শেহতীয়াকৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বহুতো ফটো আৰু ভিডিঅ' চ'ছিয়েল মিডিয়াত ভাইৰেল হৈছে। এনে সময়তে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মহাৰাষ্ট্ৰত হোৱা সমাবেশ বুলি এটা ভিডিঅ' ফেচবুকত ভাইৰেল হোৱা আমি দেখিলোঁ।

ভিডিঅ'টোৰ কেপশ্বনত লিখা আছিল এইদৰে, "BJNY IN MAHARASHTRA❤️"

BJNY অৰ্থাৎ ভাৰত জোড়ো ন্যায় যাত্ৰা। পোষ্টটোৰ কমেণ্টসমূহতো এইদৰে লিখা আছিল।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া অভিজিত কালাগে নামৰ ইনষ্টাগ্ৰাম একাউণ্ট এটাত ভাইৰেল ভিডিঅ'টো আমি পালোঁ। ভিডিঅ'টো ২০২৪ চনৰ ৫ মাৰ্চত আপলোড কৰা হৈছিল।

কিন্তু মহাৰাষ্ট্ৰত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হৈছিল ১২ মাৰ্চতহে। গতিকে আমি জানিব পাৰিলোঁ যে ভাইৰেল ভিডিঅ'টো মহাৰাষ্ট্ৰত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আগৰেপৰাই ইণ্টাৰনেটত উপলব্ধ।

Archived Link

ইয়াৰ পিছত আমি ভাইৰেল ভিডিঅ’টো আৰু আমি পোৱা ভিডিঅ’বোৰ বিশ্লেষণ কৰিলোঁ। যাৰ পৰা স্পষ্ট হৈ পৰিল যে দুয়োটা ভিডিঅ’ একে।

অধিক তথ্যৰ বাবে আমি ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী অভিজিত কালাগেৰ সৈতে যোগাযোগ কৰিলোঁ। অভিজিতে কয়, ‘মইয়েই এই ভিডিঅ’টো শ্বুট কৰিছিলোঁ। এই ভিডিঅ'টো ৰাহুল গান্ধীৰ ৰেলীৰ নহয়। বৰঞ্চ ম’হৰ গাড়ীৰ দৌৰৰ ভিডিঅ’হে। এই দৌৰ মহাৰাষ্ট্ৰ-কৰ্ণাটক সীমান্তৰ সমীপৰ একছাম্ব চিকোডীত অনুষ্ঠিত হৈছিল। দৌৰ চাবলৈ মানুহ ইয়ালৈ গৈছিল। এই দৌৰ প্ৰতি বছৰে হয়। ভিডিঅ’টোত দেখা ডাঙৰ বেনাৰখনত থকা ফটোখন ৰাহুল গান্ধীৰ ফটো নহয়। এইখন দৌৰৰ আয়োজকৰ ফটো”।

প্ৰাপ্ত তথ্যৰ সহায় লৈ আমি অধিক তদন্ত চলাই ইউটিউব চেনেল এক্সপ্ল’ৰ চিকোডিত ম’হৰ গাড়ী দৌৰৰ আন এটা ভিডিঅ’ পালোঁ। ইয়াত এক্সাম্বা, সাৱকাৰ, প্ৰকাশ হুকেৰী আৰু গণেশ হুকেৰীৰ হেচ টেগ ব্যৱহাৰ কৰা হৈছে। এই ভিডিঅ'টোত এখন ম'হৰ গাড়ী নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ তাত উপস্থিত থকা লোকসকলৰ ওপৰেৰে দৌৰি যোৱা দেখা গৈছে। ভিডিঅ'টোত থকা ডাঙৰ হ'ৰ্ডিঙত থকা ফটোখন ভাইৰেল ভিডিঅ'টোত থকাখনৰ সৈতে একেই।

Archived Link

ইয়াৰ উপৰিও আমি ২০২৪ চনৰ ৫ মাৰ্চ তাৰিখৰ এই ম’হৰ গাড়ী দৌৰৰ এটা লাইভ ভিডিঅ’ পাইছিলোঁ, গণেশ হুকেৰী নামৰ ফেচবুক একাউণ্টত। প্ৰায় ৫৩ মিনিটৰ ভিডিঅ’টোত ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল থকা কেইবাটাও দৃশ্য দেখুওৱা হৈছে, য’ত একেখিনি বেনাৰ আৰু হ'ৰ্ডিং দেখা যায়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো ২০২৪ চনৰ ৫ মাৰ্চত কৰ্ণাটকৰ বেলগাৱী জিলাত অনুষ্ঠিত ম'হগাড়ী দৌৰৰহে। ইয়াৰ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলীৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো মহাৰাষ্ট্ৰত হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলীৰ নহয়।

Fact Check By: Debanjana Baishya

Result: Misleading