সাংবাদিক ৰানা আয়ুবে আফজল গুৰু আৰু দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ বিষয়ে এই টুইটটো কৰা নাই!

False Political

WhatsApp Image 2020-09-02 at 17.40.46.jpeg

সংৰক্ষিত লিংক

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেহতীয়াকৈ মৃত্যু ঘটিছে । এনে সময়তে শেহতীয়াকৈ এক সন্দেহজনক টুইটৰ স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল স্ক্ৰীনশ্বটটোত সাংবাদিক ৰানা আয়ুবৰ এক টুইট দেখা গৈছে য’ত তেওঁ লিখিছে যে আফজল গুৰুৰ আৰ্জি নাকচ কৰা ব্যক্তিজন ঢুকাল আৰু এতিয়াহে আফজল গুৰুৱে শান্তি পাইছে । উক্ত টুইটটোত প্ৰণৱ মুখাৰ্জীৰ এখন ফটোও দেখা গৈছে । উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে আফজল গুৰুৰ আৰ্জি নাকচ কৰিছিল । 

উক্ত স্ক্ৰীনশ্বটটো অসমত হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰি, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এজনৰ বিষয়ে কিদৰে এনেধৰণৰ কথা কব পাৰে বুলি সাংবাদিক ৰানা আয়ুবৰ সন্দেহজনক টুইটটোৰ ওপৰত প্ৰশ্ন তুলিছে । কোনো কোনোৱে সাংবাদিক ৰানা আয়ুবক জেহাদীও আখ্যা দিছে । 

সঁচাকৈ সাংবাদিক ৰানা আয়ুবে উক্ত টুইটটো কৰিছিল নেকি? সত্য কি? জানো আহক । 

প্ৰণালী

প্ৰথমে আমি ৰানা আয়ুবৰ টুইটাৰ প্ৰফাইলটো খুলিলোঁ আৰু দেখিলোঁ যে সাংবাদিক গৰাকীয়ে এই বিষয়ে ইতিমধ্যে এক টুইট কৰিছে য’ত তেওঁ উল্লেখ কৰিছে যে উক্ত ভাইৰেল টুইটৰ স্ক্ৰীনশ্বটটো ভুৱা হয় আৰু তেওঁ এনে ধৰণৰ কোনো টুইট কৰা নাই । উক্ত টুইটটো ফটোশ্বপ কৰি বনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে । 

twpr.png

ইয়াৰ পাছত আমি ভাইৰেল টুইটৰ স্ক্ৰীনশ্বটটো ভালদৰে লক্ষ্য কৰিলোঁ আৰু দেখিলোঁ যে উক্ত টুইটৰ স্ক্ৰীনশ্বটটো যে ভুৱা হয়, সেইয়া ভালদৰে লক্ষ্য কৰিলে গম পোৱা যায় যিহেতু উক্ত টুইটৰ স্ক্ৰীনশ্বটটোত সময় বা টাইম ষ্টাম্প থকা অংশ খালি দেখা গৈছে যি সাধাৰণ টুইটৰ স্ক্ৰীনশ্বট হলে নথকাকৈ নাথাকে । 

WhatsApp Image 2020-09-02 at 15.35.49.jpeg

ইয়াৰ উপৰিও আমি দেখিলোঁ যে ভাইৰেল স্ক্ৰীনশ্বটবোৰত সকলোতে ৰিটুইট আৰু লাইক ইত্যাদিৰ সংখ্যা একেই আছে যি ফটোশ্বপ কৰা টুইটৰ স্ক্ৰীনশ্বট নহলে কেতিয়াও সম্ভৱ নহয় যিহেতু ইমানবোৰ মানুহে একেই সময়তে স্ক্ৰীনশ্বট লোৱাটো সঁচা হব নোৱাৰে । 

WhatsApp Image 2020-09-02 at 15.36.28.jpeg
WhatsApp Image 2020-09-02 at 15.36.29.jpeg

ফলাফল

উক্ত ভাইৰেল স্ক্ৰীনশ্বটটো ভুৱা হয় । সাংবাদিক ৰানা আয়ুবৰ টুইট ফটোশ্বপ কৰি ভাইৰেল কৰা হৈছে । সাংবাদিক গৰাকীয়ে এনে ধৰণৰ কোনো টুইট কৰা নাই ।

Avatar

Title:সাংবাদিক ৰানা আয়ুবে আফজল গুৰু আৰু দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ বিষয়ে এই টুইটটো কৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *