১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন আছিল আৰু সেইদিনা তেওঁ দিল্লীৰ গাতে লাগি থকা দ্বাৰকাত নিৰ্মিত প্ৰদৰ্শনী-সমাৱেশ কেন্দ্ৰটো উদ্বোধন কৰে। শিপিনী আৰু হস্তশিল্প কৰ্মীৰ বাবে বিশ্বকৰ্মা আঁচনিও উদ্বোধন কৰে। একে সময়তে তেওঁ প্ৰদৰ্শনী কেন্দ্ৰত প্ৰদৰ্শনী কৰি থকা শিপিনী আৰু হস্তশিল্প কৰ্মীসকলক লগ পায় আৰু তেওঁলোকৰ কৰ্মৰাজি দেখি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। সেই সময়ৰ দুখন ছবি ইণ্টাৰনেটত ভাইৰেল হৈ আছে। এফালে কুমাৰজন আৰু আনফালে মুচি এজনক দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত। এই দুজন ব্যক্তি একে বুলি দাবী কৰা হৈছে। ইণ্টাৰনেটৰ ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে মোদীয়ে নাটকত অভিনয় কৰিছে আৰু সেই নাটকত মুচি আৰু মৃৎশিল্পীৰ ভূমিকা একেজন ব্যক্তিয়েই অভিনয় কৰিছে। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও এই ফটোখন ফ'ৰৱাৰ্ড কৰি জানিবলৈ বিচৰা হৈছিল যে কুমাৰজন আৰু মুচিজন একেজনেই ব্যক্তি হয়নে নহয়।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ইউটিউবত কী-ৱৰ্ড চাৰ্চ কৰি এই ফটোবোৰ পৰীক্ষা কৰিলোঁ। ১৭ ছেপ্টেম্বৰত এন ডি টি ভি চেনেলত সম্প্ৰচাৰিত এই অনুষ্ঠানৰ প্ৰতিবেদন আমি লাভ কৰিলোঁ। ইয়াত দুয়োখন ছবিতে দেখা শিল্পীসকলক দেখা গৈছে। ইয়াত ০.৩৬ মিনিটত মুচিৰ ক্লিপটো চাব পাৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ বনোৱা জোতা চাই আছে আৰু তেওঁৰ সৈতে কথাও পাতি আছে। তাৰ পিছতেই কুমাৰৰ ক্লিপটো চাব পাৰিব।

Archived Link

আমি পুনৰ অনুসন্ধান কৰি পি টি আইৰ এক্সত (পূৰ্বৰ টুইটাৰ) এই ফটোসমূহ দেখিলোঁ। তাত উল্লেখ কৰা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে যশোভূমিত শিপিনী আৰু হস্তশিল্প কৰ্মীসকলক লগ ধৰিছিল।

Archived Link

Archived Link

ইয়াৰ পিছত আমি ফটোত দেখা মুচি আৰু কুমাৰজনৰ তুলনা কৰি চালোঁ। তলত চাব পাৰিব।

ইয়াত দেখা গৈছে যে দুয়োজন ব্যক্তিৰ চেহেৰাৰ মিল নাই। কিন্তু দুয়োগৰাকীয়ে বগা চাৰ্ট পিন্ধি, ডিঙিত পৰিচয় পত্ৰ লৈ থকা কাৰণে ইণ্টাৰনেটত দুয়োগৰাকীকে একেজন বুলি মানুহে ভুল বুজিছে। কিন্তু দৰাচলতে এই দুয়োজন বেলেগ বেলেগ ব্যক্তি।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটোৰ নিচিনাকৈ কুমাৰ আৰু মুচিজন একেজনেই ব্যক্তি নহয়, দুয়োজন বেলেগ বেলেগ ব্যক্তি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত দেখা কুমাৰ আৰু মুচিজন একেজনেই ব্যক্তি নেকি?

Written By: Debanjana Baishya

Result: False