মণিপুৰত দুগৰাকী কুকি সম্প্ৰদায়ৰ মহিলাৰ ওপৰত হোৱা জঘন্য নিৰ্যাতনৰ ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ দেশতে ব্যাপক প্ৰতিবাদৰ সূচনা হৈছে। মণিপুৰৰ কাংপকপি জিলাত ৪ মে’ত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ এদিন পিছতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আক্ৰমণকাৰীসকল আছিল মেইটেই।

ইয়াৰ পিছতে পি এম মোদীয়ে অভিযুক্তক ৰেহাই দিয়া নহ’ব বুলি আশ্বাস দিয়ে। মহিলাকেইগৰাকীক নিৰ্যাতন কৰা দলটোৰ অংশ বুলি অভিযোগ উত্থাপিত হোৱা চাৰিজন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। ফুটেজ ওলোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভেৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া।

এনে সময়তে অভিনেতা অক্ষয় কুমাৰৰ এটা বিশেষ ভিডিঅ' চ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। "মণিপুৰৰ মহিলাক নিৰ্যাতন ৰ ঘটনাক লৈ এইবাৰ প্রতিক্রিয়া বলিউডৰ অভিনেতা অক্ষয় কুমাৰৰ। নাৰীক সন্মান নকৰা এই সমাজক ধিক্কাৰ অক্ষয় কুমাৰৰ" - এই কেপশ্বনেৰে News24 অসম নামৰ প'ৰ্টেল এটাই এটা ভিডিঅ' আপলোড কৰিছে। ভিডিঅ’টোত অক্ষয় কুমাৰে কোৱা শুনা গৈছে যে তেৱোঁ এগৰাকী কন্যাৰ পিতৃ আৰু নাৰীক সন্মান কৰিব নজনাসকলক সমাজে মানুহ বুলি ক’ব নালাগে। নাৰীক কাপোৰৰ ভিত্তিত বিচাৰ কৰাতকৈ মহিলাৰ সন্দৰ্ভত মানসিকতা সলনি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

Facebook Link | Archived Link

তেনেধৰণৰ পোষ্ট ইয়াত আৰু ইয়াতো চাব পাৰিব।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে মূল ভিডিঅ'টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চালোঁ। তেতিয়া আমি ২০১৭ চনৰ জানুৱাৰী মাহৰ ৫ তাৰিখে অক্ষয় কুমাৰৰ অফিচিয়েল টুইটাৰত কৰা এটা টুইট পালোঁ। টুইটটোত কেপশ্বন আছিল এনেদৰে "The Bangalore incident makes me feel we r evolving backwards,from humans to animals,rather beasts coz even animals are better!Truly shameful" । টুইটটোত সংলগ্ন ভিডিঅ'টো আছিল ভাইৰেল ভিডিঅ'টোৰ সৈতে একেই।

আমি পুনৰ অনুসন্ধান কৰি এই ভিডিঅ'টো এন ডি টি ভিৰ অফিচিয়েল ইউটিউব চেনেলত ২০১৭ চনৰ ৫ জানুৱাৰীত আপলোড হোৱা দেখিলোঁ। তাত উল্লেখ কৰা হৈছে যে "নৱবৰ্ষ উপলক্ষে হোৱা উৎসৱত বেংগালুৰুত সংঘটিত হোৱা নিৰ্যাতনৰ ঘটনাক লৈ ক্ষোভ প্ৰকাশ কৰি অক্ষয় কুমাৰে এই ভিডিঅ’টো মুকলি কৰিছে"।

২০১৭ চনত একাংশ মহিলাই কৈছিল যে বাংগালুৰুত নৱবৰ্ষৰ উৎসৱত অংশগ্ৰহণ কৰাৰ সময়ত পুৰুষৰ দলে তেওঁলোকক নিৰ্যাতন চলাইছিল। টাইমছ নাও আৰু জি নিউজেও ২০১৭ চনত এই ভিডিঅ’টো একে তথ্যৰে শ্বেয়াৰ কৰিছিল।

আনহাতে মণিপুৰৰ ঘটনা সন্দৰ্ভত অক্ষয় কুমাৰে যোৱা ২০জুলাইত টুইট কৰিছিল এইদৰে "Shaken, disgusted to see the video of violence against women in Manipur. I hope the culprits get such a harsh punishment that no one ever thinks of doing a horrifying thing like this again"।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো বিভ্ৰান্তিকৰ। এই ভিডিঅ'টোত ২০১৭ চনৰহে। বেংগালুৰুত নৱবৰ্ষৰ সময়ত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অক্ষয় কুমাৰে এই ভিডিঅ'টো আপলোড কৰিছিল। মণিপুৰৰ ঘটনাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টোত অক্ষয় কুমাৰে মণিপুৰৰ ঘটনাৰ বিষয়ে কোৱা নাই।

Written By: Fact Crescendo Team

Result: Misleading