
অলপতে আমাৰ হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। অসংখ্য লোকৰ ভিৰ দেখা যোৱা এই ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰি সেয়া কৃষক আন্দোলনৰ দৃশ্য হয় নেকি বুলি প্ৰশ্ন কৰা হৈছিল।
একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”অন্নদাতা আজি ৰাজপথত”।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া ইউটিউবত Traveller Sachin নামৰ চেনেল এটাৰ পৰা ২০২৩ চনৰ ১৮ ফেব্ৰুৱাৰীত আপলোড কৰা এটা শ্বৰ্টছ (Shorts) পালোঁ। সেয়া আছিল ভাইৰেল ভিডিঅ’টোৰ সৈতে সাইলাখ একেই।
https://www.youtube.com/shorts/5Eb0LZoyA4Q
ভিডিঅ’টোৰ কমেণ্ট অংশত প্ৰায়ভাগ ব্যৱহাৰকাৰীয়ে “নাৰায়ণ সাকাৰ হৰি” এই নামটো উল্লেখ কৰি কমেণ্ট কৰা আমি দেখিলোঁ। তদুপৰি ভিডিঅ’টোত narayansakarhari এই হেশ্বটেগ ব্যৱহাৰ কৰা হৈছিল।

ইউটিউব চেনেলটো আমি ভালদৰে চাই তাত ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ৯ তাৰিখে আপলোড কৰা এটা ভিডিঅ’ আমি পালোঁ।
https://www.youtube.com/watch?v=8XgQHqjqhbk
ভিডিঅ’টোৰ কিছুমান দৃশ্যৰ ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল আছিল। তলত দুয়োটা ভিডিঅ’ৰ স্ক্ৰীণশ্বটৰ মাজৰ তুলনা চাব পাৰিব।


ইউটিউবত থকা ভিডিঅ’টোত সেয়া নাৰায়ণ সাকাৰ হৰিজীৰ কনভয় আৰু বিৱৰণত ‘টুণ্ডলা’ বুলি উল্লেখ কৰা হৈছিল। উল্লেখযোগ্য যে টুণ্ডলা হ’ল উত্তৰ প্ৰদেশৰ এখন চহৰ।
যিহেতু ভিডিঅ’টো ২০২৩ চনৰ পৰাই ইউটিউবত আছে, গতিকে ইয়াৰপৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো শেহতীয়া নহয় আৰু কৃষক আন্দোলনৰ সৈতে সম্পৰ্কিত নহয়।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ ভাইৰেল দাবীটো মিছা। এই ভিডিঅ’টো পুৰণি আৰু উত্তৰ প্ৰদেশৰ এখন চহৰৰ। ইয়াৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
