মণিপুৰত এগৰাকী কুকী মহিলাক আৰএছএছৰ মানুহে এইদৰে হত্যা কৰিছেনে? সত্যটো কি?

শেহতীয়াকৈ ২০২৩ চনৰ ১৯ জুলাইত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰচাৰ হৈছিল য’ত দেখা গৈছিল যে দুগৰাকী কুকি মহিলাক উলংগ কৰি হিংসাত্মকভাৱে ভিৰৰ মাজেৰে লৈ যোৱা হৈছিল আৰু তেওঁলোকৰ ওপৰত যৌন নিৰ্যাতন চলোৱা হৈছিল। সেই ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত ভাৰতৰ আইন-শৃংখলা আৰু মহিলাসকলৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল ক্ষুব্ধ হৈ পৰিছিল। মণিপুৰত চলি […]

Continue Reading

ফিফা ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হোৱাৰ পাছত ব্ৰাজিল দলৰ অনুৰাগীয়ে দলটোৰ ওপৰত কণী নিক্ষেপ কৰা বুলি পুৰণি আৰু অপ্ৰাসংগিক ভিডিঅ’শ্বেয়াৰ কৰা হৈছে

ফিফা বিশ্বকাপ ২০২২ত ব্ৰাজিলে কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পিছত ক্ষুব্ধ অনুৰাগীৰ দল এটাই বাছত কণী নিক্ষেপ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। এনেধৰণৰ ভিডিঅ’ ইউটিউবত আপলোড হোৱা দেখা গৈছে। Capital TV নামৰ এটা ইউটিউব চেনেলে আপলোড কৰা এটা ভিডিঅ’ত কোৱা হৈছে যে ব্ৰাজিল দল ফিফা ৱৰ্ল্ডকাপৰ পৰা বাহিৰ হোৱাৰ ফলত অনুৰাগীসকলে ব্ৰাজিল দলৰ […]

Continue Reading

জলাশয়ৰ এটা গাঁতত তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ আদি সোমাই যোৱা ভিডিঅ’টো অসমৰ নহয়

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ই বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে মেটেকাজাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ এক বিশাল জলাশয় আৰু সেই জলাশয়ৰ এটা অংশত এটা গাঁত। সেই গাঁতলৈ তীব্ৰ সোঁতত জলাশয়ৰ পানী, উদ্ভিদ সকলোবোৰ সোমাই গৈ আছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে সেই দৃশ্য সুঁতিৰপাৰ ৰৌমাৰী বিলৰ।  Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading