শেহতীয়াকৈ চ'চিয়েল মেডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে য'ত দেখা গৈছে এক শ্ৰেণীকোঠা সদৃশ পৰিবেশ আৰু তাত এজন ব্যক্তিয়ে প্ৰত্যেকৰে ওচৰলৈ গৈ প্ৰত্যেকৰে ডিঙিত এক তৰোৱাল সদৃশ অস্ত্ৰেৰে আঘাত কৰাৰ নিচিনা কৰিছে।

ফেচবুকত ভিডিঅ'টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,"ট্ৰেনিং চেণ্টাৰ গল কাটিবলৈ ট্ৰেনিং দি থকা হৈছে । আৰু আমাৰ মূৰ্খ হিন্দু সকলে বাবে অহিংসয় পৰম ধৰ্ম ভাইচাৰা বহুত বুলি ভাবি আছে আহিব লগা বিনাশ কাৰি সময়ৰ বাবে সকলো হিন্দু ভাইকে সাৱধানতা কৰি দিব বিচাৰিছোঁ ।#সাৱধান। #জাগো_হিন্দু জাগো সময় থাকোঁতে মাত নেমাতিলে এদিন আপোনাৰ মোৰ লৰা ছোৱালীয়ে কান্দিব"।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি ফেচবুকত ২০১৯ চনৰ ১মে'ত আপলোড হোৱা এটা ভিডিঅ' পালোঁ। এই ভিডিঅ'টো আপলোড কৰিছিল এজন ইণ্ডোনেছিয়াৰ ব্যৱহাৰকাৰীয়ে।

Archived Link

এই ভিডিঅ'টোৰ কেপশ্বন অসমীয়ালৈ অনুবাদ কৰিলে এনেধৰণৰ হয়," হাবাইব আৰু উলামা ৰক্ষকৰ দেহৰক্ষী হিচাপে
কাম কৰিবলৈ মাদুৰা সাজু। তকবীৰ"।
উল্লেখযোগ্য যে মাদুৰা হ'ল ইণ্ডোনেছিয়াৰ এক দ্বীপ।

ইয়াৰ পিছত এই ভিডিঅ'টো সম্পৰ্কে সঠিক তথ্য বিচাৰি আমি ইণ্ডোনেছিয়াৰ তথ্য পৰীক্ষণ সংস্থা মাফিণ্ড'ৰ(Mafindo) সৈতে যোগাযোগ কৰোঁ। মাফিণ্ড'ৰ সহ প্ৰতিষ্ঠাপক তথা তথ্য পৰীক্ষণ বিশেষজ্ঞ আৰিবৱ' চাস্মিত'ই (Aribowo Sasmito) আমাক কয় যে দেৱালত থকা ল'গ'ৰ ওপৰত ভিত্তি কৰি ক'ব পাৰি যে সেয়া ২০১৯ চনৰ ইণ্ডোনেছিয়াৰ সাধাৰণ নিৰ্বাচনত ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ সমৰ্থকসকলৰ এক কাৰ্যকলাপ। সেই সময়ত তেওঁলোকক প্ৰাৰ্থী নম্বৰ ০২ দিয়া হৈছিল।

সেই একে ঠাইতে কৰা আন এটা ভিডিঅ' আমি পালোঁ।

এই ঠাইখন পূব জাভাৰ জাম্বেৰ চহৰৰ"MABES AL-HASBY PUSAT" বুলি মাফিণ্ড'ই নিশ্চিত কৰে।

ঠাইখন গুগল মেপত তলত চাব পাৰিব।

ভিডিঅ'টোত বাহাছা ভাষাত কথা কোৱা হৈছে বুলিও আৰিবৱ' চাস্মিত'ই আমাক নিশ্চিত কৰে। ভিডিঅ'টোত কোৱা হৈছে এইদৰে,"এতিয়া মই আপোনালোকক পোনপটীয়াকৈ তৰোৱালৰ জৰিয়তে দায়িত্ব দিছো। এয়া কোনো বিচাৰ নহয়, আকৰ্ষণ নহয়, এয়া তেওঁৰ পৰা পোনপটীয়াকৈ দায়িত্ব লোৱা হৈছে - আলহাবদীৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ। আল্লাহৰ ধৰ্মৰ বাবে যুঁজি দেশ ৰক্ষা কৰাৰ বাহিৰে আন কোনো উদ্দেশ্য আৰু নাই। আকৌ এয়া অহংকাৰ নহয়। গতিকে এয়া কোনো পৰীক্ষা নহয় বৰঞ্চ প্ৰত্যক্ষ দায়িত্ব, যাতে ইয়াৰ দ্বাৰা পৃথিৱী আৰু ইয়াৰ ভৱিষ্যতৰ উপকাৰ হয়। মনত ৰাখিব এইটো গৌৰৱৰ বাবে নহয়, বৰঞ্চ হাবাইব আৰু পণ্ডিতৰ দেহৰক্ষী আৰু ৰক্ষাকৰ্তা হিচাপে আমাৰ প্ৰকৃত প্ৰস্তুতিৰ বাবেহে। ধৰ্ম আৰু দেশ ৰক্ষাৰ বাবে একেলগে যুঁজ দিয়ক।"

আৰিবৱ'ই আমাক জনায় যে ভিডিঅ'টোত ব্যক্তিসকলে তেওঁলোকৰ বিশ্বাস অনুসৰি এক 'ৰহস্যময়' শক্তি আহৰণ কৰাৰ চেষ্টা কৰিছে যাতে চোকা অস্ত্ৰেৰে তেওঁলোকক আক্ৰমণ কৰিলেও তেওঁলোকে আঘাত নাপায়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো প্ৰসংগ সংগতিহীন। এই ভিডিঅ'টো পুৰণি আৰু ইণ্ডোনেছিয়াৰ য'ত এজন ব্যক্তিয়ে এদল মানুহক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিলেও আঘাত নোপোৱাৰ 'ৰহস্যময় শক্তি' আহৰণ কৰাৰ প্ৰশিক্ষণ দি আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টোত সঁচাকৈয়ে শিৰচ্ছেদ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে নেকি?

Written By: FactCrescendo Assamese

Result: Missing Context