কৰ্ণাটকৰ পুৰোহিতসকলৰ এক পুৰণি ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত কেইগৰাকীমান পুৰোহিত আৰু আন ব্যক্তিৰ মাজত বাক-বিতণ্ডা হোৱা দেখা গৈছে। ভিডিঅ’টো ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “💰দান পাত্ৰৰ টকা💰 কৰ্ণাটকৰ অধিকাৰী বিষয়ববীয়াই মন্দিৰৰ দানপাত্ৰত উঠা টকা নিব আহিছিল। পূজাৰী সকলে বিৰোধিতা কৰি আগতে মছজিদ আৰু চাৰ্ছৰ দান পাত্ৰৰ টকা আনিব দিলে। হিন্দু জাগিছে🚩 Facebook Link | […]

Continue Reading

আইছিছে ছিৰিয়াত ধ্বংস কৰা মছজিদৰ ভিডিঅ’ পেলেষ্টাইনত ইজৰাইলে কৰা আক্ৰমণ বুলি ভাইৰেল।  

অতি শেহতীয়া ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মছজিদত নামাজ পঢ়ি থকাৰ সময়তে এক বিস্ফোৰণ হয়। ভিডিঅ’টোত দাবী কৰা হৈছে যে পেলেষ্টাইনৰ এই মছজিদটো বৰ্তমানৰ যুদ্ধৰ সময়ত ইজৰাইলীসকলে ধ্বংস কৰিছে । […]

Continue Reading

এই ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা নাছিল।

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। “ইজিপ্টৰ ১০০০ বছৰ পুৰণি এখন মছজিদত আমাৰ মোদী চাহাব” শীৰ্ষক ফটোখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুছলমান টুপী পৰিধান কৰা দেখা গৈছে। Facebook Link | Archived Link তেনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো চাব পাৰিব। আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading