বৰ্তমান ইজৰাইলৰ সামগ্ৰী বৰ্জন কৰাৰ ওপৰত পোষ্ট বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফৰ্মত ট্ৰেণ্ডিং হৈ আছে। ইজৰাইলৰ সামগ্ৰী বৰ্জন কৰিবলৈ আনক উৎসাহিত কৰি মানুহে পেলেষ্টাইনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।

তেনে এটা পোষ্টত ১৯টা কোম্পানীৰ নাম উল্লেখ কৰা হৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই ১৯টা কোম্পানী ইজৰাইলৰ আৰু মানুহে ইয়াক বৰ্জন কৰাটো প্ৰয়োজন।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি পোষ্টটোত উল্লেখ কৰা ১৯টা কোম্পানীৰ সবিশেষ পালোঁ। তলত সবিশেষ দাঙি ধৰা হ'ল -

কে এফ চি : আমি কে এফ চিৰ ইতিহাসৰ বিষয়ে ইয়াৰ ৱেবছাইটত বিচাৰিলোঁ। আমি দেখিলোঁ যে কে এফ চি (কেন্টাকি ফ্ৰাইড চিকেন) ১৯৩০ চনত কৰ্ণেল হাৰলেণ্ড চেণ্ডাৰে আমেৰিকাত থকা কেন্টাকিৰ কৰ্বিনত স্থাপন কৰিছিল। ১৯৫২ চনত আমেৰিকাৰ ইউটাত কে এফ চিৰ প্ৰথম ফ্ৰেঞ্চাইজি মুকলি কৰা হয়।

মেকড’নাল্ডছ: ১৯৪০ চনত কেলিফৰ্ণিয়াৰ ছান বাৰ্নাৰ্ডিনোত মৰিছ আৰু ৰিচাৰ্ড মেকড’নাল্ডে মেকড’নাল্ডছৰ প্ৰথমটো আউটলেট মুকলি কৰে।১৯৪৮ চনত তেওঁলোকে এখন ৰেষ্টুৰেণ্ট স্থাপন কৰে। ১৯৫৪ চনৰ পৰা মেকড’নাল্ডৰ একাধিক আউটলেট মুকলি হয়।

নাইকী: ব্ৰিটানিকাৰ ৱেবছাইটত দিয়া তথ্য অনুসৰি নাইকীৰ নাম পূৰ্বতে ব্লু ৰিবন আছিল আৰু ১৯৬৪ চনত ফিল নাইট আৰু বিল বাৱাৰমেনে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ মুখ্য কাৰ্যালয় আমেৰিকাৰ অৰেগনৰ বিভাৰটনত। ১৯৭১ চনত ব্লু ৰিবন কোম্পানীটোৰ নাম সলনি কৰি নাইকী ৰখা হয়।

এডিডাছঃ জাৰ্মানীৰ বাভাৰিয়াৰ এখন সৰু চহৰত এডিডাছৰ আৰম্ভণি হৈছিল। প্ৰতিষ্ঠাপক আদি ডাছলাৰে মাকৰ পাকঘৰত কোম্পানীটো আৰম্ভ কৰিছিল। ১৯৪৯ চনত তেওঁ Adi Dassler adidas Sportschuhfabrik ক পঞ্জীয়ন কৰে।

টমী হিলফিগাৰ: টমী হিলফিগাৰ হৈছে ১৯৮৫ চনত প্ৰতিষ্ঠা হোৱা এটা আমেৰিকান কোম্পানী আৰু ইয়াৰ মালিক থমাছ জেকব হিলফিগাৰৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছিল। ১৯৭০ চনত তেওঁ নিউয়ৰ্কৰ ফেশ্বন ষ্ট’ৰ পিপলছ প্লেছৰ সহ-প্ৰতিষ্ঠাপক হয়। পিছলৈ তেওঁ এজন ব্যৱসায়ী মোহন মুৰ্জানীৰ সৈতে সংযুক্ত হৈ ১৯৮৫ চনত তেওঁৰ প্ৰথম সংকলন প্ৰৱৰ্তন কৰে।

গুচিঃ আমি দেখিলোঁ যে ১৯২১ চনত ইটালীৰ ফ্ল’ৰেন্সত গুচি প্ৰতিষ্ঠা হৈছিল।

কিটকাট: ১৯৩৫ চনৰ ২৯ আগষ্টত যুক্তৰাজ্যৰ ইয়ৰ্কত ৰাউণ্ট্ৰিয়ে কিটকাট প্ৰতিষ্ঠা কৰিছিল। বৰ্তমান ইয়াৰ মালিক নেচলে। আমি এইটোও দেখিলোঁ যে নেচলে কোম্পানী ইতিহাস ১৮৬৬ চনৰ পৰা আৰম্ভ হয়।১৯০৫ চনত প্ৰতিষ্ঠাপক হেনৰী নেচলে নিজৰ কোম্পানীটো এংলো-ছুইছৰ সৈতে একত্ৰিত কৰি নেচলে গ্ৰুপ গঠন কৰে। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ ভেভেইত।

মেগী: ১৮৮৪ চনত ছুইজাৰলেণ্ডত জুলিয়াছ মেগীয়ে প্ৰতিষ্ঠা কৰিছিল মেগী

অৰিঅ’: ১৯১২ চনত আমেৰিকাৰ মানহাটানৰ চেলচিয়া মাৰ্কেটত প্ৰতিষ্ঠা হৈছিল অৰিঅ’

লেইছ: লেইছ হৈছে এইচ.ডব্লিউ. স্থাপন কৰা। ১৯৩২ চনত টেনেচিৰ নেচভিলত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল।

ষ্টাৰবাকছ: ১৯৭১ চনত ছিয়াটলৰ পাইক প্লেচ মাৰ্কেটত প্ৰতিষ্ঠা কৰা হৈছিল ষ্টাৰবাকছ। ষ্টাৰবাকছ নামটো মবি-ডিক কাহিনীৰ পৰা অনুপ্ৰাণিত হৈছিল।

কোকা কোলা: কোকাকোলা প্ৰথমে ডাঃ জন পেম্বাৰ্টনে ১৮৮৬ চনত আমেৰিকাৰ আটলান্টাত আৰম্ভ কৰিছিল।

ৰেড বুল: ১৯৮৭ চনত থাইলেণ্ডত প্ৰতিষ্ঠা হৈছিল ৰেড বুল। ইয়াৰ মুখ্য কাৰ্যালয় অষ্ট্ৰিয়াত।

পেপচি: পেপচি হৈছে এটা আমেৰিকান কোম্পানী আৰু ইয়াক ১৯০২ চনত প্ৰতিষ্ঠাপক কেলেব ব্ৰাধামে প্ৰতিষ্ঠা কৰিছিল।

স্প্ৰাইট: ১৯৬১ চনত আমেৰিকাৰ জৰ্জিয়াত কোকা কোলা কোম্পানীয়ে স্প্ৰাইটৰ প্ৰচলন কৰিছিল।

আমি দেখিলোঁ যে পোষ্টটোত উল্লেখ কৰা কোনো এটা কোম্পানী ইজৰাইলত প্ৰতিষ্ঠা হোৱা নাই। সেয়েহে এইবোৰ ইজৰাইলী সামগ্ৰী নহয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। পোষ্টটোত উল্লেখ কৰা সকলোবোৰ কোম্পানী বেলেগ বেলেগ দেশৰ, ইজৰাইলৰ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই কোম্পানীসমূহ ইজৰাইলৰ নহয়।

Written By: Debanjana Baishya

Result: False