
অহা ২২ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ইয়াৰ মাজতে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে কৰা ড্ৰ’ন অনুশীলনৰ ভিডিঅ’ বুলি দাবী কৰি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে ড্ৰ’ন শ্ব’।
ফেচবুকতো এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই কেপশ্বনেৰে,”প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত ড্রোন শ্ব’ৰ প্রস্তুতি….✌✌✌”।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি দেখিলোঁ যে একেটা ভিডিঅ’ ২০২৩ চনৰ ১৩ নৱেম্বৰত এক্স(পূৰ্বৰ টুইটাৰ)ত আপলোড কৰা হৈছিল। তাত লিখা আছিল যে সেই ভিডিঅ’টো অযোধ্যাৰ দীপোৎসৱৰ।
অধিক অনুসন্ধানত আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ’টো ইউটিউবত বটলেব ডাইনামিক্সে ২০২৩ চনৰ ১২ নৱেম্বৰত আপলোড কৰিছিল এই কেপশ্বনেৰে,”Diwali 2023 | Drone Show | BotLab Dynamics”

বটলেব ডাইনামিক্সৰ এক্স হেণ্ডলতো আমি একেটা ভিডিঅ’ ২০২৩ চনৰ ১২ নৱেম্বৰত আপলোড হোৱা দেখিলোঁ।
বটলেব ডাইনামিক্সৰ বিষয়ে জানিবলৈ আমি তেওঁলোকৰ এক্স হেণ্ডলত থকা বিৱৰণ চালোঁ। তাত লিখা আছিল যে বটলেব ডাইনামিক্স হ’ল ভাৰতৰ এক আগশাৰীৰ ড্ৰ’ণ ষ্টাৰ্ট-আপ।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ভিডিঅ’টোত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত কৰা ড্ৰ’ণ শ্ব’ দেখুওৱা হোৱা নাই। এই ভিডিঅ’টো দৰাচলতে অযোধ্যাৰ দীপোৎসৱৰ সময়ৰ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ভিডিঅ’টো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত হোৱা ড্ৰ’ণ শ্ব’ৰ হয়নে?
Written By: FactCrescendo AssameseResult: Misleading
