ৰাছেলছ্ ভাইপাৰ সম্পৰ্কত পুনৰ বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হৈছে ফেচবুকত। 

শেহতীয়াভাবে অসমত ৰাছেলছ্ ভাইপাৰ প্ৰজাতিৰ সাপক লৈ অনেক জল্পনা-কল্পনা বিয়পি কৰিছে। তাৰ মাজতে ভুল আৰু বিভ্ৰান্তিকৰ তথ্য কিছুমানো প্ৰচাৰ হৈ আছে। তেনে পৰিপ্ৰেক্ষিততে ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইতিমধ্যেই সবিস্তাৰ তথ্য আৰু সত্য সামৰি এক বিশেষ বিশ্লেষণাত্মক লেখাও শেহতীয়াভাৱে প্ৰকাশ কৰিছিল যদিও এতিয়াও সামাজিক মাধ্যমত কিছুমান বাৰ্তা বিয়পি আছে। তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে। এটা […]

Continue Reading

মুম্বাইত ছিয়া মুছলমানসকলে আছুৰাৰ সময়ত ব্যৱহাৰ কৰা ঘোঁৰাটোক নিৰ্যাতন কৰি ৰক্তাক্ত কৰা নাছিল। ঘোঁৰাটোৰ গাত ৰং সানি সেইদৰে লৈ যোৱা হৈছিল।  

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক জনসমুহৰ মাজত এটি ৰক্ত ৰঞ্জিত শুকুলা ঘোঁৰাক আগুৱাই লৈ যোৱা দেখা গৈছে। ঘোঁৰাটোক নিৰ্যাতন কৰি ৰক্তাক্ত কৰা বুলি দাবী কৰি ভিডিঅ’টো ফেচবুকত প্ৰচাৰ কৰা হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো প্ৰচাৰ কৰি সেয়া মুম্বাইৰ ৰাজপথত ছিয়া মুছলমানে আছুৰা নামৰ উৎসৱ পালনৰ সময়ত ঘোঁৰাটোক সেইদৰে আহত কৰা বুলি […]

Continue Reading

পুৰীৰ জগন্নাথ ৰথযাত্ৰাত শ্বাসৰূদ্ধ হৈ এজন লোকৰহে প্ৰাণহানি হৈছে, তিনিজনৰ নহয়। 

শেহতীয়াভাবে অসমত এটা বিশেষ খবৰ ভাইৰেল কৰা হৈছে যে অতি শেহতীয়া পুৰীৰ জগন্নাথ ৰথযাত্ৰাত হোৱা ঠেলা-হেঁচাত মানুহৰ ভৰিৰ গচকত ৪০০জন ভক্ত আহত হৈছে আৰু তিনিজন ভক্তৰ মৃত্যু ঘটিছে। আহতসকলৰ বহুজনৰ অৱস্থা সংকটজনক বুলিও উল্লেখ কৰা হৈছে। তদুপৰি মৃতকৰ সংখ্য়া বাঢ়িব পাৰে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ বুলি প্ৰচাৰ কৰা হৈছে। এটা ফেচবুক পেজে জগন্নাথ ৰথযাত্ৰাৰ এখন […]

Continue Reading

বদৰুদ্দিন আজমলে জিভা পিছলি ৰবিকুল হুছেইনেই জয়লাভ কৰিব আৰু তেওঁ জিকাৰ প্ৰশ্নয়ে নাই বুলি কৈছিল  

শেহতীয়াভাবে অসমত এটা ভিডিঅ’ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এটা ফেচবুক একাউণ্টত সেই ভিডিঅ’টো আপলোড কৰি ভিডিঅ’টোৰ ওপৰত লিখি দিয়া হৈছে- “সচা কথা কোৱাৰ বাবে ধন্যবাদ। ধুবুৰীত ৰকিবুল হুছেইন জিকিব” । ভিডিঅ’টোত অসমৰ ৰাজনৈতিক দল এআইইউডিএফৰ মুৰব্বী তথা প্ৰাক্তন সাংসদ আৰু সদ্যঘোষিত ১৮ সংখ্যক লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ […]

Continue Reading

পশ্চিমবংগৰ মালডাৰ বিজেপি অফিচ লণ্ডভণ্ড কৰা পুৰণি দৃশ্য অসমৰ বুলি পুনৰ ভাইৰেল।

২০২৪ চনৰ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ভাৰতত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ দ্বাৰা ১৮ সংখ্যক লোকসভাৰ ৫৪৩ জন সদস্যক নিৰ্বাচিত কৰা হ’ব। সাধাৰণ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দৈনিক বহু ছবি আৰু ভিডিঅ’ই ইণ্টাৰনেটত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰি আছে। আনফালে, এটা দলীয় কাৰ্যালয়ৰ আচবাব ভাঙি, প’ষ্টাৰ ফালি পেলোৱাৰ দৃশ্যৰে এটা ভিডিঅ’ ছ’চিয়েল […]

Continue Reading

২০২২ চনৰে তেলেংগানাৰ উপ-নিৰ্বাচনৰ সময়ৰ সংঘৰ্ষৰ ভিডিঅ’ শেহতীয়া বুলি প্ৰচাৰ।  

দেশৰ সাধাৰণ নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত ৰাজনৈতিক বিষয়বস্তুৰে ভৰি পৰিছে। এই বিষয়বস্তু সমূহ ৰাজনৈতিক দলসমূহে প্ৰচাৰৰ বাবে আৰু তেওঁলোকৰ প্ৰতিদ্বন্দ্বী দলসমূহক লক্ষ্য কৰি শ্বেয়াৰ কৰা দেখা গৈছে। ব্যাপকভাৱে শ্বেয়াৰ হোৱা এনেকুৱা এটা ভিডিঅ’ত দেখা গৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ বাহনত একাংশ লোকে আক্ৰমণ কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ […]

Continue Reading

ৰাহুল গান্ধীয়ে ইংলণ্ডত নহয়, মধ্যপ্ৰদেশত হে কৈছে এই কথা। 

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, যিটোত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হাতত মাইক এটা লৈ বহু লোকৰ মাজত এখন গাড়ীৰ ওপৰত ভাষণ দি থকা দেখা গৈছে। তেওঁ আমাৰ দেশৰ নিবনুৱা সমস্যা আৰু সংখ্যাৰ কথা কৈ থকা শুনা গৈছে। পাকিস্তান, ভূটান আদি দেশৰ সৈতে তুলনা কৰি ভাৰতৰ নিবনুৱাৰ সংখ্যা অধিক বুলি উল্লেখ কৰা শুনা […]

Continue Reading

২০২২ চনত মুম্বাই বিমান বন্দৰত তোলা বিৰাট-অনুষ্কাৰ ফটোকে জামনগৰ বিমান বন্দৰৰ শেহতীয়া ফটো বুলি দাবী কৰি প্ৰচাৰ।  

শেহতীয়াভাবে দেশৰ ধনাঢ্য ব্যৱসায়ী মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ ৰাজকীয় বিবাহক লৈ সমগ্ৰ দেশতেই চৰ্চা অব্যাহত আছে। যেন সমগ্ৰ বিশ্বৰে সকলো স্তৰৰ তাৰকাৰ মহামিলন ঘটিছে সেই বিয়াখনত। সেই বিয়াত কোন কোন উপস্থিত আছিল,সেই কথা দোহৰা নিস্প্ৰয়োজন। তাৰ মাজতে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী আৰু তেওঁৰ সহধৰ্মিনী মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাৰ এখন ফটো ভাইৰেল হৈছে এই […]

Continue Reading

এই কৃষক আন্দোলন পাকিস্তানী গজৱা-এ-হিন্দৰ অন্তৰ্গত আক্ৰমণ নহয়। এই দাবী বিভ্ৰান্তিকৰ।     

শেহতীয়াভাৱে কৃষক সংঘই যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰাবলৈ দিল্লীলৈ প্ৰতিবাদী আন্দোলন আৰম্ভ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ফটো আৰু ভিডিঅ’ বিভিন্ন মিছা, বিভ্ৰান্তিকৰ,সংগতিহীন দাবীৰে ভাইৰেল হৈ আছে। তেনেকুৱা এটা ভিডিঅ’ এগৰাকী ব্যৱহাৰকাৰীয়ে ফেচবুকত আপলোড কৰি দাবী কৰিছে যে শেহতীয়া এই কৃষক আন্দোলনৰ আঁৰত আছে পাকিস্তানী বিচ্ছিন্নতাবাদী আৰু ই আন্তৰ্জাতিক […]

Continue Reading

২০২১চনৰে ফটো ব্যৱহাৰ কৰি শেহতীয়া কৃষক আন্দোলনত ৰাহুল গান্ধীয়ে নেতৃত্ব দিছে বুলি প্ৰচাৰ কৰা হৈছে।     

শেহতীয়াভাৱে দেশত চৰ্চাৰ বিষয় হৈ থকা কৃষক আন্দোলনৰ পৰিপ্ৰেক্ষিতত অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো আৰু ভিডিঅ’ অপব্যাখ্যা আৰু ভুল তথ্যৰে ভাইৰেল হৈ পৰিছে। বিভিন্ন মিছা দাবীৰে কৃষক আন্দোলনকেন্দ্ৰীক ফটো বা ভিডিঅ’ প্ৰচাৰ হৈছে। তেনেকুৱা এটা ফেচবুক পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে, য’ত দেখা গৈছে যে বহুকেইজন আন লোকৰ লৈকে এখন ট্ৰেক্টৰত […]

Continue Reading