক্ষীয়ে তেওঁলোকৰ সন্ধান অব্যাহত ৰাখিছে।

যিদিনা অমিত ইন্দ্ৰেশ হস্পিতালত চিকিৎসাধীন হৈ আছিল, সেইদিনা দুই এজনে কাজিয়া আৰম্ভ কৰিছিল আৰু সেই ঘটনাক সাম্প্ৰদায়িক কোণেৰে ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিবলৈ চেষ্টা চলোৱা হৈছে। ইতিমধ্যে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি কৰিব খোজা দুই এজনৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে এই ভাইৰেল ভিডিঅ'টো হাৰিয়ানাৰ নহয় উত্তৰাখণ্ডৰ ডেৰাডুনৰহে হয়, হাৰিয়ানাত চলি থকা অশান্তিৰ সৈতে এয়া জড়িত নহয়। এই ভিডিঅ’টোৰ জৰিয়তে সাম্প্ৰদায়িক অশান্তি বিয়পাবলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো হাৰিয়ানাত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ নহয়।

Written By: Debanjana Baishya

Result: False