কালি অৰ্থাৎ ২২ জানুৱাৰী তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হয়। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বহু আগৰেপৰা এই সম্পৰ্কে বিভিন্ন ফটো আৰু ভিডিঅ' চ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছিল। শেহতীয়াকৈ এটা ভিডিঅ' আমাৰ দৃষ্টিগোচৰ হ'ল য'ত এটা ক্লক টাৱাৰত শ্ৰীৰামচন্দ্ৰৰ প্ৰতিচ্ছবি দেখুওৱা হৈছে। দাবী কৰা হৈছে যে কাশ্মীৰৰ লাল চ'কত এনেদৰে ৰামৰ প্ৰতিচ্ছবি দেখুওৱা হৈছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ভিডিঅ'টো ভালদৰে পৰীক্ষা কৰিলোঁ আৰু তেতিয়া ভিডিঅ'টোৰ এঠাইত থকা পুলিচ বেৰিকেড এখন আমাৰ চকুত পৰিল। তাত লিখা আছিল এইদৰে," Max Dehradun 24×7 Emergency"।

আমি গুগলত কীৱ'ৰ্ড চাৰ্চ কৰি জানিব পাৰিলোঁ যে মেক্স হ'ল ডেহৰাডুনৰ এখন হস্পিতাল।

তাৰ পিছত আমি ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে যোৱা ১৪ জানুৱাৰীত কৰা এটা টুইট পালোঁ। তাত তেওঁ উল্লেখ কৰিছিল যে ভিডিঅ'টো ডেহৰাডুনৰ ক্লক টাৱাৰৰ য'ত স্হানীয় লোকসকলে ৰাম ভজন শুনি আছিল।

এই সম্পৰ্কে এটা ভিডিঅ' ৰিপাব্লিক ইণ্ডিয়াৰ ইউটিউব চেনেলতো আমি পালোঁ।

তলত কাশ্মীৰৰ লাল চ'কৰ ক্লক টাৱাৰ আৰু ডেহৰাডুনৰ ক্লক টাৱাৰৰ মাজৰ তুলনা চাব পাৰিব।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো মিছা। এই ভিডিঅ'টো কাশ্মীৰৰ লাল চ'কৰ নহয় বৰং উত্তৰাখণ্ডৰ ডেহৰাডুনৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো কাশ্মীৰৰ লাল চ'কৰ নহয়।

Written By: Debanjana Baishya

Result: False