ইনফ'চিছ ফাউণ্ডেছনৰ চেয়াৰপাৰ্ছন সুধা মুৰ্তীৰ এখন ফটো শেহতীয়াভাৱে ভাইৰেল হৈছে,য'ত তেওঁক পাচলিৰ এখন দোকানত দেখা গৈছে আৰু লিখা হৈছে যে নিজৰ অহংবোধ নাইকিয়া কৰিবলৈ তেখেতে প্ৰতি বছৰে এটা দিনত পাচলি বিক্ৰী কৰে।

তেনেকুৱা এখন ফটো এগৰাকী ফেচবুক ব্যৱহাৰকাৰী আনোৱাৰ এইছ চোনাৰে গ্ৰন্থ সুৱাস নামৰ এটা গ্ৰুপত ২০২০ চনৰ ১০ অক্টোবৰত ৪বাজি ৪১ মিনিটত পোষ্ট কৰিছিল ।

Sudha Vegetables FB.png

Original Post- Facebook | Archived Post

সেই পোষ্টটোত ফটোখনৰ কাষত এই কথাখিনি লিখা আছিল।

" *এখেত শ্ৰীমতি সুধা মূৰ্তি*

-গোল্ড মেডেলিষ্ট ইঞ্জিনিয়াৰ।

-ইঞ্জিনিয়াৰিং টীছাৰ।

-পদ্মশ্ৰী বঁটাপ্ৰাপ্ত।মাৰাঠী/ইংৰাজী লেখিকা।

-টাটা টেলকোৰ প্ৰথম মহিলা ইঞ্জিনিয়াৰ।

-গেটচ ফাউণ্ডেছনৰ সদস্যা।

-সৰ্বোপৰি তেখেত ইনফোচিছৰ প্ৰতিস্থাপক সদস্য শ্ৰী নাৰায়ন মুৰ্তীৰ সহধৰ্মিনী।

তথাপি প্ৰতিবছৰে এদিন তেখেতে চবজি বিক্ৰী কৰে,কেৱল নিজৰ ইগো,নিজক ডাঙৰ ভৱা কন্ট্ৰোল কৰাৰ বাবে,সমাজৰ নিম্ন লেভেলৰ লোকক বুজাৰ বাবে!"

সুধা মুৰ্তীয়ে পাচলি বিক্ৰী কৰি থকা দেখা গৈছে নেকি? আহক এই দাবীৰ সত্যতা নিৰূপন কৰো।

প্ৰণালী

আমি প্ৰাসংগিক শব্দ লৈ এটা চাৰ্ছ কৰিলো আৰু দ্য হেনচ ইণ্ডিয়া নামৰ ৱেবচাইটটোৱে 'আই এম নট চিটিং দেয়াৰ টু চেল ভেজিটেবল,আই এম চিটি দেয়াৰ এজ এ দেভ'টী: সুধা মুৰ্তী" শীৰ্ষক সুধা মুৰ্তীৰ ২০২০ চনৰ ২৫ চেপ্টেম্বৰৰ এটা সাক্ষাৎকাৰ পালো।

Sudha Vegetables Hans.png

Screenshot Article published on The Hans India

Original Link- The Hans India | Archived Link

আমি ইটি নাওৰ জ্যেষ্ঠ সম্পাদক চন্দ্ৰা শ্ৰীনাথৰ ২০২০ চনৰ ১৩ চেপ্টেম্বৰৰ দিনৰ ১০ বাজি ৪৭ মিনিটত কৰা এটা টুইটাৰ পোষ্টো দেখিলো, য'ত তেওঁ লিখিছে তেওঁলোকে ইনফোচিছৰ সৈতে যোগাযোগ কৰি গম পাইছিল যে সুধা মুৰ্তীয়ে তাত পাচলি বিক্ৰী কৰিবলে নহয়, মন্দিৰলৈ সেৱা কৰিবলৈ গৈ হে বহিছিল।

Original Link- Twitter | Archived Link

ইয়াৰ পিছত আমি বেংগলোৰ মিৰৰ নামৰ ৱেবচাইটটোত ২০১৩ চনৰ ২৭ অক্টোবৰত প্ৰকাশ হোৱা এটা বাতৰি পালো। বাতৰিটো মতে সুধা মুৰ্তীয়ে বছৰত তিনিবাৰ বাংগালুৰুৰ জয়ানগৰস্থিত ৰাঘৱেন্দ্ৰ স্বামী মন্দিৰত সেৱা আগবঢ়ায়।

Sudha Vegetables Blr.png

Screenshot Bangalore Mirror Article

Original Link- Bangalore Mirror | Archived Link

ফলাফল:

সুধা মুৰ্তীয়ে পাচলি বিক্ৰী কৰি থকা নাছিল। আচলতে মন্দিৰলৈ 'সেৱা' কৰিবলৈ গৈ হে পাচলিৰ কাষত বহিছিল।

Avatar

Title:"এইখন সুধা মূৰ্তিয়ে পাচলি বিক্ৰী কৰি থকা ফটো নহয়!"

Fact Check By: Manjori Borkotoky

Result: False