
মেইটেই আৰু কুকিৰ মাজত চলি থকা জনগোষ্ঠীয় সংঘৰ্ষই এতিয়াও মণিপুৰত চাঞ্চল্যৰ সৃষ্টি কৰি আছে। মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অভিযোগ কৰে যে ম্যানমাৰৰ সংঘাতৰ ফলত ম্যানমাৰৰ পৰা বহু কুকি পাৰ হৈ মণিপুৰত প্ৰৱেশ কৰে। তেওঁ কয় যে ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে হাজাৰ হাজাৰ শৰণাৰ্থীয়ে ছিদ্ৰযুক্ত সীমান্ত পাৰ হৈ মণিপুৰলৈ পলায়ন কৰিবলৈ বাধ্য হৈছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ম্যানমাৰৰ পৰা অহা লোকৰ ফলত মণিপুৰৰ সংখ্যাগৰিষ্ঠ মেইটেই জনসংখ্যাৰ মাজত উদ্বেগ সৃষ্টি হৈছিল।
এনে সময়তে মহিলা আৰু শিশুকে ধৰি এদল লোকে পাহাৰ বগাই এটা ঠাইৰ পৰা আন ঠাইলৈ যোৱা এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰাসকলে দাবী কৰিছে যে ইয়াত ম্যানমাৰৰ লোকে অবৈধভাৱে মণিপুৰত প্ৰৱেশ কৰা দেখা গৈছে। কেপচনত লিখা আছে, “ম্যানমাৰৰ পৰা মণিপুৰলৈ চোৰ পথ। জীৱন ৰক্ষা কৰি ভাৰতৰ পৰিবেশ বিনষ্ট কৰি কেনেকৈ ভাৰতলৈ আহিব। এই ছয় কিলোমিটাৰ পথটো এদিনতে সম্পূৰ্ণ কৰিব লাগিব”।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি মূল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি চলিত বৰ্ষৰ এপ্ৰিল মাহত এই একেটা ভিডিঅ’ ফেচবুকত আপলোড হোৱা দেখা পালোঁ। কুৰ্দি কেপশ্বন দি আপলোড কৰা ভিডিঅ’টোত সেই লোকসকল কুৰ্দিস্তানৰ পাহাৰীয়া অঞ্চলত বাস কৰা কুৰ্দি জনগোষ্ঠীৰ লোক বুলি উল্লেখ কৰা হৈছে।

অধিক অনুসন্ধানত আমি ২০২৩ চনৰ ১২ মাৰ্চত DENA নামৰ এটা তুৰ্কী ইউটিউব চেনেলত ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ পালোঁ।চেনেলটোৱে ভিডিঅ’টো ইৰাণৰ বুলি উল্লেখ কৰিছিল আৰু ভিডিঅ’টো আপলোড কৰিছিল এইদৰে, “এটা ইৰাণী যাযাবৰী পৰিয়াল তিনিটা সৰু ল’ৰা-ছোৱালীৰ সৈতে গন্তব্যস্থানত উপনীত হ’বলৈ কঠিন পথ অতিক্ৰম কৰে”।
ইয়াৰ পিছত আমি চেনেলৰ বিৱৰণ পৰীক্ষা কৰিলোঁ, য’ত এইদৰে লিখা আছিল, “ডানা চেনেললৈ আপোনাক স্বাগতম, ডানা চেনেলে ইৰাণী যাযাবৰীসকলৰ জীৱন দেখুৱাইছে।” ইৰাণৰ জাৰ্গোছ পৰ্বতমালাৰ এটা উপ-ৰেঞ্জ মাউণ্ট ডেনাত বাস কৰা লোকসকলৰ যাযাবৰী পাহাৰীয়া জীৱনৰ বৰ্ণনা কৰা অসংখ্য ভিডিঅ’ এই চেনেলত আছে।
আমি ভাইৰেল ক্লিপটোৰ ভিজুৱেল আৰু তুৰস্কৰ ইউটিউব চেনেলত আপলোড কৰা ভিডিঅ’টোৰ তুলনাও কৰিলোঁ। দুয়োটা ছবিৰ তুলনা তলত চাব পাৰিব।

ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ মণিপুৰৰ লগত সম্পৰ্ক নাই। ভিডিঅ’টোত ম্যানমাৰৰ পৰা অবৈধভাৱে মণিপুৰত প্ৰৱেশ কৰা লোকসকলৰ নহয়, ইৰাণৰ পাহাৰৰ মাজেৰে এটা যাযাবৰী পৰিয়ালৰ জীৱন আৰু তেওঁলোকৰ যাত্ৰাৰ দৃশ্য দেখুওৱা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এই ভিডিঅ’টো ম্যানমাৰৰ পৰা অবৈধভাৱে মণিপুৰত প্ৰবেশ কৰা লোকৰ নহয়।
Written By: Debanjana BaishyaResult: False
