শেহতীয়াকৈ চ'ছিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে য'ত কেইটামান চিতা বাঘ এজন ব্যক্তিৰ সৈতে শুই থকা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ৰাজস্থানৰ ছিৰোহীৰ পিপলেশ্বৰ মহাদেৱৰ মন্দিৰৰ। ইয়াৰ উপৰিও দাবী কৰা হৈছে যে মন্দিৰৰ পুৰোহিতজনে নাহৰফুটুকীৰ পৰিয়ালৰ সৈতে শুই থাকে, যাৰ বাবে চৰকাৰী বন্যপ্ৰাণী বিভাগে এই মুহূৰ্তটো বন্দী কৰিবলৈ চিচিটিভি কেমেৰা স্থাপন কৰিছিল।

ফেচবুকত ভিডিঅ'টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,"ৰাজস্থানৰ ছিৰোহী গাঁৱত পিপলেশ্বৰ মহাদেৱৰ মন্দিৰ ৰাতি নাহৰফুটুকীৰ এটা পৰিয়াল আহি পুৰোহিতৰ ওচৰত শুই থাকে। চৰকাৰী বন্যপ্ৰাণী বিভাগে যেতিয়া এই কথা গম পালে, তেতিয়া তেওঁলোকে তাত চিচিটিভি কেমেৰা লগাই দিলে।চিচিটিভিৰ কেমেৰাত পুৰোহিতৰ লগত নাহৰফুটুকী শুই থকা দৃশ্য আৱদ্ধ হয়।"

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ইউটিউবত কী-ৱৰ্ড চাৰ্চ কৰি ২০১৯ চনৰ ২১ জানুৱাৰীত ডলফ চি ভলকাৰ নামৰ চেনেল এটাই পোষ্ট কৰা ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণটো পালোঁ।ভিডিঅ’টোৰ শিৰোনামত লিখা আছিল এইদৰে,"Do Cheetahs Prefer Cold Hard Concrete Or Warm Blankets Pillow & A Friend? | Three BIG CAT Night"। ভিডিঅ'টোৰ বৰ্ণনাত উল্লেখ কৰা হৈছিল যে ডলফ চি ভলকাৰ এজন পশুপ্ৰেমী।

ভিডিঅ’টোৰ বৰ্ণনা অনুসৰি এই চিতাবোৰ দক্ষিণ আফ্ৰিকাৰ "চিতা এক্সপিৰিয়েন্স" নামৰ চিতা প্ৰজনন কেন্দ্ৰৰ য’ত তেওঁ এই চিতাবোৰৰ কাষত শুই ৰাতিটো কটায়।

আমি পুনৰ অনুসন্ধান কৰি ২০২২ চনৰ ১৭মে'ত এন ডি টিভিত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। তাত উল্লেখ কৰা হৈছিল যে এই ভিডিঅ'টো দক্ষিণ আফ্ৰিকাৰ।

Archived Link

ডলফ চি ভলকাৰৰ সম্পৰ্কে প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

Archived Link 1

Archived Link 2

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভিডিঅ'টো ভাৰতৰ ৰাজস্থানৰ নহয় বৰং দক্ষিণ আফ্ৰিকাৰহে। ২০১৮ চনৰ "দ্য চিতা এক্সপেৰিয়েন্স" নামৰ এক পৰীক্ষাৰ দৃশ্য এয়া।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো ৰাজস্থানৰ নহয় বৰং দক্ষিণ আফ্ৰিকাৰহে।

Fact Check By: Debanjana Baishya

Result: False