হাৰিয়ানাৰ নুহত হোৱা হিংসাত্মক পৰিস্থিতিৰ মাজতে সংঘৰ্ষকাৰীক দমন কৰিবলৈ প্ৰশাসনে বুলডজাৰ ব্যৱহাৰ কৰাৰ লগতে প্ৰায় ৭৫৩টা নিৰ্মাণকাৰ্য ভাঙি পেলায়। কিন্তু সোমবাৰে উচ্চ ন্যায়ালয়ে হাৰিয়ানা চৰকাৰক ধমক দি বুলডজাৰ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়ে। ইফালে এখন ছবি শ্বেয়াৰ কৰি নুহত হোৱা বেদখলৰ কথা কৈ ভাইৰেল কৰা হৈছে।

ছবিখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে – अगली शोभायात्रा के लिए पत्थरो का इंतजाम करते खट्टर साहब.. सबका साथ सबका विकास। देर से ही सही , आया तो बाबाजी का buldozer ही काम ? (খট্টৰ চাহাবে পৰৱৰ্তী শোভাযাত্ৰাৰ বাবে শিলৰ ব্যৱস্থা কৰি আছে.. সবকা সাথ সবকা বিকাশ। বহু দেৰি হৈছে যদিও, বাবাজীৰ বুলডজাৰ কামত আহিল ন?‌)।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি সবৰংগ ইণ্ডিয়া পেজত ভাইৰেল ফটোখন পালোঁ। ২০২২ চনৰ জুন মাহত প্ৰকাশিত খবৰৰ লগত ফটোখন সংলগ্ন হৈ আছিল। গতিকে ফটোখন যে শেহতীয়া নহয় সেয়া স্পষ্ট হৈ পৰিল।

পুনৰ অনুসন্ধানত আমি ইকনমিক টাইমছত ভাইৰেল ফটোখন পাইছিলোঁ। ২০২২ চনৰ ৪ জুনত প্ৰকাশিত এই খবৰ অনুসৰি কানপুৰ হিংসাৰ অভিযুক্তৰ অবৈধ সম্পত্তি ভাঙি পেলোৱা হ’ব।

তদুপৰি ভাইৰেল ফটোখন বিভিন্ন সময়ত বিভিন্ন বাতৰিত প্ৰকাশ পাইছে। ফটোখন ইয়াত, ইয়াত আৰু ইয়াতো চাব পাৰিব।

হাৰিয়ানাত বুলডজাৰত ব্ৰেক

৩১ জুলাইত হাৰিয়ানাৰ নুহত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত চৰকাৰে অবৈধ নিৰ্মাণৰ ওপৰত ধাৰাবাহিকভাৱে বুলডজাৰ চলাই আছে যদিও এতিয়া পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এই কাৰ্য বন্ধ কৰা হৈছে। দৰাচলতে নুহত নিৰন্তৰ হিংসাৰ লগত জড়িত অভিযুক্তৰ অট্টালিকা আৰু দোকানবোৰ চৰকাৰে ভাঙি পেলাইছিল। এতিয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি ভাঙি পেলোৱা অভিযান বন্ধ কৰি দিয়া হৈছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখনৰ নুহৰ শেহতীয়া হিংসাত্মক ঘটনাৰ লগত কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখনৰ নুহৰ শেহতীয়া হিংসাত্মক ঘটনাৰ লগত সম্পৰ্ক নাই।

Written By: Debanjana Baishya

Result: False