১৪ মাৰ্চত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলী মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হৈছিল। সেই ৰেলীত মহা বিকাশ আঘাদীৰ নেতাসকলো আছিল। এই ৰেলীৰ উদ্দেশ্য আছিল সাধাৰণ নাগৰিকে সম্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰা।

ই‌য়াৰ পাছতে চ'ছিয়েল মিডিয়াত এক বিশাল জনসমাগমৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে সেয়া মহাৰাষ্ট্ৰৰ নাচিকত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দৃশ্য।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া ৰাজস্থানৰ কংগ্ৰেছ নেতা শচীন পাইলটৰ এক্স হেণ্ডলত ২০২২ চনৰ ১৬ ডিচেম্বৰত আপলোড কৰা এটা ভিডিঅ' পালোঁ। সেই ভিডিঅ'টো আছিল ভাইৰেল ভিডিঅ'টোৰ সৈতে একেই। ভিডিঅ'টোৰ কেপশ্বনত লিখা আছিল এইদৰে,"As the Bharat Jodo Yatra entered Dausa on its 100th day, the response and participation of the people was overwhelming" (ভাৰত জোড়ো যাত্ৰাৰ ১০০ সংখ্যক দিনত দৌছাত প্ৰৱেশ কৰাৰ লগে লগে ৰাইজৰ সঁহাৰি আৰু অংশগ্ৰহণ আছিল উৎসাহজনক)। উল্লেখযোগ্য যে দোছা হ'ল ৰাজস্থানৰ এখন চহৰ। গতিকে আমি জানিব পাৰিলোঁ যে এই ভিডিঅ'টো শেহতীয়া নহয় আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নহয়।

অধিক সন্ধান কৰি আমি দেখিলোঁ যে একেটা ভিডিঅ’ কংগ্ৰেছৰ এক্স হেণ্ডেলতো ১৬ ডিচেম্বৰ, ২০২২ত আপলোড কৰা হৈছিল।

Archived Link

আমি অনুষ্ঠানটোৰ সৈতে জড়িত বাতৰিৰ প্ৰতিবেদন বিচাৰিলোঁ আৰু ২০২২ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত কেইবাটাও প্ৰতিবেদন পালোঁ।নৱভাৰত টাইমছৰ ভিডিঅ’ প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণগ্ৰেব আছিল। প্ৰতিবেদন অনুসৰি ভাৰত জোড়ো যাত্ৰাৰ ১০০ সংখ্যক দিনত ৰাজস্থানৰ দৌছাত উপস্থিত হোৱাৰ লগতে বিপুল সংখ্যক লোকে ৰাহুল গান্ধীক উষ্ম আদৰণি জনায়।

ইয়াৰ পিছত আমি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ১৪ মাৰ্চত শেহতীয়াকৈ অনুষ্ঠিত হোৱা নাচিক ৰেলীৰ সৈতে জড়িত ভিডিঅ’সমূহ পৰীক্ষা কৰিলোঁ। আমি তেওঁৰ অফিচিয়েল ইউটিউব একাউণ্টত এটা লাইভ ষ্ট্ৰীম পাইছিলোঁ, আৰু তাত বহু সংখ্যক লোক আছিল। কিন্তু আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে কোনো মিল থকা ফ্ৰেম বিচাৰি নাপালোঁ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ ভাইৰেল ভিডিঅ'টোৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। এই ভিডিঅ'টো শেহতীয়াকৈ নাচিকত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ নহয় বৰং ২০২২ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানৰ দৌছাত অনুষ্ঠিত ভাৰত জোড়ো যাত্ৰাৰহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো নাচিকত শেহতীয়াকৈ অনুষ্ঠিত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ৰেলীৰ নহয়।

Fact Check By: Debanjana Baishya

Result: Misleading