মুছলমান টুপী পৰিহিত কিছু লোকে এখন পকী তোৰণ হাতুৰীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰা এটা ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে বাংলাদেশত এইদৰে মুছলমানে হিন্দুৰ মন্দিৰ ভাঙিছে। ফেচবুকত ভিডিঅ'টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, "বাংলাদেশত এফালৰ পৰা জ্বলাই বা ভাঙি দিয়া হৈছে হিন্দুৰ মন্দিৰ।হিংসাত্মক প্ৰতিবাদৰ মাজতে চলিছে হিন্দুৰ ওপৰত অত্যাচাৰ"।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ'টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২২ চনৰ ১৮ অক্টোবৰত ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদনত ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা এখন ফটো পালোঁ। প্ৰতিবেদন অনুসৰি এই ভাইৰেল ভিডিঅ'টো ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰৰ য'ত মছজিদ বনাবলৈ দৰগাহ এটা এইদৰে ভাঙিবলৈ চেষ্টা কৰা হৈছিল। স্থানীয় লোকে ইয়াৰ প্ৰতিবাদ কৰাত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰপাছত দৰগাহটো ভঙা বন্ধ কৰা হৈছিল।

Archived Link

লালাপেট আৰক্ষী পৰিদৰ্শকৰ উদ্ধৃতি দি ইণ্ডিয়া টুডেৰ প্ৰতিবেদনত লিখা আছিল যে “বিগত ৪০ বছৰ ধৰি অঞ্চলটোত বাস কৰা এ এছ ৰত্নম ওৰফে ৰহমানে বাজী বাবা দৰগাহ স্থাপন কৰিছিল। ১৫ বছৰ পূৰ্বে একেখিনি মাটিতে তেওঁ পত্নীৰ বাবে সমাধি স্থাপন কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত তাত মছজিদ নিৰ্মাণ কৰিবলৈ জীয়েক আৰু ওচৰ-চুবুৰীয়াক তেওঁ কৈছিল।

২০২০ চনত ক'ভিডৰ বাবে তেওঁৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে আইনী উত্তৰাধিকাৰী কন্যাই মছজিদ নিৰ্মাণৰ বাবে মাটিখিনি দান কৰে। কিন্তু চুবুৰীটোৰ চাৰি-পাঁচটা পৰিয়ালে দাবী কৰে যে ইয়াক দৰগাহ হৈ থাকিব দিব লাগিব"।

পৰিদৰ্শকগৰাকীয়ে লগতে কয়, ‘আমি কোনো অভিযোগ পোৱা নাই, কিন্তু মৃদু উত্তেজনাৰ বাবে আমি কামটো বন্ধ ৰাখিবলৈ আৰ ডি অ’লৈ লিখিছো আৰু লগতে মানুহক প্ৰৱেশ নকৰিবলৈ অনুৰোধ জনাইছো। তোৰণখনত নাগ আৰ্হিৰ লগতে চন্দ্ৰ আৰু তৰা এটাও আছিল যিয়ে এটা দৰগাহক প্ৰতিনিধিত্ব কৰিছিল। কিন্তু অভিযোগ দাখিল নোহোৱাত এতিয়ালৈকে কোনো গোচৰ ৰুজু হোৱা নাই। পৰিস্থিতি শান্তিপূৰ্ণ।”

এই সম্পৰ্কে লাইভ হিন্দুস্তান ৱেবছাইটতো ২০২২ চনৰ ১৮ অক্টোবৰত প্ৰকাশিত এক প্ৰতিবেদন আমি পালোঁ। প্ৰতিবেদন অনুসৰি অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰত এটা ৪০ বছৰ পুৰণি দৰগাহ ভাঙি মছজিদ বনোৱাৰ পৰিকল্পনা কৰা বাবে উত্তেজনাৰ সৃষ্টি হৈছিল। প্ৰতিবেদনত ভাইৰেল ভিডিঅ'টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা এখন ফটো সংলগ্ন কৰা হৈছিল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link

এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব। Archived Link

গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ'টোত থকা তোৰণখন মন্দিৰৰ নহয় বৰং এটা দৰগাহৰহে। উল্লেখযোগ্য যে দৰগাহ হৈছে চুফী সাধু বা কোনো পূজনীয় ধৰ্মীয় ব্যক্তিৰ কবৰৰ ওপৰত নিৰ্মিত উপাসনাস্থলী। এইখিনিতে মন কৰিবলগীয়া যে চুফীবাদ হৈছে ইছলামৰ ধৰ্মৰ এক ধৰ্মীয় অনুশীলন য'ত ইছলামিক শুদ্ধিকৰণ, আধ্যাত্মিকতা, আচাৰ-অনুষ্ঠান আৰু তপস্যাৰ ওপৰত গুৰুত্ব দিয়া হয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে দাবীটো মিছা। ভাইৰেল ভিডিঅ'টো পুৰণি আৰু বাংলাদেশৰ নহয় বৰং ভাৰতৰ অন্ধ্ৰ প্ৰদেশৰ গুণ্টুৰৰহে। তদুপৰি এই ভিডিঅ'টোত দেখুওৱা তোৰণখন মন্দিৰৰ নহয় এটা দৰগাহৰহে যিটো মুছলমান লোকেই ভাঙি এটা মছজিদ বনোৱাৰ পৰিকল্পনা কৰিছিল।

Avatar

Title:মুছলমান টুপী পৰিহিত লোকে এখন তোৰণ হাতুৰীৰে কোবাই ভাঙিবলৈ চেষ্টা কৰা এই ভিডিঅ'টো বাংলাদেশৰ নহয়। তদুপৰি ইয়াত কোনো সাম্প্ৰদায়িক দিশ নাই।

Fact Check By: Debanjana Baishya

Result: False