শেহতীয়াকৈ ২০২৩ চনৰ তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৬৪খন আসনেৰে জয়লাভ কৰিছে। ইয়াৰ নেতা হিচাপে নিৰ্বাচিত হৈছে টিপিচিচিৰ মুৰব্বী ৰেভান্থ ৰেড্ডী। ৭ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৰেভান্ত ৰেড্ডীয়ে।

এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক বিশাল সমাৱেশৰ ভিডিঅ’। ভিডিঅ’টোত মানুহক ভাৰতৰ জাতীয় পতাকা লৈ যোৱা দেখা গৈছে য’ত অশোক চক্ৰৰ ঠাইত ইছলামিক কলমা ব্যৱহাৰ কৰা হৈছিল। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰাৰ পিছত এইটো তেলেংগানাৰ পৰা শেহতীয়াকৈ প্ৰকাশিত ভিডিঅ’।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

গুগলত প্ৰাসংগিক কীৱৰ্ড চাৰ্চ কৰি আমি ২০২২ চনৰ ১০ জুনত টাইমছ নাওৰ ইউটিউব চেনেলত আপলোড কৰা একেটা ভিডিঅ’কে পাইছিলোঁ।প্ৰতিবেদন অনুসৰি এই ঘটনা তেলেংগানাৰ মাহবুবনগৰৰ মছজিদ-ই-ৰেহমত ক্লক টাৱাৰত সংঘটিত হৈছিল। নুপুৰ শৰ্মা আৰু বিজেপিৰ বিৰুদ্ধেও শ্লোগান দিয়া হৈছিল আৰু নুপুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰা হৈছিল।

প্ৰতিবাদকাৰীসকলে ভাৰতৰ পতাকাৰ অশোক চক্ৰৰ ঠাইত ইছলামিক কলমা লোৱা দেখা গৈছিল। নুপুৰ শৰ্মাই হজৰত মহম্মদক অপমানজনক মন্তব্য কৰাৰ পিছত এই সমাৱেশ অনুষ্ঠিত হয়।

২০২২ চনৰ এটা টুইট আমি দেখা পালোঁ, য’ত প্ৰতিবাদৰ সময়ত একেধৰণৰ পতাকাৰ ফটো দেখা যায়। এই টুইটত নুপুৰ শৰ্মাৰ মন্তব্যৰ পিছত ৯খন ৰাজ্যত হোৱা প্ৰতিবাদ আৰু হিংসাত্মক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হৈছিল।

ইউটিউবত আৰু অধিক কীৱৰ্ড চাৰ্চ কৰি ২০২২ চনত ডি এন এ লাইভ চেনেলত মূল ভিডিঅ’টো আমি পালোঁ। ৩৩.১৫ মিনিটৰ টাইমষ্টেম্পত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভাইৰেল ক্লিপটো চাব পাৰিব। এই ঘটনা তেলেংগানাৰ বুলি জানিব পৰা গৈছে আৰু প্ৰতিবাদকাৰীসকলে পতাকাত অশোক চক্ৰৰ ঠাইত কলমা লগাইছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। এই ভিডিঅ'টো ২০২২ চনৰহে। নুপুৰ শৰ্মাই প্ৰ'ফেট মহম্মদৰ বিষয়ে আপত্তিজনক মন্তব্য কৰাৰ পিছত তেলেংগানাত এই প্ৰতিবাদী সমদল উলিওৱা হৈছিল। এই ভিডিঅ'টোৰ তেলেংগানাৰ শেহতীয়া নিৰ্বাচনৰ সৈতে কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:তেলেংগানাত কংগ্ৰেছ জয়ী হোৱাৰ পিছত ভাৰতৰ পতাকাত সঁচাকৈয়ে অশোক চক্ৰৰ ঠাইত ইছলামিক কলমা ব্যৱহাৰ কৰা হৈছিল নেকি?

Written By: Debanjana Baishya

Result: Misleading