চিপিআই(এম) দলৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীয়ে যোৱা ১২ চেপ্তেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৰ পাছত এখন বিশেষ ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। ফটোখনত দেখা গৈছে এখন বেনাৰ, য'ত হিন্দী ভাষাত লিখা আছে এইদৰে,"কমৰেড সীতাৰাম য়েছুৰী অমৰ ৰহে"। তাৰ সমুখত এটা কফিন আৰু বহুতো লোক সেই কফিনৰ চাৰিওফালে থিয় হৈ আছে। দাবী কৰা হৈছে যে সীতাৰাম য়েছুৰী খ্ৰীষ্টান আছিল আৰু সেয়েহে তেখেতৰ মৃতদেহ এটা কফিনত ৰখা হৈছিল। ফেচবুকত ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,"সীতাৰাম য়েচুৰীৰ অন্তিম শয়ন আৰু হিন্দুৱে শিকিবলগীয়া কিছু কথা

আদৰ্শগত ভাৱে য়েচুৰী ডাঙৰীয়া কমিউনিষ্ট আছিল৷ হিন্দু ৰীতি-নীতি, পৰম্পৰা আদিৰ বিৰোধ কৰাটো তেখেতৰ বাবে তেনেই সাধাৰণ কথা আছিল৷ তেখেতৰ কথাত উৎসাহিত হৈছিল উদাৰ আৰু স্বাধীনমনা বহু যুৱক-যুৱতী৷ পিছে মৃত্যুৰ পিছত ফেচবুকতে কাৰোবাৰ পৰা গম পালো তেখেত হেনো খ্ৰীষ্টিয়ান আছিল! কথাষাৰ জানি কেনে পালো জানেনে?

১) হিন্দু নামধাৰী কোনোবাই যদি হিন্দুত্বৰ বিৰোধ কৰিছে তেন্তে তেওঁ দেখাত কমিউনিষ্টৰ চোলা পিন্ধিলেও ভিতৰি খ্ৰীষ্টিয়ান হ’বও পাৰে৷

২) নিজকে অতি উদাৰ আৰু স্বাধীনমনা প্ৰতিপন্ন কৰি থকা হিন্দু নামধাৰী জনে যদি কেৱল হিন্দুত্বৰ বিৰোধ কৰি, ইচলাম আৰু খ্ৰীষ্টিয়ানৰ বিৰোধ কৰা নাই তেন্তে তেওঁ সমাজক প্ৰবঞ্চনা কৰি আছে৷

৩) কোনোবাই হিন্দুৰ পৰা মুছলমান হ’লে নাম সলনি কৰি আৰবীয় নাম ধাৰণ কৰে অথবা মুছলমানৰ পৰা হিন্দু হ’লে ভাৰতীয় নাম গ্ৰহণ কৰে। পিছে ভাৰতৰ ক্ৰিপ্তো খ্ৰীষ্টিয়ান সকলে ভাৰতীয় হিন্দু নাম আৰু উপাধি সলনি নকৰাকৈ ভেটিকানৰ মানসিক গোলামী খাটে৷

৪) মিছাতে বেলেগ ৰিলিজিয়নক আঘাট কৰি হিন্দুত্বৰ জয়ঢোল বজোৱাৰ মানসিক শান্তি লোৱাতকৈ এনেবোৰ কথা শ্বেয়াৰ কৰি সাধাৰণ মানুহক সজাগ কৰিব লাগে৷"

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ফটোখন ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ (Jawaharlal Nehru University Students Union) অফিচিয়েল এক্স হেণ্ডলত এই ফটোখন ২০২৪ চনৰ ১৪ চেপ্তেম্বৰত আপলোড হোৱা দেখিলোঁ। সীতাৰাম য়েছুৰীৰ প্ৰতি শেষ শ্ৰদ্ধা জনাই কৰা টুইটটোত ভাইৰেল ফটোখনৰ লগতে আন দুখন ফটো আৰু এটা ভিডিঅ' সংলগ্ন কৰা হৈছিল।

ArchivedLink

এইবাৰ আমি প্ৰাসংগিক কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া সংসদ টিভি ইউটিউব চেনেলত ২০১৭ চনৰ ১০ আগষ্টত আপলোড হোৱা এটা ভিডিঅ' পালোঁ। ভিডিঅ'টোত সীতাৰাম য়েছুৰীয়ে ৰাজ্যসভাৰ পৰা অৱসৰ গ্ৰহণ কৰি দিয়া ভাষণৰ কিছু অংশ দেখুওৱা হৈছিল। ভিডিঅ'টোৰ ১৬:০৩ টাইমষ্টেম্পৰপৰা সীতাৰাম য়েছুৰীয়ে কৈছিল যে তেওঁৰ জন্ম হৈছিল মাদ্ৰাজ (বৰ্তমানৰ চেন্নাই) জেনেৰেল হস্পিতালত এটি তেলুগু ব্ৰাহ্মণ পৰিয়ালত। তেওঁৰ ককাক এজন ন্যায়াধীশ আছিল আৰু গুণ্টুৰলৈ গৈছিল, সেয়ে গোটেই পৰিয়ালটো তালৈ স্থানান্তৰিত হৈছিল ১৯৫৪ চনত। সীতাৰাম য়েছুৰীৰ জন্ম হৈছিল ১৯৫২ চনত। ১৯৫৬ চনত তেওঁলোক হায়দৰাবাদলৈ গৈছিল। সেই সময়ত হায়দৰাবাদত নিজামৰ শাসন থকা হেতুকে ইছলামিক সংস্কৃতিত তেওঁৰ স্কুলীয়া শিক্ষা হৈছিল। তাৰ পাছত তেওঁ দিল্লীলৈ আহি পঢ়া-শুনা কৰিছিল। তেওঁৰ পত্নীৰ উপাধি হ'ল ছিষ্টি যাৰ পিতৃ এগৰাকী ছুফী আৰু মাতৃ ৰাজপুত (মহীশুৰলৈ প্ৰব্ৰজন কৰা)। তেওঁ লগতে কৈছিল "ম‌ই দক্ষিণ ভাৰতীয় ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰি এইগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'লোঁ, যাৰ পিতৃ ছুফী আৰু মাতৃ ৰাজপুত, এতিয়া আমাৰ পুত্ৰৰ পৰিচয় কি হ'ব? মোৰ পুত্ৰক ভাৰতীয় বুলি কোৱাৰ বাহিৰে আন একোৰে বৰ্ণনা কৰিব নোৱাৰি। এয়াই আমাৰ দেশ..."।

Archived Link

ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে সীতাৰাম য়েছুৰী জন্মসূত্ৰে এগৰাকী তেলুগু ব্ৰাহ্মণ।

আমি পুনৰ কী-ৱ'ৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ২০১৭ চনত কেন্দ্ৰীয় আইন মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদৰ এক মন্তব্যৰ সমালোচনা কৰি সীতাৰাম য়েছুৰীয়ে কৰা এটা টুইট আমি পালোঁ য'ত তেওঁ নিজকে নাস্তিক বুলি কৈছিল।



সীতাৰাম য়েছুৰীৰ মৃতদেহ চিকিৎসা-বিজ্ঞান সম্পৰ্কীয় গৱেষণাৰ বাবে এইমছ দিল্লীলৈ দান কৰা হৈছে বুলি চিপিআই(এম)ৰ অফিচিয়েল এক্সত টুইট কৰা হৈছিল।

দ্য হিন্দুত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি সীতাৰাম য়েছুৰীৰ কোনো শেষকৃত্য সম্পন্ন কৰা হোৱা নাছিল, যিহেতু তেওঁৰ মৃতদেহ সংৰক্ষণ কৰি চিকিৎসা-বিজ্ঞান সম্পৰ্কীয় গৱেষণাৰ বাবে এইমছ দিল্লীলৈ দান কৰা হৈছিল।



এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।

উল্লেখযোগ্য যে, কোনো মৃতদেহ কফিনত ৰখা বিষয়টোৰ কোনো ধৰ্মীয় দিশ এই ক্ষেত্ৰত নাই।

এই সম্পৰ্কে অধিক জানিবলৈ চি পি আই এম দলৰ জ্যেষ্ঠ নেতা প্ৰকাশ কাৰাটৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ আৰু তেতিয়া তেওঁ আমাক এইদৰে কৈছিল,"সীতাৰাম য়েচছুৰীৰ জন্ম তেলুগু ব্ৰাহ্মণ পৰিয়ালত হ’লেও তেওঁ আছিল নিশ্চিত নাস্তিক। তেওঁৰ মৃতদেহ তেওঁৰ ইচ্ছামতে গৱেষণাৰ বাবে এইমছলৈ দান কৰা হয়। কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হোৱা নাছিল (Sitaram Yechury was a confirmed atheist though he was born in a Telugu Brahmin family. His body was donated to the AIIMS for research as per his wishes. No religious rituals of any sort were conducted.)।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবীটো মিছা। সীতাৰাম য়েছুৰী খ্ৰীষ্টান নাছিল। তেওঁ জন্মসূত্ৰে এগৰাকী তেলুগু ব্ৰাহ্মণ আছিল যদিও তেওঁ কিন্তু নাস্তিক আছিল। তেওঁৰ মৃতদেহ চিকিৎসা-বিজ্ঞান সম্পৰ্কীয় গৱেষণাৰ বাবে এইমছ দিল্লীলৈ দান কৰা হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ