
ছোচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ম্যানমাৰৰ নবেল বিজয়ী ৰাজনীতিবিদ আং সান সু চিক এটা সৰু কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। পোষ্টটোত সংলগ্ন ফটোত দেখা গৈছে যে আং সান সু চিয়ে কয়দীৰ পোচাক পিন্ধি এটা সৰু কাৰাগাৰত বহি আছে। Original Link- Facebook | Archived Link
পোষ্টটোৰ কেপচনত লিখা হৈছে,
“এইজনী এসময়ত মেয়ানমাৰৰ শক্তিশালী নেত্ৰী আছিল । মেয়ানমাৰৰ মুছলমান বিলাকক মাৰি – কাটি নদীত পেলাই দিছিল আৰু বাকী বোৰৰ দেশৰ পৰা খেদি দিছিল । কিন্তু এতিয়া জেইলত আছে । ক্ষমতা কেতিয়াও চিৰস্থায়ী নহয় । তাৰ জিয়া প্ৰমান এইজনী মহিলা ।
“
সেই ফটোখন আমাৰ 24×7 ফেক্টলাইন নম্বৰ 904 905 3770 লৈ প্ৰেৰণ কৰি তাৰ সত্যতা জানিব বিচৰা হৈছিল । Archived Link
সত্যতা নিৰূপন কৰি আমি জানিব পাৰিলো যে এই দাবী ভুৱা আৰু ভিত্তিহীন।
উল্লেখ্য যে, অং সান সু চি হৈছে ম্যানমাৰৰ এগৰাকী ৰাজনীতিবিদ তথা লেখিকা যিয়ে ম্যানমানৰৰ প্রথম আৰু বর্তমানৰ ৰাষ্ট্রীয় উপদেষ্টা তথা নেশ্বনেল লীগ ফৰ ডেমক্রেসীৰ নেত্ৰী। গণতন্ত্র আৰু মানবতাৰ পক্ষত সংগ্রামৰ কাৰণে তেওঁ ন’বেল শান্তি পুৰস্কাৰ (১৯৯১) সহ অনেক পুৰস্কাৰ আৰু সম্মান লাভ কৰিছিল। ৰোহিঙ্গিয়া সংকতত তেওঁৰ ভূমিকাক লৈ তীব্রভাবে সমালোচিত হৈছিল তেওঁ। এই একেটা কাৰণতেই বাংলদেশৰ জনগণ তেওঁৰ ওপৰত ৰুষ্ট হৈ আছে।
সত্যতা নিৰূপন পদ্ধতি
এই দাবীৰ সত্যতা নিৰূপন কৰোতে ফটোখনক গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো। তাৰ ফলাফল হিচাপে, কেইবাটিও ৱেবচাইটৰ অনুসন্ধান আমি পালো। ‘ল এনফৰ্ছমেন্ট টুডে’ নামৰ এটি ৱেবচাইটৰ ২০১৮ চনৰ এটি প্রতিবেদনত আচল ফটোখন দেখা পালো। মূল ফটোত কাৰাগাৰৰ ভিতৰত এগৰাকী যুৱতী বহি আছে, সেয়া সু চি নহয়। কিন্তু এই প্রতিবেদনত ফটোখন ক’ৰ বা ফটোত যাক দেখা গৈছে তেওঁ কোন, ইত্যাদি সম্বন্ধে কোনো তথ্য দিয়া হোৱা নাই।

Law Enforcement Today | Archived Link
আৰু বহু পুৰণি এক প্রতিবেদনত এই ফটোখন দেখা পোৱা যায়। এই সমস্ত তথ্যৰ পৰা প্রাসঙ্গিক কী-ৱর্ড ছার্চ কৰি স্টক ফটোৰ ৱেবচাইট ‘ইউকিপিডিয়া কমনস’ ৰ পৰা জানিব পাৰিলো যো ফটোখন আচলতে ২০১৩ চনৰ। ফটোখনৰ শিৰোনামত লিখা হৈছে “মহিলা কয়দী তেওঁৰ সৰু কাৰাগাৰত আবদ্ধ।“

তলত মূল ফটোখন আৰু সম্পাদিত ভাইৰেল ফটোখনৰ এটি তুলনা দিয়া হল যিটো দেখি নিশ্চিত হব পাৰি যে এই ফটোখনকে সম্পাদিত কৰি প্ৰচাৰ কৰা হৈছে।

যোৱা ফেব্রুৱাৰী মাহত ম্যানমাৰত অং সান সু চিক সেই দেশৰ সেনাবাহিনীয়ে গ্ৰেপ্তাৰ কৰিছিল। বিভিন্ন সংবাদ মাধ্যমৰ তথ্য অনুসৰি তেওঁ এতিয়াও কাৰাগাৰতেই আছে আৰু বন্দী হৈ থকা অবস্থাত তেওঁৰ কোনো ফটো প্রকাশ কৰা হোৱা নাই।
এই একেইখন ফটো আমাৰ কাষৰীয়া বিভিন্ন দেশত ভাইৰেল হৈছে আৰু আমাৰ ফেক্ট ক্রেছেণ্ড বাংলাদেশ, ফেক্ট ক্রেছেণ্ড শ্ৰীলংকা, ফেক্ট ক্রেছেণ্ড কেম্বডিয়াৰ সহকৰ্মী সকলেও উক্ত ‘ফেক্ট চেক’টো কৰিছে । ইয়াৰ উপৰিও ফটোখন ভাৰতৰ বিভিন্ন ৰাজ্যত ভাইৰেল হৈছে আৰু সেইবাবে ভাৰতৰ বিভিন্ন ৰাজ্যতও বিভিন্ন ভাষাত উক্ত ‘ফেক্ট চেক’টো ফেক্ট ক্রেছেণ্ডৰ টিমে কৰিছে ।
Fact Crescendo Bangladesh
Fact Crescendo Cambodia
Fact Crescendo Sri Lanka
সিদ্ধান্ত
সত্যতা নিৰূপন কৰি ফেক্ট ক্রেছেণ্ডোৱে এই সিদ্ধান্তত উপনিত হৈছো যে এই দাবী ভুল। ২০১৩ চনৰ এটি ফটোকে সম্পাদিত কৰি ‘অং সান সু চি’ৰ মুখাৱয়ব লগাই বিভ্রান্তিকৰ দাবীৰে ভাইৰেল কৰা হৈছে।

Title:কাৰাগাৰত বন্দী হৈ থকা অং সান সু চিৰ ভাইৰেল ফটোখন আচলতে সম্পাদিত!
Fact Check By: Manjori BorkotokyResult: Altered
