এয়া বিহাৰৰ কোনো কলেজৰ নহয়, দিল্লীৰ বিশ্ববিদ্যালয়ৰ অধীনৰ শ্ৰীভেংকটেশ্বৰা কলেজৰহে দৃশ্য।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো বিহাৰৰ। ভিডিঅ’টোত দেখা যায় যে এটি শ্ৰেণীকোঠাত বহুকেইগৰাকী ছাত্ৰী বহি আছে আৰু তাত এটি কুকুৰ সোমাই আহিছে। ব্যৱহাৰকীৰগৰাকীয়ে ভিডিঅ’টোত কৈছে যে সেয়া বিহাৰৰ এখন কলেজ য’ত পৰীক্ষা নিয়ন্ত্ৰণ কৰিবলৈ কুকুৰ ব্যৱহাৰ কৰা হয়।    Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? […]

Continue Reading

প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান এতিয়া ঘটা নাই। খবৰটো মিছা। 

১০ নৱেম্বৰ ২০২৫, সোমবাৰে সন্ধিয়াৰে পৰা অসমৰ সামাজিক মাধ্যমত প্ৰচাৰ হ’বলৈ ধৰিলে যে আমাৰ দেশৰ প্ৰসিদ্ধ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাসৱান ঘটিছে। কেইবাজনো ব্যৱহাৰকাৰীয়ে ধৰ্মেন্দ্ৰৰ প্ৰয়াণ ঘটা বুলি পোষ্ট দিয়া আমাৰ দৃষ্টিগোচৰ হ’ল। দাবী কৰা হ’ল যে অভিনেতাগৰাকী আৰু ইহ সংসাৰত নাই। তেনেকুৱা কেইবাটাও দাবী তলত সংলগ্ন কৰা হৈছে। Facebook Link Archived Link Facebook Link Archived Link […]

Continue Reading

বিদেশৰ এই সংগীতৰ দলটোৱে জুবিন গাৰ্গৰ গীতৰ সুৰ বজোৱা নাছিল। কি বজাইছিল জানো আহক।  

শেহতীয়াকৈ  অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে বিদেশত এটা সংগীত শিল্পীৰ দলে জুবিন গাৰ্গৰ গীতৰ সুৰ বজাইছে। ভিডিঅ’টোত দেখা গৈছে যে এক বিশেষ যন্ত্ৰত উঠি কেইগৰাকীমান সংগীত শিল্পীয়ে চেক্স’ফোন, গীটাৰ, ড্ৰাম আদি বজাইছে আৰু আৱহত শুনা গৈছে হিয়া দিয়া নিয়া নামৰ অসমীয়া চিনেমাখনত জুবিন গাৰ্গৰ সংগীত পৰিচালনা আৰু কণ্ঠেৰে […]

Continue Reading

এয়া বিহাৰৰ কোনো নদী নহয়। এয়া প্ৰশান্ত মহাসাগৰৰ দৃশ্যহে।  

শেহতীয়াকৈ  অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেয়া বিহাৰৰ এখন নদীৰ বুলি দাবী কৰিছে। তেওঁ ভিডিঅ’টোৰ একোনত ওলাই কৈছে যে সেয়া বিহাৰৰ ৰঙা মাছ অথবা তেজৰ মাছ থকা নদী।   Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ […]

Continue Reading

এইজন শ্যামকানু মহন্ত নহয়। গণপ্ৰহাৰৰ বলি হোৱা লোকজন তুফানগঞ্জৰ বিজেপি সদস্য নিখিল গাবুয়া।

শেহতীয়াকৈ যোৱা ১৭ অক্টোবৰ ২০২৫ত অসমৰ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে হালধীয়া বৰণৰ চোলা পিন্ধা মানুহ এজনক আন কেইজনমান মানুহে প্ৰহাৰ কৰিছে। উপৰ্যুপৰি প্ৰহাৰ কৰি তেওঁক মাটিত বগৰাই দিছে। ভিডিঅ’টোৰে দাবী কৰা হৈছে যে সেই হালধীয়া পোচাক পিন্ধা লোকজন জুবিন গাৰ্গৰ মৃত্যুৰ হৈতে সাঙোৰ খোৱা, অভিযুক্ত শ্যামকানু […]

Continue Reading

এইসকল জুবিন অনুৰাগী নহয়। এয়া উত্তৰ প্ৰদেশৰ বৰেইলীত হোৱা এক ধৰ্মীয় প্ৰতিবাদী সংঘাতৰ দৃশ্য।   

যোৱা ১৫ অক্টোবৰ ২০২৫ত অসমৰ বাক্সা জিলাৰ নিকাচিত থকা জিলা কাৰাগাৰলৈ লৈ যোৱা হয় জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা ৫ অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দিপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। তেওঁলোকক আৰক্ষীয়ে নিৰাপত্তা বেষ্টনীৰ মাজেৰে নি কাৰাগাৰ চৌহদৰ ভিতৰত প্ৰবেশ পৰোৱাৰ সময়তেই তাত উপস্থিত থকা শ শ লোকে এক উত্তাল […]

Continue Reading

এইগৰাকী জুবিন গাৰ্গ নহয়। এওঁৰ নাম চানী নানাচাহেব ৱাঘচৌৰে ওৰফে গোল্ডেন বয় অৱ ইণ্ডিয়া।    

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম, ইউটিউৱ আৰু ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখা ব্যক্তিগৰাকী সদ্য ধৰাত্যাগী শিল্পী জুবিন গাৰ্গ। ভিডিঅ’টোত দেখা গৈছে যে এখন হোটেলৰ এটা কোঠাৰ সমুখত দুজন বাউঞ্চাৰ আছে আৰু তেওঁলোকে দুৱাৰ খুলি দিয়াৰ পাছত ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যোৱা কেমেৰাত বন্দী হৈছে বিচনাত শুই থকা এগৰাকী ব্যক্তি। তেওঁ দেহৰ […]

Continue Reading

বাংলা চিনেতাৰকা দেৱ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হোৱা নাছিল। মিছা দাবী এয়া।  

শেহতীয়াকৈ অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে যোৱা ২৭ চেপ্তেম্বৰ,২০২৫ত ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখাৰ ধৰণে বাংলা চিনেমা জগতৰ তাৰকা অভিনেতা দেৱ আহি উপস্থিত হৈছিলহি সদ্য দেৱংগত জুবিন গাৰ্গৰ গুৱাহাটীস্থিত বাসগৃহত। জুবিন গাৰ্গৰ দেহাৱসানৰ ৭টা দিন পাছত দেৱ আহি উপস্থিত হোৱা বুলি টেক্সট ওভাৰলে(Text Overlay) কৰি উল্লেখ কৰাৰ উপৰিও ভিডিঅ’ত থকা পাৰ্শ্বকণ্ঠতো উল্লেখ […]

Continue Reading

এয়া ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ দৃশ্য নহয়। এয়া ‘চিকাৰ’ চিনেমাখনৰহে দৃশ্য।

শেহতীয়াকৈ অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে যোৱা ৬ অক্টোবৰ ২০২৫ত ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ অভিনীত মুক্তি আসন্ন চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ দৃশ্য বুলি দাবী কৰিছে। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ […]

Continue Reading

এয়া জুবিন গাৰ্গ নহয়। সেইটো আচলতে LUCAS3 নামৰ এটা কৃত্ৰিম চিপিআৰ যন্ত্ৰৰ প্ৰদৰ্শনমূলক ভিডিঅ’হে।

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইউটিউৱ আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ৰ বা তাৰ পাছৰ বুলি দাবী কৰা দেখা গৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে এটা কৃত্ৰিম চিপিআৰ যন্ত্ৰৰ জৰিয়তে এগৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে। ভিডিঅ’টোৰ পাৰ্শ্বপটত জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটি শুনা হৈছে আৰু জুবিন গাৰ্গৰ কণ্ঠ […]

Continue Reading