যোৱা ২৩ এপ্ৰিল ২০২৫ৰ ভিডিঅ’কে ১৬ মে’ ২০২৫ৰ বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ যোৱা ১৬ মে ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে বাতৰি পঢ়ি থকা এগৰাকী মহিলা সাংবাদিকৰ এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো সেইদিনটোৰ অৰ্থাত ১৬মে’ৰ। তুৰস্কত অহা ভূমিকম্পত এইদৰে বাতৰিৰ মাজতে কম্পিত হৈছিল বুলি কোৱা হৈছে পোষ্টটোত।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

ইষ্টানবুল বিমান বন্দৰৰ ফটো উত্তৰ প্ৰদেশৰ নতুন ২১ সংখ্যক বিমান বন্দৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি দাবী কৰিছে যে সেইখন উত্তৰ প্ৰদেশৰ এটা নতুন বিমান বন্দৰৰ ফটো। লগতে দাবী কৰিছে যে এই নতুন বিমান বন্দৰেৰে উত্তৰ প্ৰদেশ ২১টা বিমান বন্দৰ থকা ৰাজ্য হৈ পৰিছে। পোষ্টটোত লিখিছে এইদৰেঃ- কি ধুনীয়া দেখোন। কুম্ভমেলাৰ পাছত এনেকুৱা বিমান বন্দৰ বনাব পাৰিছে উত্তৰ প্ৰদেশে। ২১টা বিমান বন্দৰ […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ তুৰস্কৰ ভূমিকম্পৰ পিছৰ বুলি শ্বেয়াৰ কৰা হৈছে

তুৰস্ক আৰু ছিৰিয়াত হোৱা বিধ্বংসী ভূমিকম্পৰ পিছত বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হৈছিল য’ত এগৰাকী কণমানিয়ে কোচত এটি কেঁচুৱা লৈ নিচুকাবলৈ চেষ্টা কৰি থকা দেখা গৈছিল।  দাবী কৰা হৈছে যে এই ভিডিঅ’টো তুৰস্কৰ ভূমিকম্পৰ পিছৰ হয়। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে  “🔷তুৰ্কীৰ ভূমিকম্পৰ পিছৰ কিছু […]

Continue Reading

ধ্বংসাৱশেষৰ ওপৰত বহি থকা কুকুৰৰ ফটোসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয়

শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ উপৰিও অসংখ্য লোক গৃহহীন হৈছে। শেহতীয়া খবৰ অনুসৰি এই পৰ্যন্ত ৩৫০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বৃহৎ পৰিসৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। এনে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ নানা ধৰণৰ ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা […]

Continue Reading

বিস্ফোৰণৰ পুৰণি ভিডিঅ’ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে

তুৰস্ক আৰু ইয়াৰ চুবুৰীয়া দেশসমূহক ধাৰাবাহিকভাৱে হোৱা বৃহৎ ভূমিকম্পই জোকাৰি যোৱাৰ পিছত তুৰস্কৰ পৰা পোৱা গৈছে ধ্বংসৰ বিভিন্ন হৃদয় বিদাৰক খবৰ। এই বিপৰ্যয় আৰু ইয়াৰ ফলত হোৱা ধ্বংসলীলাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। ইয়াৰ ভিতৰত আমি কিছুমান অসংলগ্ন ভিডিঅ’ পাইছিলোঁ যিবোৰ তুৰস্কত হোৱা ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে। তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ আমি […]

Continue Reading

এই ভিডিঅ’টোত থকা ভিডিঅ’ ক্লিপসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হয়নে?

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে চৈধ্য হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে।  তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ বুলি কেইবাটাও ভিডিঅ’ ক্লিপ সংলগ্ন […]

Continue Reading

এই ফটোখন তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ নহয়

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে পাঁচ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ দাবীৰে এখন ফটো ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে । ফটোখনৰ তলতে লিখা আছিল এইদৰে “তুৰ্কী আৰু ছিৰিয়াত বৰভূইকঁপত […]

Continue Reading