
হাফপেন্ট আৰু টি-ছাৰ্ট পৰিধান কৰি এলবাৰ্ট আইনষ্টাইনে এক সমুদ্ৰতীৰৰ এটা শিলৰ ওপৰত বহি চুট টাই পৰিহিত এজন লোকৰ সৈতে কথা পাতি থকা এখন ফটো অসমত ভাইৰেল হৈছে আৰু দাবী কৰা হৈছে যে সেইগৰাকী আইনষ্টাইন আৰু চুট পৰিহিত লোকজন তেখেতৰ গাড়ীচালক।
তেনেকুৱা এটা ভাইৰেল পোষ্ট কৰা হৈছিল গ্ৰন্থ সুবাস নামৰ ফেচবুক পেজ এটাৰ পৰা ২২ নৱেম্বৰ ২০২০ তাৰিখে ৰাতিপুৱা ৮:০৩ বজাত। উক্ত পোষ্টটোত বৰ্তমানলৈকে ৫১ টা কমেণ্ট, ৭৩৩ টা ৰিয়েকচন আৰু ১৩৬ টা শ্বেয়াৰ আছে । একেখন ফটোৱে “💐💐আইনষ্টাইন আৰু তেওঁৰ গাড়ীচালক💐💐
আইনষ্টাইনৰ যিজন গাড়ীচালক আছিল, তেওঁ এদিন আইনষ্টাইনক কৈছিল -আপোনাৰ প্ৰতিখন সভাত যে আপুনি ভাষণ দিয়ে, মই সেই আপোনাৰ সকলোবোৰ ভাষণ শুনি শুনি মোৰ মুখস্থ হৈ গৈছে।”আইনষ্টাইনে গাড়ীচালকৰ কথা শুনি আচৰিত!!!
“আইনষ্টাইনে গাড়ী চালকক কলে -ঠিক আছে, তেন্তে ইয়াৰ পিছত মোৰ যিখন সভা আছে ,তাৰ মানুহখিনি মোক চিনি নাপায় ,গতিকে তুমি মোৰ হৈ সভাত ভাষণ দিবা আৰু মই গাড়ীচালক হৈ তোমাৰ ঠাইত বহিঃ থাকিম।”
ঠিক সেইদৰে পিছৰ সেই সভাখনত গাড়ীচালকজনে আইনষ্টাইনৰ হৈ আইনষ্টাইনৰ দৰে সাইলাখ সলসলীয়াকৈ সভাত ভাষণ প্ৰদান কৰিলে ,আৰু সভাত অংশ গ্ৰহণ কৰা সকলো বিদ্যাৰ্থীয়ে তুমুল হাত চাপৰি বজাই সম্বোধন কৰিলে ।তাৰ পিছত সেই সকল বিদ্যাৰ্থীয়ে গাড়ীচালকক আইনষ্টাইন বুলি ভাবি আগবঢ়াই দিবলৈ গাড়ীৰ ওচৰত আহিলে।
ঠিক সেই সময়ত এজন অধ্যাপকে গাড়ীচালকক প্ৰশ্ন কৰিলে-“ছাৰ, আপুনি এই আপেক্ষিকৰ যিটো সংজ্ঞা দিলে ,ঠিক মই ধৰিব পৰা নাই, আৰু এবাৰ সংক্ষেপত বুজাই দিবনে ?”
তেতিয়া প্ৰকৃত আইনষ্টাইনে ভাবিলে যে এইবাৰ গাড়ীচালক শলঠেকত পৰিব, কাৰণ গাড়ীচালক কেনেকৈ উত্তৰ দিব?কিন্তু সেয়া নহয়গৈ গাড়ীচালকৰ উত্তৰ শুনি আইনষ্টাইন নিজেই স্তব্ধ হৈ গল।গাড়ীচালক জনে উত্তৰত কলে অধ্যাপকক-“আপুনি এই সহজ কথাটোৱে আপোনাৰ মগজুত নোসোমাল নে ?” মোৰ গাড়ীচালকক সোধক ভালকৈ বুজাই দিব।
বি:দ্ৰ:-জ্ঞানী মানুহৰ লগত থাকিলে আপুনিও এদিন এজন জ্ঞানী মানুহ হব পাৰে।আপুনি যেনেকুৱা মানুহৰ লগত সদায় সংগ দিব ,আপুনিও তেনেকুৱাই হব।
সেই কাৰণে বাংলা ভাষাত এষাৰ কথা আছে যে
“সৎ সঙ্গে স্বর্গ বাস
অসৎ সঙ্গে সৰ্বনাস” শিৰোনামেৰে প্ৰকাশ কৰা হৈছে।

Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে সেয়া আইনষ্টাইনৰ গাড়ীচালক নহয়। তলত সত্যতা নিৰুপন দেখুওৱা হল।…
সত্যতা নিৰূপন পদ্ধতি
সৰ্ব প্ৰথমে আমি ফটোখন লৈ এক গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু “”Einstein’s Long Island Summer of ’39 শিৰোনামেৰে The Long Island Press নামৰ মাহেকীয়া বাতৰি আৰু জীৱনশৈলী বিষয়ক বাৰ্তালোচনী খনত ২০১৩চনৰ ১ ফেব্ৰুৱাৰীত প্ৰকাশিত প্ৰৱন্ধটো পালো। প্ৰৱন্ধটোতো একেখন ফটোৱে ব্যৱহাৰ কৰা হৈছে আৰু তাত লিখা হৈছে যে “WHAT A PAIR: David Rothman was in his work clothes and Albert Einstein was dressed for the beach when they posed on this rock at Horseshoe Cove in Nassau Point in the summer of 1939.(কি এক যুটিঃ ডেভিদ ৰথমানে তেওঁৰ কাৰ্যালয়ৰ সাজপাৰত আৰু এলবাৰ্ট আইনষ্টাইনে সমুদ্ৰতীৰলৈ অহা পোচাক পৰিধান কৰি ১৯৩৯চনৰ গ্ৰীষ্মকালত নাছাও পইন্টৰ হৰ্ছহো কোভৰ এটা শিলত বহি ফটোৰ বাবে পোজ দিছে। (Photo by Reginald Donahue/Courtesy the Rothmans)”.

Original Link- Long Island Press | Archived Link
ইয়াৰ পিছত আমি প্ৰাসংগিক শব্দ কিছুমান লৈ গুগল ছাৰ্চ কৰি চালো আৰু একেখন ফটো সন্দৰ্ভত কেইবাটাও প্ৰৱন্ধ পালো। Rare Historical Photos নামৰ এটা ৱেবচাইটে ২০১৪ চনৰ ১২জুলাইত “Einstein at the beach, 1939” এটা লেখা প্ৰকাশ কৰিছিল আৰু তাৰ লগত ফটোখনৰ ৰঙীন কপি এটা প্ৰকাশ কৰিছিল।
একেটা ৱেবচাইটতে লিখা হৈছে “David Rothman was in his work clothes and Albert Einstein was dressed for the beach when they posed on this rock at Horseshoe Cove in Nassau Point in the summer of 1939.” (ডেভিদ ৰথমানে তেওঁৰ কাৰ্যালয়ৰ সাজপাৰত আৰু এলবাৰ্ট আইনষ্টাইনে সমুদ্ৰতীৰলৈ অহা পোচাক পৰিধান কৰি ১৯৩৯চনৰ গ্ৰীষ্মকালত নাছাও পইন্টৰ হৰ্ছহো কোভৰ এটা শিলত বহি ফটোৰ বাবে পোজ দিছে।)

Original Link- Rare Historical Photos | Archived Link
লেখাকেইটাত প্ৰকাশ কৰা হৈছে যে যেতিয়া সেই ফটোখন লোৱা হৈছিল সেই সময়ত ডেভিদ ৰথমান আছিল নিউ ইয়ৰ্কৰ ৰথমানছ ডিপাৰ্টমেন্টেল ষ্টোৰৰ স্বত্বধিকাৰী।
ইয়াৰ পিছত আমি গুগল ছাৰ্চ কৰি বিচাৰি চাবলৈ চেষ্টা কৰিলো, আইনষ্টাইনে নিজৰ অনিচ্ছাৰ বাবে এটা অনুষ্ঠানত ভাষণ দিব মন নকৰি তাত অংশ গ্ৰহন নকৰাকৈ নিজৰ গাড়ীচালকৰ সৈতে সেই স্থান পৰিত্যাগ কৰা কাহিনীটো সন্দৰ্ভত কিব তথ্য লাভ কৰো নেকি।
আমি Snopes ২০০৪ চনৰ এপ্ৰিলত “Albert Einstein Switches Places with His Chauffeur” শিৰোনামেৰে প্ৰকাশ কৰা এক সত্যতা নিৰুপন কৰা লেখা পালো,যত এই কাহিনীটো অসত্য বুলি প্ৰকাশ কৰা হৈছে। Original Link- Snopes | Archived Link
লেখাটোত প্ৰকাশ কৰা হৈছে এই কাহিনীটো বহু পুৰণি জিউজ লোককথাৰ অংশ হিচাপে সাধাৰণতে বিভিন্ন ধৰণে প্ৰকাশ কৰি উল্লেখ কৰা হৈ থাকে, যত কোৱা হয় যে এগৰাকী ব্যক্তিক কেইবাগৰাকীও বৃদ্ধৰ সমুখত ভাষণ দিবলৈ আমন্ত্ৰন কৰা হৈছিল কিন্তু তেওঁ অনিচ্ছাৰ বাবে নিজৰ লগুৱাৰ লগত দুৰৰ চহৰৰ সেই স্থানলৈ নগল। লেখাটোৱে দাবী কৰিছে যে ২০০৪চনত ৰিডাৰ্ছ ডাইজেষ্টত কাহিনীটো প্ৰকাশ হৈছিল কিন্তু তাত জিউজ বিজ্ঞলোক বা আইনষ্টাইনৰ সলনি ইউ এছ মেৰাইনছৰ কথাহে উল্লেখ কৰা হৈছিল।
ফলাফল :
ফটোখনত থকা লোকজন এলবাৰ্ট আইনষ্টাইনৰ গাড়ীচালক নহয়, তেওঁ হৈছে এখন ডিপাৰ্টমেন্টেল ষ্টোৰৰ স্বত্বাধিকাৰী ডেভিড ৰথমান।

Title:ফটোত এলবাৰ্ট আইনষ্টাইনৰ কাষত থকা ব্যক্তিগৰাকী তেওঁৰ গাড়ীচালক নহয়!
Fact Check By: Manjori BorkotokyResult: False