ৰাহুল গান্ধীয়ে ‘সুশান্ত সিং ৰাজপুত’ক ‘ক্ৰিকেটাৰ’ বুলি অভিহিত কৰা নাই!

False Political
RG.png

ফেচবুক লিংকসংৰক্ষিত লিংক

শেহতীয়াকৈ বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশকে জোকাৰি গৈছে । উদীয়মান অভিনেতাজনে অনুৰাগী সকলক কেইবাখনো হিট চিনেমা উপহাৰ দি থৈ গৈছে । ইয়াৰ মাজত তেওঁ ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনিৰ চৰিত্ৰ ৰূপায়ন কৰা চিনেমাখন লেখত লবলগীয়া আৰু এই চিনেমাখনে দর্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । 

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত তেওঁৰ সমন্ধে বিভিন্ন ভুৱা ফটো/ভিডিঅ’/বাতৰি প্ৰচাৰ হব ধৰিছে । এনে এক সন্দেহজনক ফটো হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজপুতৰ সমন্ধে কৰা এক টুইটৰ স্ক্ৰিনশ্বট । উক্ত স্ক্ৰিনশ্বটটো ফেচবুকত ব্যাপক ভাৱে শ্বেয়াৰ হৈছে আৰু ভাইৰেল হৈ পৰিছে । উক্ত টুইটটোত ৰাহুল গান্ধীয়ে সুশান্ত সিং ৰাজপুতক শ্ৰদ্ধাঞ্জলি জনাওঁতে অভিনেতাৰ পৰিবৰ্তে ‘ক্ৰিকেটা’ৰ বুলি লিখা দেখা গৈছে । 

অসমৰ ‘চেনেল ৬’ নামৰ এক নিউজ পৰ্টেলৰ পৰা উক্ত স্ক্ৰিনশ্বটটোৰ বিষয়ে এক বাতৰি পৰিবেশন কৰা দেখা গৈছে আৰু উক্ত ভিডিঅ’ নিউজটো তেওঁলোকৰ ফেচবুক পে’জত, ‘কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী মন্তব্য। সুশান্ত সিং ৰাজপুত এজন ক্ৰিকেটাৰ।’ বুলি শিৰোনামা দি ১৫ জুন, ২০২০ তাৰিখে আপলোড কৰা দেখা গৈছে । এই ফেচবুক পোষ্টটো বৰ্তমানলৈকে ৯ বাৰ শ্বেয়াৰ হৈছে আৰু ধীৰে ধীৰে ভাইৰেল হব ধৰিছে । বাতৰিটোত তেওঁলোকে দাবী কৰিছে যে কংগ্ৰেছ নেতাজনে সুশান্ত সিং ৰাজপুতক ক্ৰিকেটাৰ বুলি অভিহিত কৰি টুইট কৰিছিল আৰু পাছত সেইয়া ডিলিট কৰি আকৌ অভিনেতা বুলি উল্লেখ কৰি টুইট কৰিছিল ।

সঁচাকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সুশান্ত সিং ৰাজপুতক ক্ৰিকেটাৰ বুলি অভিহিত কৰি টুইট কৰিছিল নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলটো চালোঁ আৰু দেখিলোঁ যে ৰাহুল গান্ধীয়ে এনে ধৰণৰ কোনো টুইট কৰা নাই বৰঞ্চ ৰাহুল গান্ধীয়ে ভাইৰেল স্ক্ৰিনশ্বটটোত দেখা পোৱা ‘সময়’টোৰ সময়ত সুশান্ত সিং ৰাজপুতক অভিনেতা বুলি উল্লেখ কৰিহে এক টুইট কৰিছিল । যদিহে গান্ধীয়ে ‘ক্রিকেটাৰ’ বুলি উল্লেখ কৰা টুইটটো ডিলিট কৰি ‘অভিনেতা’ বুলি উল্লেখ কৰি টুইট কৰিলহেঁতেন তেন্তে ১ মিনিট হলেও সময়ৰ ব্যৱধান থাকিলহেঁতেন । 

আমি আৰু দেখিলোঁ যে ভাইৰেল স্ক্ৰিনশ্বটটোত ৰাহুল গান্ধীৰ টুইটটোৰ ছয় হেজাৰতকৈ অধিক ৰিটুইট হৈছে আৰু প্রায় ৫০ হেজাৰ লাইক কৰা হৈছে । আমি যদি ধৰি লওঁ যে ৰাহুল গান্ধীয়ে ‘ক্রিকেটাৰ’ বুলি উল্লেখ কৰা টুইটটো ডিলিট কৰি ‘অভিনেতা’ বুলি উল্লেখ কৰা টুইটটো ১ মিনিটতকৈ কম সময়ত টুইট কৰিছিল তেন্তে আমি মানি লব লাগিব যে ১ মিনিটতকৈ কম সময়ত ‘ক্রিকেটাৰ’ বুলি উল্লেখ কৰা টুইটটো ছয় হেজাৰতকৈ অধিক ৰিটুইট হৈছে আৰু প্রায় ৫০ হেজাৰ লাইক পাইছে যি কোনোপধ্যেই সম্ভৱ নহয় । 

WhatsApp Image 2020-06-16 at 09.34.25.jpeg

টুইটাৰ লিংকসংৰক্ষিত লিংক

এই টুইটটোত দেওবাৰে দুপৰীয়া ২ মান বজাত প্ৰকাশ হৈছিল যেতিয়া সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ বাতৰিটো প্ৰকাশ পাইছিল । ৱেবেক মেচিনত এই টুইটটো ১৪ জুন, ২০২০ তাৰিখে দুপৰীয়া ২ বজাত লগে লগে সংৰক্ষিত হৈছিল ।  আমি উক্ত টুইটটোৰ সংৰক্ষিত লিংকবোৰ চালোঁ যাতে এই টুইটটো এডিট কৰা বা শুধৰোৱা হৈছে নেকি আমি জানিব পাৰোঁ । আমি দেখিলোঁ যে ৰাহুল গান্ধীয়ে ‘ক্ৰিকেটাৰ’ শব্দটো ব্যৱহাৰ কৰা নাছিল যিহেতু সংৰক্ষিত টুইটত নহলে এইয়া দেখা পোৱা গ’লহেতেঁন ।

raga2.png
rg 3.png

সংৰক্ষিত লিংক

আমি লগতে উল্লেখ কৰিব লাগিব যে এইয়া প্ৰথমবাৰ নহয় যেতিয়া ৰাহুল গান্ধীৰ নামত ভুৱা টুইট ভাইৰেল হৈছে । আমি আগতেও এনে ধৰণৰ ফেক্ট চেক কৰিছোঁ আৰু ৰাহুল গান্ধীৰ টুইটৰ ভুৱা স্ক্ৰিনশ্বট পাইছোঁ । এই বিষয়ে পঢ়ক ইয়াত । 

ফলাফল

উক্ত ভাইৰেল স্ক্ৰিনশ্বটটো ভুৱা হয় আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সুশান্ত সিং ৰাজপুতক শ্ৰদ্ধাঞ্জলি জনাই টুইট কৰোঁতে তেওঁক ‘ক্ৰিকেটাৰ’ বুলি অভিহিত কৰি কোনো টুইট কৰা নাই । 

Avatar

Title:ৰাহুল গান্ধীয়ে ‘সুশান্ত সিং ৰাজপুত’ক ‘ক্ৰিকেটাৰ’ বুলি অভিহিত কৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *