যোৱা ৮ ডিচেম্বৰত তৃণমূল কংগ্ৰেছ নেত্ৰী মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰা হয়। লোকসভাত প্ৰশ্ন উত্থাপন কৰাৰ বাবে ব্যৱসায়ী দৰ্শন হীৰানন্দানীৰ পৰা মহুৱা মৈত্ৰ‌ই উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। এই বহিষ্কাৰৰ বিৰুদ্ধে মহুৱা মৈত্ৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। এই পটভূমিত মহুৱা মৈত্ৰক আৰক্ষীয়ে টানি লৈ যোৱা এক দৃশ্য চ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে মহুৱা মৈত্ৰক এইদৰে সংসদৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

একেটা ভিডিঅ' আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ'ৰৱাৰ্ড কৰা হৈছিল।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

গুগলত ৰিভাৰ্ছ ইমেজ আৰু কীৱৰ্ড চাৰ্চ কৰাত ২০২৩ চনৰ ৩ অক্টোবৰৰ পৰা আমি কেইবাটাও ৰিপৰ্ট পালোঁ যিবোৰত ভাইৰেল ভিডিঅ’টোৰ দৰেই ভিজুৱেল আছিল।

খবৰ অনুসৰি মঙলবাৰে নিশা টিএমচিৰ সাংসদ মহুৱা মইত্ৰ, সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীকে ধৰি দলীয় আন কেইবাজনো নেতাক নতুন দিল্লীৰ কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ কাৰ্যালয়ত মন্ত্ৰালয়ৰ সাধ্বী নিৰঞ্জন জ্যোতিৰ সৈতে বৈঠকৰ দাবীত ধৰ্ণা দিয়া বাবে আটক কৰি ৰখা হয়। ৰাজ্যখনক পুঁজি মুকলি কৰি দিয়াক কেন্দ্ৰ আৰু পশ্চিম বংগ চৰকাৰৰ মাজত হোৱা টনাটনি তীব্ৰতৰ হোৱাৰ সময়তে টিএমচিয়ে ৰাষ্ট্ৰীয় ৰাজধানীত একেৰাহে দ্বিতীয় দিন প্ৰতিবাদ সাব্যস্ত কৰে।

অধিক অনুসন্ধানত আমি ৪ অক্টোবৰ, ২০২৩ৰ এটা ইউটিউব ভিডিঅ’ পাইছিলোঁ, যিটো ৱানইণ্ডিয়া নিউজ চেনেলত আপলোড কৰা হৈছিল, য’ত লিখা আছিল “দিল্লীত টিএমচিৰ প্ৰতিবাদ: দিল্লী আৰক্ষীয়ে মহুৱা মৈত্ৰক টানি উলিয়াই লৈ গৈছে”। ভিডিঅ’টোত দেখা গৈছে যে মহুৱা মৈত্ৰক নিৰাপত্তাৰক্ষীয়ে জোৰকৈ দাঙি লৈ গৈছে। বৰ্ণনাত উল্লেখ আছে যে “কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যিক মন্ত্ৰী সাধ্বী নিৰঞ্জন জ্যোতিৰ সৈতে পূৰ্বে এপ‌ইণ্টমেণ্ট থকাৰ পিছতো বৈঠকত মিলিত হোৱাৰ পৰা বঞ্চিত হোৱাৰ পিছত কৃষি ভৱনৰ ভিতৰত কৰা ধৰ্ণা কাৰ্যসূচীৰ পিছত দিল্লী আৰক্ষীয়ে আটক কৰা দলৰ জ্যেষ্ঠ নেতাসকলৰ ভিতৰত তৃনমুল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰও আছিল।

মহুৱা মৈত্ৰ‌ইও একেটা ভিডিঅ' তেওঁৰ টুইটাৰত যোৱা ৩ অক্টোবৰত আপলোড কৰিছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। এই ভিডিঅ'টো ২০২৩ চনৰ অক্টোবৰ মাহৰ আৰু ইয়াৰ মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰাৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰাৰ সময়ৰ নহয়।

Written By: Debanjana Baishya

Result: Misleading