
এখন বিলাসী বিমানৰ ভিতৰৰ অত্যাধুনিক সা-সুবিধাসম্পন্ন এটা অংশৰ এখন ফটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ বিলাসী বিমানৰ ভিতৰভাগৰ বুলি প্ৰচাৰ কৰি বিশেষকৈ অসমত ভাইৰেল হৈ পৰা দেখা গৈছে।
তেনেকুৱা এটা ফেচবুক পোষ্টতেই লিখিছিল—
“চাহ বেপাৰীৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীত্বৰ পদ শুৱনি কৰা আমাৰ প্ৰধানসেৱকে তেওঁৰ বিখ্যাত হবি “বিদেশ ভ্ৰমনৰ” বাবে নতুনকৈ ক্ৰয় কৰা ৮৬০০ কোটি টকীয়া উৰা জাহাজ।
হওঁক দিয়ক ।
দেশৰ জনতাই হাজাৰ হাজাৰ মাইল বাটকুৰি বাই পৰি হৰি মৰিলেওঁ তেওঁলোকৰ জেপৰ পইচাৰে ফকীৰ বুলি নিজকে জহাই ফুৰা গৰাকীক যে এইকণ সুবিধা কৰি দিব পাৰিছে সেইয়ে বহুত ।”
অনিতা দেৱী নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ২০২০চনৰ ৭ অক্টোবৰত দিনৰ ০২:৪৭ সময়ত পোষ্টটো কৰিছিল আৰু আমি সেই তথ্য পোৱালৈকে ৬৩বাৰ শ্বেয়াৰ হৈছিল পোষ্টটো।

তদুপৰি আমি আমাৰ ফেক্টলাইন নম্বৰ 9049053770ৰ হোৱাটছএপত একেধৰণৰে দাবীৰ সত্যতা নিৰূপনৰ এক অনুৰোধ লাভ কৰিছিলো।
সচাকৈ সেই বিলাসী বিমানখনৰ ভিতৰচোৰাৰ ফটোখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমানৰ হয় নেকি।? আহক এই দাবীৰ সত্যতা নিৰূপন কৰো।
প্ৰণালী:
ফটোখনৰ গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি গম পালো যে সেইখন হৈছে বয়িং ৭৮৭,ড্ৰিমলাইনাৰ নামৰ এখন বিলাসী প্ৰাইভেট জেটৰ ফটো।

Screenshot Privatefly Website
Privatefly Link | Archived Link
আমি প্ৰাসংগিক শব্দেৰে এক গুগল চাৰ্ছ কৰি চালো আৰু প্ৰেছ ইনফৰমেছন ব্যুৰোৰ এক টুইট লাভ কৰিলো যত সত্যতা নিৰূপন কৰি পিআইবিয়ে প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা জিতু পাটৱাৰীয়ে একেই দাবী কৰি কৰা এটা টুইট।
পিআইবিয়ে সত্যতা নিৰূপন কৰি কৈছে যে সেই দাবী ভূৱা। লগতে উল্লেখ কৰিছে যে সেই ফটোখন বয়িং ৭৮৭ ড্ৰিমলাইনাৰৰ ফটো, প্ৰধানমন্ত্ৰীৰ বিমানৰ নহয়।

আমি তদুপৰি ২০২০চনৰ ২৫মেত বিজনেছ ইনচাইডাৰ ৱেবচাইটৰ বয়িং ৭৮৭ ড্ৰিমলাইনাৰ প্ৰাইভেট জেট সম্পৰ্তে লিখা এক লেখাও পালো যত গম পালো যে এইধৰণৰ বিমান কেৱল এক শ্ৰেনীৰ মানুহেহে ব্যৱহাৰ কৰে। Business Insider Link | Archived Link
ফলাফল:
এইটো নিশ্চিত হল যে বিলাসী প্ৰাইভেট জেট বয়িং ৭৮৭ ড্ৰিমলাইনাৰৰ ফটো এখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিলাসী বিমান বুলি মিছাকৈ প্ৰচাৰ কৰি থকা হৈছে। বিগত বহুদিন ধৰি ইন্টাৰনেটত এই ফটোখন বিয়পাই থকা হৈছে। ইয়াৰ পৰা এই সিদ্ধান্তত উপনিত হব পাৰি যে দাবীটো ভুৱা।

Title:বিলাসী বিমান এখনৰ ভিতৰচোৱাৰ ফটোখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্যৱহাৰ কৰা বিলাসী বিমানৰ হয় নেকি?
Fact Check By: Manjori BorkotokyResult: False